মুখ্যমন্ত্ৰী হিচাপে শপত ল’লে ড০ হিমন্ত বিশ্ব শৰ্মাইঃ নতুন চৰকাৰক শুভেচ্ছা কেন্দ্ৰীয় মন্ত্ৰীসকলৰ

এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে ড° হিমন্ত বিশ্ব শৰ্মাই একেৰাহে দ্বিতীয়বাৰৰ বাবে শপত গ্ৰহণ কৰে

অসমৰ ৰাজনৈতিক ইতিহাসত এক নতুন অধ্যায়ৰ সূচনা কৰি আজি গুৱাহাটীত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে ড° হিমন্ত বিশ্ব শৰ্মাই একেৰাহে দ্বিতীয়বাৰৰ বাবে (আৰু এন ডি এ মিত্ৰজোঁটৰ তৃতীয়বাৰৰ বাবে) শপত গ্ৰহণ কৰে । ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই তেওঁক পদ আৰু গোপনীয়তাৰ শপত বাক্য পাঠ কৰোৱায় । এই হাই-প্ৰফাইল অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগতে কেইবাজনো কেন্দ্ৰীয় মন্ত্ৰী আৰু এন ডি এ মিত্ৰজোঁটৰ শীৰ্ষ নেতাসকল উপস্থিত থাকে ।

নতুন মন্ত্ৰীসভাৰ গঠন-

মুখ্যমন্ত্ৰী ড০ শৰ্মাৰ লগতে আজি কেইবাগৰাকীও জ্যেষ্ঠ নেতাই মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে । ইয়াৰ ভিতৰত আছে :

বিজেপি: ৰামেশ্বৰ তেলী আৰু অজন্তা নেওগ

অগপ: সভাপতি অতুল বৰা ।

বিপিএফ: চৰণ বড়ো ।

কেন্দ্ৰীয় মন্ত্ৰীসকলৰ শুভেচ্ছা আৰু প্ৰতিশ্ৰুতি-

চৰকাৰ গঠনৰ লগে লগে কেন্দ্ৰীয় মন্ত্ৰীসকলে অসমৰ ভৱিষ্যত উন্নয়নৰ বাবে আশাবাদী মন্তব্য প্ৰকাশ কৰে ।

জে পি নড্ডা: কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে ‘ডাবল ইঞ্জিন’ চৰকাৰৰ সফলতাৰ কথা উল্লেখ কৰি কয় যে এই চৰকাৰে “বিকশিত অসম” আৰু “বিকশিত ভাৰত”ৰ লক্ষ্যত উপনীত হ’বলৈ নিৰন্তৰ কাম কৰি যাব ।

নিতীন গাডকাৰী: কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী গাডকাৰীয়ে এক ডাঙৰ ঘোষণা কৰি কয় যে অসমত বৰ্তমান ২ লাখ কোটি টকাৰ আন্তঃগাঁথনি প্ৰকল্পৰ কাম চলি আছে । তেওঁ এই কাৰ্যকালক অসমৰ বাবে এক “নতুন অধ্যায়” বুলি অভিহিত কৰে ।

সৰ্বানন্দ সোণোৱাল: কেন্দ্ৰীয় মন্ত্ৰী তথা প্ৰাক্তন মুখ্যমন্ত্ৰী সোণোৱালে এই দিনটোক ঐতিহাসিক আখ্যা দি থলুৱা লোকৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ প্ৰতিশ্ৰুতি দোহাৰে ।

চিৰাগ পাছোৱান: কেন্দ্ৰীয় মন্ত্ৰী পাছোৱানে অসমৰ ৰাইজে সুশাসন আৰু উন্নয়নৰ পক্ষত দিয়া ৰায়ৰ শলাগ লয় ।

মুখ্যমন্ত্ৰীৰ কৃতজ্ঞতা-

শপত গ্ৰহণৰ অন্তত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অনুষ্ঠানত উপস্থিত থকা সকলো গণ্য-মান্য ব্যক্তিক ধন্যবাদ জ্ঞাপন কৰে । তেওঁ কয় যে এন ডি এৰ সকলো সতীৰ্থৰ উপস্থিতি আৰু একতাৰ বাবেই অসমত উন্নয়নৰ ধাৰা অব্যাহত আছে । তেওঁ অনাগত দিনত সকলোৰে সহযোগিতাৰে এখন সমৃদ্ধিশালী অসম গঢ়াৰ সংকল্প গ্ৰহণ কৰে ।

লগতে পঢ়ক : অসমৰ বাবে এক মহান দিন: দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপত লোৱা হিমন্ত বিশ্ব শৰ্মাক প্ৰধানমন্ত্ৰী মোদীৰ অভিনন্দন

