হিমন্ত চৰকাৰ ২.০ : শপত গ্ৰহণৰ পূৰ্বে মা কামাখ্যা আৰু শংকৰদেৱৰ আশীৰ্বাদ বিচাৰিলে মুখ্যমন্ত্ৰীয়ে

হিমন্ত চৰকাৰ ২.০ : শপত গ্ৰহণৰ পূৰ্বে মা কামাখ্যা আৰু শংকৰদেৱৰ আশীৰ্বাদ বিচাৰিলে মুখ্যমন্ত্ৰীয়ে

ইতিহাস ৰচনা কৰি একেৰাহে দ্বিতীয়টো কাৰ্যকালৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিবলৈ সাজু হৈছে ড° হিমন্ত বিশ্ব শৰ্মা অসমত এক নতুন ৰাজনৈতিক ইতিহাস ৰচনা কৰি একেৰাহে দ্বিতীয়টো কাৰ্যকালৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিবলৈ সাজু হৈছে ড° হিমন্ত বিশ্ব শৰ্মা । আজি এই গুৰুত্বপূৰ্ণ দিনটোৰ

ইতিহাস ৰচনা কৰি একেৰাহে দ্বিতীয়টো কাৰ্যকালৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিবলৈ সাজু হৈছে ড° হিমন্ত বিশ্ব শৰ্মা

অসমত এক নতুন ৰাজনৈতিক ইতিহাস ৰচনা কৰি একেৰাহে দ্বিতীয়টো কাৰ্যকালৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিবলৈ সাজু হৈছে ড° হিমন্ত বিশ্ব শৰ্মা । আজি এই গুৰুত্বপূৰ্ণ দিনটোৰ আৰম্ভণিতে মুখ্যমন্ত্ৰীগৰাকীয়ে নীলাচল পাহাৰৰ শক্তিপীঠ মা কামাখ্যা দেৱালয় আৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ চৰণত সেৱা জনাই আশীৰ্বাদ গ্ৰহণ কৰে ।

ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সৰ জৰিয়তে এক বাৰ্তা প্ৰেৰণ কৰি ড০ শৰ্মাই কয়, “মা কামাখ্যা আৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আশীৰ্বাদে অসমৰ প্ৰতিজন ব্যক্তিৰ জীৱন আলোকিত কৰক । তেওঁলোকৰ আশীৰ্বাদেৰে আগন্তুক দিনবোৰত অসমে শান্তি, প্ৰগতি আৰু উন্নয়নৰ নতুন শিখৰত আৰোহণ কৰিব ।”

গুৱাহাটীৰ খানাপাৰাস্থিত পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত আজিৰ এই ভব্য শপত গ্ৰহণ অনুষ্ঠানৰ বাবে ব্যাপক প্ৰস্তুতি সম্পূৰ্ণ কৰা হৈছে । এই অনুষ্ঠানত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, প্ৰতিৰক্ষামন্ত্ৰী ৰাজনাথ সিং আৰু কেইবাখনো ৰাজ্যৰ মুখ্যমন্ত্ৰী উপস্থিত থাকিব বুলি জানিব পৰা গৈছে ।

নতুন কেবিনেটৰ মুখ : মুখ্যমন্ত্ৰী শৰ্মাই ইতিমধ্যে তেওঁৰ নতুন কেবিনেটত অন্তৰ্ভুক্ত হ’বলগীয়া চাৰিজন মন্ত্ৰীৰ নাম ঘোষণা কৰিছে । তেওঁলোক হ’ল ক্ৰমে—

-ৰামেশ্বৰ তেলী

-অতুল বৰা

-চৰণ বড়ো

-অজন্তা নেওগ

ইয়াৰ উপৰি, বিজেপিৰ জ্যেষ্ঠ নেতা ৰঞ্জিত কুমাৰ দাসক অসম বিধানসভাৰ নতুন অধ্যক্ষ হিচাপে এন ডি এৰ তৰফৰ পৰা মনোনীত কৰা হৈছে ।

মনোনীত মুখ্যমন্ত্ৰীগৰাকীয়ে নতুন কেবিনেট সতীৰ্থসকলক অভিনন্দন জনাই কয় যে এই নতুন দলে এক শক্তিশালী আৰু বিকশিত অসম গঢ়িবলৈ সম্পূৰ্ণ নিষ্ঠাৰে কাম কৰি যাব । আজি বিয়লিৰ ভাগত অনুষ্ঠিত হ’বলগীয়া এই শপত গ্ৰহণ অনুষ্ঠানলৈ এতিয়া সমগ্ৰ ৰাজ্যবাসীয়ে আগ্ৰহেৰে অপেক্ষা কৰিছে ।

লগতে পঢ়ক : দিছপুৰত তৃতীয়বাৰৰ বাবে বিজেপি-এনডিএৰ বিজয় যাত্ৰা: শপত গ্ৰহণ অনুষ্ঠানত অংশ ল’বলৈ গুৱাহাটীত উপস্থিত প্ৰধানমন্ত্ৰী মোদী