এদশকৰো অধিক সময় দেশৰ সৰ্বোচ্চ পদত অধিষ্ঠিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী এতিয়া অৱসৰ সন্দৰ্ভত ক্ৰমাৎ চৰ্চাৰ বিষয় হৈ পৰিছে। ৭৪ বছৰ বয়সত মোডীৰ ভৱিষ্যৎ পৰিকল্পনাক লৈ জল্পনা-কল্পনা তীব্ৰতৰ হৈ পৰিছে।
মোডীক লৈ ভৱিষ্যদ্বাণী কৰিছে বহুতো জ্যোতিষীয়ে । জ্যোতিষীৰ মতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লৌকিক জীৱন ত্যাগ কৰি আশ্ৰমত আধ্যাত্মিক ব্ৰত লোৱাৰ পূৰ্বে প্ৰায় ডেৰ বছৰলৈকে নিজৰ ভূমিকাত থাকিব। লগতে কৈছে যে পাকিস্তান, বাংলাদেশ, আৰু চীনে একেলগে ভাৰতৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰি ভাৰতৰ বাবে এক উল্লেখযোগ্য নিৰাপত্তাজনিত ভাবুকি কঢ়িয়াই আনিছে। যাৰ বাবে সমাধান কেৱল মোদীয়েহে কৰিব পাৰিব।
মোদীৰ উত্তৰাধিকাৰী কোন হ’ব ?
ৰাজনৈতিক মহলৰ মাজত বহু কেইজন ৰাজনৈতিক নেতাৰ নাম চৰ্চাত আছে। উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহকে ধৰি প্ৰধানমন্ত্ৰী মোডীৰ সম্ভাৱ্য উত্তৰাধিকাৰীৰ নাম ব্যাপক চৰ্চা হৈছে। প্ৰধানমন্ত্ৰীৰ ভূমিকাৰ প্ৰাৰ্থী হিচাপে আত্মপ্ৰকাশ কৰা আন এটা উল্লেখযোগ্য নাম হৈছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।
অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দ্ৰুতগতিত বিজেপিৰ ভিতৰত এক শক্তিশালী স্থান প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে। কেৱল উত্তৰ-পূর্বাঞ্চলতেই নহয়, সমগ্র ভাৰতৰ আন ৰাজ্যত বিজেপিৰ বাবে কৌশল ৰচনাতো তেঁও প্রভাৱশালী ভূমিকা পালন কৰে৷