হিমন্ত চৰকাৰ ২.০ : শপত গ্ৰহণৰ পূৰ্বে মা কামাখ্যা আৰু শংকৰদেৱৰ আশীৰ্বাদ বিচাৰিলে মুখ্যমন্ত্ৰীয়ে

ইতিহাস ৰচনা কৰি একেৰাহে দ্বিতীয়টো কাৰ্যকালৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিবলৈ সাজু হৈছে ড° হিমন্ত বিশ্ব শৰ্মা

অসমত এক নতুন ৰাজনৈতিক ইতিহাস ৰচনা কৰি একেৰাহে দ্বিতীয়টো কাৰ্যকালৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিবলৈ সাজু হৈছে ড° হিমন্ত বিশ্ব শৰ্মা । আজি এই গুৰুত্বপূৰ্ণ দিনটোৰ আৰম্ভণিতে মুখ্যমন্ত্ৰীগৰাকীয়ে নীলাচল পাহাৰৰ শক্তিপীঠ মা কামাখ্যা দেৱালয় আৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ চৰণত সেৱা জনাই আশীৰ্বাদ গ্ৰহণ কৰে ।

ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সৰ জৰিয়তে এক বাৰ্তা প্ৰেৰণ কৰি ড০ শৰ্মাই কয়, “মা কামাখ্যা আৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আশীৰ্বাদে অসমৰ প্ৰতিজন ব্যক্তিৰ জীৱন আলোকিত কৰক । তেওঁলোকৰ আশীৰ্বাদেৰে আগন্তুক দিনবোৰত অসমে শান্তি, প্ৰগতি আৰু উন্নয়নৰ নতুন শিখৰত আৰোহণ কৰিব ।”

গুৱাহাটীৰ খানাপাৰাস্থিত পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত আজিৰ এই ভব্য শপত গ্ৰহণ অনুষ্ঠানৰ বাবে ব্যাপক প্ৰস্তুতি সম্পূৰ্ণ কৰা হৈছে । এই অনুষ্ঠানত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, প্ৰতিৰক্ষামন্ত্ৰী ৰাজনাথ সিং আৰু কেইবাখনো ৰাজ্যৰ মুখ্যমন্ত্ৰী উপস্থিত থাকিব বুলি জানিব পৰা গৈছে ।

নতুন কেবিনেটৰ মুখ : মুখ্যমন্ত্ৰী শৰ্মাই ইতিমধ্যে তেওঁৰ নতুন কেবিনেটত অন্তৰ্ভুক্ত হ’বলগীয়া চাৰিজন মন্ত্ৰীৰ নাম ঘোষণা কৰিছে । তেওঁলোক হ’ল ক্ৰমে—

-ৰামেশ্বৰ তেলী

-অতুল বৰা

-চৰণ বড়ো

-অজন্তা নেওগ

ইয়াৰ উপৰি, বিজেপিৰ জ্যেষ্ঠ নেতা ৰঞ্জিত কুমাৰ দাসক অসম বিধানসভাৰ নতুন অধ্যক্ষ হিচাপে এন ডি এৰ তৰফৰ পৰা মনোনীত কৰা হৈছে ।

মনোনীত মুখ্যমন্ত্ৰীগৰাকীয়ে নতুন কেবিনেট সতীৰ্থসকলক অভিনন্দন জনাই কয় যে এই নতুন দলে এক শক্তিশালী আৰু বিকশিত অসম গঢ়িবলৈ সম্পূৰ্ণ নিষ্ঠাৰে কাম কৰি যাব । আজি বিয়লিৰ ভাগত অনুষ্ঠিত হ’বলগীয়া এই শপত গ্ৰহণ অনুষ্ঠানলৈ এতিয়া সমগ্ৰ ৰাজ্যবাসীয়ে আগ্ৰহেৰে অপেক্ষা কৰিছে ।

লগতে পঢ়ক : দিছপুৰত তৃতীয়বাৰৰ বাবে বিজেপি-এনডিএৰ বিজয় যাত্ৰা: শপত গ্ৰহণ অনুষ্ঠানত অংশ ল’বলৈ গুৱাহাটীত উপস্থিত প্ৰধানমন্ত্ৰী মোদী

কাইলৈ নতুন চৰকাৰৰ শপত গ্ৰহণ: খানাপাৰাত প্ৰস্তুতিৰ বুজ ল’লে হিমন্ত বিশ্ব শৰ্মাই, উপস্থিত থাকিব প্ৰধানমন্ত্ৰী

