কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কয় যে ২০২৬ চনত বংগত বিজেপি চৰকাৰ গঠন হ’ব । বিপুল সংখ্যাগৰিষ্ঠতাৰে বংগত বিজেপি চৰকাৰ গঠন হ’ব আৰু বংগক ‘সোণাৰ বাংলা’ কৰা হ’ব । তেওঁ কয় যে কমিউনিষ্ট আৰু মমতাৰ আতংকৰ পৰা বংগ মুক্ত হ’ব লাগিব । ইয়াৰ বাবে বিজেপি চৰকাৰ গঠন কৰিব লাগিব । ইয়াৰ লগতে তেওঁ কয় যে মহাৰাষ্ট্ৰ আৰু ঝাৰখণ্ডতো বিজেপি চৰকাৰ গঠন হ’ব । লগতে কেন্দ্ৰত তৃতীয়বাৰৰ বাবে মোদী চৰকাৰ আৰু হাৰিয়ানাত তৃতীয়বাৰৰ বাবে বিজেপি চৰকাৰ গঠন হোৱা বুলি মন্তব্য কৰে তেওঁ ।
তেওঁ কয় যে বিজেপিয়ে বংগত কিছু কম আসন পাইছিল । ‘আমি সেই দল যিয়ে দেশৰ বাবে কাম কৰে, ভতিজাকক মুখ্যমন্ত্ৰী কৰিবলৈ নহয় । আমাৰ উদ্দেশ্য হৈছে বংগক বিজেপিৰ দুৰ্গ হিচাপে গঢ়ি তোলা ।‘
তেওঁ তৃণমূলক উদ্দেশ্যি কয় যে ‘বংগৰ ফলাফল দেখি সুখী হ’ব পাৰে, কিন্তু যেতিয়া আপুনি নিৰ্বাচনত নামিব, আপুনি আমাক বাধা দিব নোৱাৰিব । ২০২৬ চনত, বিজেপিয়ে ইয়াত চৰকাৰ গঠন কৰিব ।‘
অমিত শ্বাহে কয় যে সকলো ৰাজনৈতিক দল জাতিৰ ভিত্তিত চলি থাকে, কিন্তু বিজেপি একমাত্ৰ দল যাৰ সাধাৰণ কৰ্মীও প্ৰধানমন্ত্ৰী হ’ব পাৰে ।
তেওঁ কয় যে যেতিয়া কোনো বিজেপিৰ সদস্য হয় তেতিয়া তেওঁ এই দেশখনক মহান কৰি দেশক সুৰক্ষা দিয়াৰ সংকল্প লৈ নিজকে উৎসৰ্গা কৰে । কোটি কোটি মানুহৰ কল্যাণৰ লগত নিজকে জড়িত কৰে । ভাৰত মাতাক বিশ্বগুৰু কৰাৰ প্ৰতিশ্ৰুতি লয় ।
তেওঁ কয় যে ‘মই বংগৰ জনসাধাৰণ আৰু যুৱক-যুৱতীসকলক ক’বলৈ আহিছো যে তেওঁলোকে ভাৰতীয় জনতা পাৰ্টিৰ সদস্য হৈ সোণাৰ বাংলা নিৰ্মাণৰ প্ৰক্ৰিয়াত লিপ্ত হওক । যদি বংগত বিজেপিত যোগদান কৰে, তেন্তে বংগক কমিউনিষ্ট আৰু মমতা দিদিৰ সন্ত্ৰাসৰ পৰা মুক্ত কৰাৰ যজ্ঞত জৰিত হ’ব ।‘
গৃহমন্ত্ৰী শ্বাহে লগতে কয় যে সন্দেশখালী, আৰ জি কৰৰ ঘটনাই প্ৰমাণ কৰে যে বংগত আমাৰ মাতৃ, ভগ্নীসকল নিৰাপদ নহয় । বংগত ৰাজ্যৰ পৃষ্ঠপোষকতাত হোৱা অনুপ্ৰৱেশ, দুৰ্নীতি বন্ধ কৰাৰ একমাত্ৰ উপায় হ’ল ২০২৬ চনত চৰকাৰ গঠনৰ বাবে বিজেপি নিৰ্বাচন কৰা ।‘
ৰাষ্ট্ৰ সমৰ্থিত অনুপ্ৰৱেশ বন্ধ কৰিব লগা হ’লে ২০২৬ চনত ভাৰতীয় জনতা পাৰ্টি চৰকাৰ গঠন কৰিব লাগিব বুলিও তেওঁ কয় । বংগত ৰবীন্দ্ৰ সংগীতৰ সলনি বোমা বিস্ফোৰণৰ শব্দ শুনা যায়, গতিকে ইয়াক ৰোধ কৰাৰ একমাত্ৰ উপায় হ’ল বংগত বিজেপি চৰকাৰ গঠন কৰা বুলি উল্লেখ কৰে তেওঁ ।
তেওঁ কয় যে যি ৰাজনীতি মমতা দিদীয়ে আৰম্ভ কৰিছে, ২০২৬ চনত ইয়াৰ অন্ত পৰিব । তেওঁ কয় যে MNREGAৰ ধন দুখীয়াৰ ওচৰলৈ নাহিল । ছিণ্ডিকেটৰ হাতত পৰিল । যদি বিজেপি চৰকাৰ গঠন হয় তেন্তে এই টকাৰ প্ৰতিটো পইচা ৰাইজৰ হাতলৈ যাব ।
তেওঁ কয় যে ‘বংগত এক কোটি সদস্যপদ মানে বংগত বিস্ফোৰণ বন্ধ কৰা, দুৰ্নীতি বন্ধ কৰা । আমি যদি সোণাৰ বাংলা বনাব বিচাৰো তেন্তে আমাৰ হাতত এটাই বিকল্প আছে, সেই বিকল্পটো মাথোঁ ভাৰতীয় জনতা পাৰ্টি ।‘