ভৱিষ্যৎ পৰিকল্পনাৰ কথা উল্লেখ কৰি ড০ শৰ্মাই কয় যে শপত গ্ৰহণৰ ঠিক পিছতেই নতুন চৰকাৰৰ প্ৰথমখন কেবিনেট বৈঠক অনুষ্ঠিত হ’ব

অসমত দ্বিতীয়টো কাৰ্যকালৰ বাবে সাজু হৈছে বিজেপি নেতৃত্বাধীন এনডিএ চৰকাৰ । কাইলৈ অৰ্থাৎ ১২ মে’ত গুৱাহাটীৰ খানাপাৰাস্থিত পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হ’বলগীয়া এই ভব্য শপত গ্ৰহণ অনুষ্ঠানৰ প্ৰস্তুতিৰ বুজ লবলৈ আজি নিজেই খেলপথাৰত উপস্থিত হয় মনোনীত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ।

পৰিদৰ্শন কালত সংবাদ মাধ্যমৰ আগত শৰ্মাই জানিবলৈ দিয়ে যে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নিশাই গুৱাহাটীত উপস্থিত হ’ব আৰু কাইলৈৰ ঐতিহাসিক অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব । তেওঁ কয়, “প্ৰধানমন্ত্ৰীগৰাকী আজিনিশা গুৱাহাটীত উপস্থিত হ’ব । কাইলৈ পুৱা ১১ বজাত অসমৰ নতুন চৰকাৰে শপত গ্ৰহণ কৰিব ।”

কেৱল প্ৰধানমন্ত্ৰীয়েই নহয়, এই অনুষ্ঠানত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, প্ৰতিৰক্ষামন্ত্ৰী ৰাজনাথ সিং, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনৰ লগতে এনডিএ শাসিত বিভিন্ন ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলো উপস্থিত থাকিব । ৰাজ্যৰ চুকে-কোণে থকা বুথ পৰ্যায়ৰ বিজেপি কৰ্যকৰ্তাৰ লগতে হাজাৰ হাজাৰ দলীয় সমৰ্থকে এই সমাৱেশত অংশ ল’ব বুলি আশা কৰা হৈছে ।

ভৱিষ্যৎ পৰিকল্পনাৰ কথা উল্লেখ কৰি ড০ শৰ্মাই কয় যে শপত গ্ৰহণৰ ঠিক পিছতেই নতুন চৰকাৰৰ প্ৰথমখন কেবিনেট বৈঠক অনুষ্ঠিত হ’ব । বিজেপিৰ নিৰ্বাচনী ইস্তাহাৰত দিয়া প্ৰতিশ্ৰুতিসমূহ আখৰে আখৰে পালন কৰাটোৱেই চৰকাৰৰ প্ৰাথমিক লক্ষ্য হ’ব বুলিও তেওঁ দৃঢ়তাৰে উল্লেখ কৰে ।

উল্লেখ্য যে, উত্তৰ-পূৰ্বাঞ্চলৰ লগতে দেশৰ বিভিন্ন প্ৰান্তৰ জ্যেষ্ঠ ৰাজনৈতিক নেতা আৰু বিশিষ্ট ব্যক্তিসকলৰ আগমনক লৈ খানাপাৰাৰ খেলপথাৰত নিৰাপত্তা ব্যৱস্থা অভূতপূৰ্বভাৱে কটকটীয়া কৰি তোলা হৈছে । বৰ্তমান যুদ্ধকালীন ক্ষিপ্ৰতাৰে চলিছে মঞ্চ সজ্জাৰ কাম ।

লগতে পঢ়ক : হিমন্ত বিশ্ব শৰ্মাৰ দ্বিতীয় ইনিংছ: কাইলৈ খানাপাৰাত ল’ব শপত, লক্ষ্য নিৰ্বাচনী ইস্তাহাৰৰ পূৰ্ণ ৰূপায়ণ

 মুখ্যমন্ত্ৰী ড০ হিমন্ত শৰ্মাই আজি দাখিল কৰিব পদত্যাগ পত্ৰ   

আজি অসমৰ ৰাজ্যপালক সাক্ষাৎ কৰি পদত্যাগ পত্ৰ দাখিল কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই।

অসম বিধানসভা নিৰ্বাচনত বিজেপিৰ বিপুল বিজয়ৰ পিছত ৰাজ্যখনত নতুন বিজেপি নেতৃত্বাধীন চৰকাৰ গঠনৰ পথ প্ৰশস্ত কৰি বুধবাৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যক সাক্ষাৎ কৰি পদত্যাগ পত্ৰ দাখিল কৰিব।দিনৰ ১১:৩০ বজাত ৰাজ্যপালৰ বাসভৱনলৈ গৈ ড০ হিমন্ত বিশ্ব শৰ্মাই পদত্যাগ পত্ৰ দাখিল কৰিব।১০ মে’ত পুনৰ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীৰূপে শপত গ্ৰহণ কৰাৰ সম্ভাৱনা আছে।  

 বিজয়ৰ পিছত সাংবাদিকৰ সৈতে বাৰ্তালাপ কৰি মুখ্যমন্ত্ৰী শৰ্মাই কয় যে বিজেপি কেন্দ্ৰীয় নেতৃত্বই বিজেপি বিধায়িনী দলৰ নেতা নিৰ্বাচনৰ বাবে দলৰ জ্যেষ্ঠ নেতাসকলক পৰ্যবেক্ষক হিচাপে নিযুক্তি দিছে। তেওঁ লগতে কয় যে নৱনিৰ্বাচিত বিধায়কসকলৰ বৈঠকৰ সময়সূচী সন্দৰ্ভত তেওঁ অতি সোনকালেই জে.পি. নাড্ডাৰ সৈতে কথা পাতিব।তেওঁ লগতে কয় “পৰ্যবেক্ষকসকলে আমাক বিধায়কসকলৰ বৈঠক আহ্বান কৰিবলৈ কোৱাৰ লগে লগে আমি সেইটো কৰিম। তাৰ পিছতহে শপত গ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ হ’ব,” ।

শৰ্মাই লগতে উল্লেখ কৰে যে নিৰ্বাচন আয়োগে চৰকাৰীভাৱে চূড়ান্ত ফলাফল ঘোষণা কৰাৰ পিছত, তেওঁ আনুষ্ঠানিকভাৱে ৰাজ্যপালৰ ওচৰত পদত্যাগ পত্ৰ দাখিল কৰিব যাতে নতুন চৰকাৰ গঠনৰ সাংবিধানিক প্ৰক্ৰিয়াটো সুচাৰুৰূপে আগবাঢ়ি যায়।

লগতে পঢ়ক: “মোৰ প্ৰথম ভৱিষ্যদ্বাণী সঁচা হ’ল”: দেৱব্ৰত শইকীয়াৰ পৰাজয়ক লৈ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিক্ৰিয়া

‘বিজেপি আৰু নিৰ্বাচনী আয়োগে জুইৰ সৈতে খেলি আছে’; খঙত অগ্নিশৰ্মা মমতা বেনাৰ্জী

বংগৰ মালদাত সংঘটিত হোৱা কাণ্ডক লৈ উচ্চতম ন্যায়ালয়ৰ তিৰস্কাৰৰ পিছতে মমতা বেনাৰ্জীয়ে বিজেপি আৰু নিৰ্বাচন আয়োগৰ ওপৰত কেইবাটাও অভিযোগ উত্থাপন কৰে।

পশ্চিমবংগৰ মুৰ্ছিদাবাদত এক সমাৱেশৰ সময়ত মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে শেহতীয়াকৈ মালদাত সংঘটিত ঘটনাক লৈ কেন্দ্ৰীয় চৰকাৰ আৰু বিজেপিৰ ওপৰত তীব্ৰ আক্ৰমণ চলায়।ৰাজ্যৰ পৰিস্থিতি অৱনতি ঘটাৰ আঁৰত সু-পৰিকল্পিত ষড়যন্ত্ৰ আছে বুলি তেওঁ অভিযোগ উত্থাপন কৰে।

মমতা বেনাৰ্জীয়ে কয় যে, বিজেপি আৰু নিৰ্বাচনী আয়োগে জুইৰ সৈতে খেলি আছে আৰু মালদাৰ কাণ্ডটো সেই “লেতেৰা ষড়যন্ত্ৰ”ৰ ফল। এক বিচ্ছিন্ন ঘটনাৰ জৰিয়তে সমগ্ৰ বংগৰ ভাবমূৰ্তি কলংকিত কৰাৰ চেষ্টা কৰা হৈছে।

তেওঁ অভিযোগ উত্থাপন কৰিছে যে, যিসকল অভিজ্ঞ বিষয়া আৰু জ্যেষ্ঠ আৰক্ষী বিষয়া বংগৰ প্ৰতিটো পৰিস্থিতিৰ লগত পৰিচিত আছিল সেইসলক বদলি কৰা হৈছে। তেওঁলোকৰ ঠাইত কেন্দ্ৰীয় বিষয়াক মোতায়েন কৰা হৈছে,যিসকলৰ ৰাজ্যৰ ভৌগোলিক, সামাজিক, স্থলপৃষ্ঠৰ বাস্তৱতাৰ বুজ নাই।

মমতা বেনাৰ্জীয়ে কয় যে, “বাহিৰৰ বিষয়াসকলে” স্থানীয় পৰিস্থিতি চম্ভালিব নোৱাৰে,যাৰ ফলত পৰিস্থিতিৰ অৱনতি ঘটিছে।তদুপৰি বিজেপিয়ে এইবোৰ ঘটনাৰ সহায়ত সমগ্ৰ ৰাজ্যখনক বদনাম কৰাৰ চেষ্টা চলাইছে।

এই সমগ্র বিষয়ৰ বাবে মুখ্যমন্ত্রীয়ে অমিত শ্বাহক পোনপটীয়াকৈ জগৰীয়া কৰে৷ তেওঁ কয় যে, আইন-শৃংখলা ভেঙুচালি কৰা আৰু বংগৰ শান্তিৰ সৈতে ৰাজনীতি কৰাৰ বাবে অমিত শ্বাহে অনতিপলমে পদত্যাগ কৰা উচিত।

লগতে পঢ়ক: ৰাজ্যসভাৰ উপ-দলপতিৰ পদৰ পৰা ৰাঘৱ চাদ্দাকক অপসাৰণ আপৰ

পুনৰবাৰ শাসনলৈ আহিলে নতুনকৈ দিয়া হ’ব ২ লাখ চাকৰিঃ প্ৰধানমন্ত্ৰীৰ সন্মুখত মুখ্যমন্ত্ৰীৰ বৃহৎ ঘোষণা

অসমত পুনৰ বিজেপি চৰকাৰ আহিলে উচ্ছেদকে ধৰি চৰকাৰী চাকৰি দিয়া সন্দৰ্ভত প্ৰধানমন্ত্ৰী মোদীৰ সন্মুখতে ডাঙৰ মন্তব্য কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ।

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ ১৪ ফেব্ৰুৱাৰীৰ অসম ভ্ৰমণৰ মাজতে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই এক বৃহৎ ঘোষণা কৰিছে । প্ৰধানমন্ত্ৰীৰ সন্মুখতে হিমন্ত বিশ্ব শৰ্মাই যদি অসমত পুনৰ বিজেপি চৰকাৰ আহে তেন্তে প্ৰায় পাঁচ লাখ ভূমি বেদখল মুক্ত কৰাৰ লগতে যোগ্য প্ৰাৰ্থীক দুই লাখ চৰকাৰী চাকৰি প্ৰদান কৰা হ’ব বুলি প্ৰতিশ্ৰুতি দিয়ে ।

ডিব্ৰুগড়ত প্ৰধানমন্ত্ৰীৰ উপস্থিতিত অনুষ্ঠিত এখন ৰাজহুৱা সভাত মুখ্যমন্ত্ৰীগৰাকীয়ে এই ঘোষণা কৰে । তেওঁ উল্লেখ কৰে যে আগন্তুক কাৰ্যকালত বেদখলকৃত ভূমি উদ্ধাৰ কৰিবলৈ আৰু যুৱক-যুৱতীসকলৰ বাবে বৃহৎ পৰিসৰত কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি কৰিবলৈ চৰকাৰ বদ্ধপৰিকৰ ।

অসমৰ প্ৰতি ৰঙা চকু দেখুওৱাসকলক সকীয়নি দি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয়-“বিজেপি চৰকাৰ পুনৰ আহি আছে । আপোনালোকৰ ৰঙা চকু আমি উন্নয়নেৰে, সুৰক্ষাৰ মন্ত্ৰৰে কাঢ়ি ল’ম । এই অসম আৰু কেতিয়াও থমকি নৰয় ।“

এইবাৰ ডেঢ় লাখ বিঘা মাটিত উচ্ছেদ চলোৱা বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰী ড০ শৰ্মাই অহা কাৰ্যকালত পাঁচ লাখ বিঘা মাটিত উচ্ছেদ চলোৱা হ’ব বুলি উল্লেখ কৰে ।

ইফালে চৰকাৰী নিযুক্তি সন্দৰ্ভতো ডাঙৰ মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে । অসমত পুনৰ বিজেপি চৰকাৰ হ’লে নিবনুৱা শিক্ষিত যুৱক-যুৱতীক ২ লাখ চাকৰি দিয়া হ’ব বুলি মন্তব্য কৰে তেওঁ । মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয়-“এইবাৰ ডেঢ় লাখ চাকৰি দিয়া হ’ল, অহাবাৰ বিজেপি চৰকাৰ হ’লে দুই লাখ চৰকাৰী চাকৰি দিয়া হ’ব ।

ভূমি বেদখলমুক্ত কৰা আৰু কৰ্মসংস্থাপন সৃষ্টিৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰা ঘোষণা অনুষ্ঠানটোৰ কেন্দ্ৰীয় আকৰ্ষণ হৈ ৰয়, যিয়ে আগন্তুক কাৰ্যকালত ভূমি সংস্কাৰ আৰু চাকৰি সৃষ্টিৰ ওপৰত ৰাজ্য চৰকাৰৰ গুৰুত্বক প্ৰতিফলিত কৰিছে ।

লগতে পঢ়ক : গুৱাহাটী-উত্তৰ গুৱাহাটী সংযোগী কুমাৰ ভাস্কৰ বৰ্মা সেতু মুকলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

ৰাজ্যত পুনৰ হ’ব বিজেপি চৰকাৰ; পুনৰ মুখ্যমন্ত্ৰী হ’ব ড০ হিমন্ত বিশ্ব শৰ্মা ! সমীক্ষাত প্ৰকাশ পালে ডাঙৰ তথ্য…

সমাগত ৰাজ্যৰ বিধানসভা নিৰ্বাচন । এই নিৰ্বাচনক লৈ চলি থকা জল্পনা-কল্পনাৰ মাজতেই এক সমীক্ষাত বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটে পুনৰ এবাৰ অসমত চৰকাৰ গঠন কৰিব বুলি প্ৰকাশ পাইছে ।

২০২৬ চনৰ জানুৱাৰী মাহত চলোৱা ‘ইণ্ডিয়া টুডে-চি ভোটাৰ মুড অৱ দ্য নেচন’ জৰীপ অনুসৰি, যদি আজি অসমত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হয়, তেন্তে বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটে স্পষ্ট বহুমতেৰে পুনৰ ক্ষমতা দখল কৰিব । আনহাতে, কংগ্ৰেছ দল ৰাজ্যখনৰ মুখ্য প্ৰতিদ্বন্দ্বী হিচাপে থাকিব ।

অসমত আগন্তুক বিধানসভা নিৰ্বাচনৰ প্ৰস্তুতি চলি থকাৰ সময়ত ৰাজ্যখনৰ নিৰ্বাচনী পৰিৱেশে এক দ্বি-মেৰু কেন্দ্ৰিক প্ৰতিদ্বন্দ্বিতাৰ ইংগিত দিছে । ইয়াত ভোটাৰৰ পছন্দ স্পষ্টভাৱে দুটা ৰাষ্ট্ৰীয় দলৰ প্ৰতি থকা দেখা গৈছে আৰু আঞ্চলিক বা সৰু দলসমূহৰ বাবে নিৰ্বাচনী যুঁজত অৱকাশ যথেষ্ট সীমিত হৈ পৰিছে ।

‘মুড অফ দ্য নেচন’ (MoTN)ৰ সমীক্ষা অনুসৰি, যদি আজিৰ দিনটোত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হয়, তেন্তে বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটে ৫০.২ শতাংশ ভোট লাভ কৰিব । ইয়াৰ বিপৰীতে ৪৪ শতাংশ ভোটেৰে কংগ্ৰেছ দ্বিতীয় স্থানত থকাৰ বিপৰীতে অন্যান্য দলসমূহে মুঠ ৫.৮ শতাংশ ভোটাৰৰ সমৰ্থন লাভ কৰিব ।

এই পৰিসংখ্যাই সূচাইছে যে বিজেপি নেতৃত্বাধীন মিত্ৰজোঁট ৰাজ্যখনৰ সৰ্ববৃহৎ ৰাজনৈতিক শক্তি হিচাপে আত্মপ্ৰকাশ কৰিব আৰু কংগ্ৰেছে মূল বিৰোধী শক্তি হিচাপে নিজৰ স্থিতি অটুট ৰাখিব ।

হিন্দু উত্তৰদাতাসকলৰ মাজত বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটে এক বৃহৎ অগ্ৰগতি লাভ কৰিছে । সমীক্ষা অনুসৰি, যদি আজি নিৰ্বাচন অনুষ্ঠিত হয়, তেন্তে ৬৭.১ শতাংশ হিন্দু ভোটাৰে বিজেপি মিত্ৰজোঁটক নিৰ্বাচন কৰিব ।

এই শিতানত কংগ্ৰেছ বহুখিনি পিছপৰি আছে, আনহাতে ক্ষুদ্ৰ দলসমূহে মিলি মুঠ ৮.২ শতাংশ হিন্দু ভোটাৰৰ পছন্দ লাভ কৰিছে ।

ইফালে, মুছলমান ভোটাৰসকলৰ মাজত কংগ্ৰেছে সৰ্বাধিক সমৰ্থন লাভ কৰা দেখা গৈছে । ‘মুড অফ দ্য নেচন’ৰ সমীক্ষা অনুসৰি, ৭৮.৫ শতাংশ মুছলমান উত্তৰদাতাই কংগ্ৰেছৰ প্ৰতি তেওঁলোকৰ পছন্দ প্ৰকাশ কৰিছে । ইয়াৰ বিপৰীতে, মুছলমান ভোটাৰৰ মাজত বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটে ১৮.৫ শতাংশ সমৰ্থন লাভ কৰিছে । ক্ষুদ্ৰ দলসমূহে মিলি মুছলমান ভোটৰ ৩ শতাংশ সমৰ্থন লাভ কৰিছে ।

‘অন্যান্য’ শ্ৰেণীত, য’ত ক্ষুদ্ৰ ধৰ্মীয় আৰু সামাজিক গোটসমূহ অন্তৰ্ভুক্ত হৈ আছে, তাতো বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটে ৫৭.৭ শতাংশ সমৰ্থন লাভ কৰিছে । এইক্ষেত্ৰত কংগ্ৰেছ পিছ পৰি থকাৰ বিপৰীতে ক্ষুদ্ৰ দলসমূহৰ হাতত ২.৯ শতাংশ ভোটাৰৰ সমৰ্থন আছে ।

‘মুড অৱ দ্য নেচন’ৰ সমীক্ষাই অসমৰ নিৰ্বাচনী ৰাজনীতিত ক্ষুদ্ৰ আৰু আঞ্চলিক দলসমূহৰ ক্ৰমান্বয়ে হ্ৰাস পোৱা প্ৰভাৱৰ দিশটো আলোকপাত কৰিছে । সকলো সম্প্ৰদায়ৰ মাজত ‘অন্যান্য’ দলসমূহৰ সামগ্ৰিক ভোটৰ অংশীদাৰিত্ব মাত্ৰ ৫.৮ শতাংশহে । হিন্দু, মুছলমান আৰু অন্যান্য ভোটাৰ গোটসমূহৰ মাজতো তেওঁলোকৰ সমৰ্থন অতি সীমিত হৈ ৰৈছে, যিয়ে ইংগিত দিয়ে যে অসমৰ ভোটাৰৰ পছন্দ এতিয়া বিজেপি নেতৃত্বাধীন মিত্ৰজোঁট আৰু কংগ্ৰেছ— এই দুই মেৰুত কেন্দ্ৰীভূত হৈ পৰিছে ।

ইফালে ২০২৬ চনৰ জানুৱাৰী মাহত চলোৱা ইণ্ডিয়া টুডে-চি ভোটাৰ ‘মুড অফ দ্য নেচন’ (MOTN) সমীক্ষা অনুসৰি, অসমৰ মুখ্যমন্ত্ৰী পদটোৰ বাবে চলি থকা যুঁজখন বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু কংগ্ৰেছ সাংসদ গৌৰৱ গগৈৰ মাজত এক পোনপটীয়া প্ৰতিদ্বন্দিতালৈ ৰূপান্তৰিত হৈছে । সমীক্ষাৰ ফলাফল অনুসৰি হিমন্ত বিশ্ব শৰ্মাৰাজ্যজুৰি ৪৭.৫ শতাংশ সমৰ্থনেৰে মুখ্যমন্ত্ৰীৰ পছন্দৰ দৌৰত আগবাঢ়ি আছে । আনহাতে গৌৰৱ গগৈয়ে ৪২.৬ শতাংশ সমৰ্থন লাভ কৰিছে ।

এই সমীক্ষাত বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই হিন্দু ভোটাৰসকলৰ বিপুল সমৰ্থন লাভ কৰিছে, য’ত ৬৫.২ শতাংশ লোকে তেওঁক নিজৰ পচন্দৰ মুখ্যমন্ত্ৰী হিচাপে সমৰ্থন কৰিছে । ইয়াৰ উপৰিও, ‘অন্যান্য’ শ্ৰেণীৰ অন্তৰ্ভুক্ত উত্তৰদাতাসকলৰ মাজতো তেওঁ জনপ্ৰিয়তা তথা সমৰ্থন লাভ কৰিছে আৰু এই শ্ৰেণীৰ ৫৩.৩ শতাংশ লোকে ড০ শৰ্মাক সমৰ্থন জনাইছে ।

আনহাতে, গৌৰৱ গগৈয়ে মুছলমান ভোটাৰসকলৰ মাজত আধিপত্য বিস্তাৰ কৰা পৰিলক্ষিত হৈছে । জৰীপ অনুসৰি ৭৬.৪ শতাংশ মুছলমান উত্তৰদাতাই গৌৰৱ গগৈক মুখ্যমন্ত্ৰী হিচাপে পচন্দ কৰিছে, আনহাতে এই বিশেষ শ্ৰেণীটোৰ মাত্ৰ ১৭.৭ শতাংশ লোকেহে হিমন্ত বিশ্ব শৰ্মাক সমৰ্থন কৰিছে ।

এই ফলাফলবোৰে বিভিন্ন সম্প্ৰদায়ৰ মাজত ভোটদানৰ পছন্দৰ এক স্পষ্ট বিভাজনৰ ইংগিত দিয়ে; য’ত বিজেপি নেতৃত্বাধীন চৰকাৰে অ-মুছলমান ভোটাৰসকলৰ মাজত নিজৰ স্থিতি সুদৃঢ় কৰি ৰাখিছে, আনহাতে কংগ্ৰেছ দলে মুছলমান উত্তৰদাতাসকলৰ সমৰ্থন লাভ কৰা দেখা গৈছে ।

লগতে পঢ়ক : উত্তৰ-পূবৰ বাবে চৰকাৰৰ বৃহৎ পৰিকল্পনা… ‘চিকেন নেক’ত চলিব ভূগৰ্ভস্থ ৰে’ল

বিপদ বাঢ়িছে অৰবিন্দ কেজৰিৱালৰ! গংগাক লৈ কৰা মন্তব্যক লৈ  হাৰিয়ানা চৰকাৰে শীঘ্ৰেই দাখিল কৰিব এজাহাৰ

হাৰিয়ানা চৰকাৰে যমুনাৰ পানীত বিষ মিহলি কৰাৰ অভিযোগৰ পিছত অৰবিন্দ কেজৰিৱাল আৰু আম আদমী পাৰ্টিৰ বিৰুদ্ধে আক্ৰমণাত্মক ৰূপ লৈছে।

হাৰিয়ানাৰ কেবিনেট মন্ত্ৰী বিপুল গোৱেলে বুধবাৰে কৈছিল যে হাৰিয়ানা চৰকাৰৰ হৈ অৰবিন্দ কেজৰিৱালৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল কৰা হ’ব।

বিপুল গোৱেলে কৈছিল যে অৰবিন্দ কেজৰিৱালে হাৰিয়ানা আৰু দিল্লীৰ লোকসকলৰ মাজত আতংক বিয়পাবলৈ কাম কৰিছিল।

দৰাচলতে আপৰ নেতা অৰবিন্দ কেজৰীয়ালে কৈছিল যে হাৰিয়ানা চৰকাৰে যমুনাত বিহ মিহলি কৰিছে। যিহেতু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়েওঁ যমুনাৰ পানীয়েই খায়।যদি ৰাষ্ট্ৰপতিয়েও এই পানী খায় তেন্তে হাৰিয়ানাই বিষাক্ত পানী দিব নেকি? হাৰিয়ানা চৰকাৰে কেজৰিৱালক তেওঁৰ দায়িত্বহীন মন্তব্যৰ বাবে এৰি নিদিব। কেজৰিৱালৰ অভিযোগত কোনো সত্যতা নাই।

ভাৰতীয় নিৰ্বাচন আয়োগে মঙলবাৰে আপৰ মুৰব্বী অৰবিন্দ কেজৰিৱালক এখন জাননী প্ৰদান কৰিছে, য’ত  তেওঁক আইনী সমস্যা পৰিহাৰ কৰিবলৈ “যমুনাক বিষ প্ৰদান কৰা” দাবী প্ৰমাণ কৰিবলৈ কয়। যদি তেওঁ দোষী প্ৰমাণিত হয় তেনেহলে  তিনি বছৰৰ কাৰাদণ্ডও হ’ব পাৰে।

নিৰ্বাচন আয়োগে দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰীক বুধবাৰে নিশা ৮ বজাৰ ভিতৰত তেওঁৰ দাবী প্ৰমাণ কৰিবলৈ কৈছে। ইচিয়ে জাননীখনত আইনী ব্যৱস্থাৰ কথাও উল্লেখ কৰিছিল।

যাৰ অধীনত ৰাষ্ট্ৰীয় ঐক্য আৰু ৰাজহুৱা সম্প্ৰীতিৰ বিৰুদ্ধে কটু মন্তব্যৰ বাবে তিনি বছৰলৈকে কাৰাবাস হ’ব পাৰে।নিৰ্বাচনী সংস্থাটোৱে কৈছিল যে কেজৰিৱালৰ অভিযোগ গুৰুতৰ। এইবোৰে আঞ্চলিক গোট, চুবুৰীয়া ৰাজ্যৰ বাসিন্দাসকলৰ মাজত শত্ৰুতা সৃষ্টি কৰিব পাৰে।