হিমন্ত বিশ্ব শৰ্মাৰ দ্বিতীয় ইনিংছ: কাইলৈ খানাপাৰাত ল’ব শপত, লক্ষ্য নিৰ্বাচনী ইস্তাহাৰৰ পূৰ্ণ ৰূপায়ণ

হিমন্ত বিশ্ব শৰ্মাৰ দ্বিতীয় ইনিংছ: কাইলৈ খানাপাৰাত ল’ব শপত, লক্ষ্য নিৰ্বাচনী ইস্তাহাৰৰ পূৰ্ণ ৰূপায়ণ

১২ মে’ত অসমৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হিচাপে দ্বিতীয়বাৰৰ বাবে শপত গ্ৰহণ কৰিব ড° হিমন্ত বিশ্ব শৰ্মাই অসমত ধাৰাবাহিকভাৱে তৃতীয়বাৰৰ বাবে এন ডি এ চৰকাৰ গঠন কৰি ইতিহাস ৰচনা কৰাৰ দিশে অগ্ৰসৰ হৈছে ভাৰতীয় জনতা পাৰ্টি । কাইলৈ অৰ্থাৎ ১২ মে’ত অসমৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হিচাপে দ্বিতীয়বাৰৰ বাবে

১২ মে’ত অসমৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হিচাপে দ্বিতীয়বাৰৰ বাবে শপত গ্ৰহণ কৰিব ড° হিমন্ত বিশ্ব শৰ্মাই

অসমত ধাৰাবাহিকভাৱে তৃতীয়বাৰৰ বাবে এন ডি এ চৰকাৰ গঠন কৰি ইতিহাস ৰচনা কৰাৰ দিশে অগ্ৰসৰ হৈছে ভাৰতীয় জনতা পাৰ্টি । কাইলৈ অৰ্থাৎ ১২ মে’ত অসমৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হিচাপে দ্বিতীয়বাৰৰ বাবে শপত গ্ৰহণ কৰিব ড° হিমন্ত বিশ্ব শৰ্মাই । নিৰ্বাচনত ১০২ খন আসনৰ বিশাল জয়েৰে পুনৰ ক্ষমতালৈ অহা মিত্ৰজোঁট চৰকাৰখনে আগন্তুক পাঁচ বছৰ কেৱল উন্নয়ন আৰু নিৰ্বাচনী প্ৰতিশ্ৰুতি পূৰণৰ ওপৰত গুৰুত্ব দিব বুলি মুখ্যমন্ত্ৰী হিচাপে মনোনীত হোৱা হিমন্ত বিশ্ব শৰ্মাই স্পষ্ট কৰি দিছে ।

ইস্তাহাৰেই হ’ব মূল লক্ষ্য-

দেওবাৰে সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত ড০ হিমন্ত বিশ্ব শৰ্মাই কয়, “শপত গ্ৰহণৰ পিছতেই আমি প্ৰথমখন কেবিনেট বৈঠক অনুষ্ঠিত কৰিম । নিৰ্বাচনৰ সময়ত আমি জনসাধাৰণক যি ইস্তাহাৰ দিছিলো, সেইখন আখৰে আখৰে পালন কৰাই হ’ব আমাৰ চৰকাৰৰ প্ৰধান লক্ষ্য ।” তেওঁ লগতে উল্লেখ কৰে যে আগন্তুক পাঁচ বছৰত অসমক উন্নয়নৰ শীৰ্ষলৈ নিবলৈ চৰকাৰ দায়বদ্ধ ।

খানাপাৰাত মেগা আয়োজন-

গুৱাহাটীৰ খানাপাৰাস্থিত পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত কাইলৈ পুৱা ১১:৪০ বজাত অনুষ্ঠিত হ’ব এই ভব্য শপত গ্ৰহণ অনুষ্ঠান । ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই ড° শৰ্মাক পদ আৰু গোপনীয়তাৰ শপত বাক্য পাঠ কৰাব । উল্লেখযোগ্য যে, ইতিমধ্যে ৰাজ্যপালৰ হৈ মুখ্য সচিব ৰবি কোটাই শৰ্মাক মুখ্যমন্ত্ৰী হিচাপে নিযুক্তি পত্ৰ প্ৰদান কৰিছে ।

ভি ভি আই পি-ৰ সমাগম-

এই ঐতিহাসিক ক্ষণৰ সাক্ষী হ’বলৈ আজি নিশাই গুৱাহাটীত উপস্থিত হ’ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী । অনুষ্ঠানত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, প্ৰতিৰক্ষামন্ত্ৰী ৰাজনাথ সিং, বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনৰ লগতে এন ডি এ শাসিত কেইবাখনো ৰাজ্যৰ মুখ্যমন্ত্ৰী উপস্থিত থাকিব । কেৱল শীৰ্ষ নেতাই নহয়, ৰাজ্যখনৰ তৃণমূল পৰ্যায়ৰ বুথ কৰ্মীসকলকো এই অনুষ্ঠানলৈ আমন্ত্ৰণ জনোৱা হৈছে ।

এন ডি এ-ৰ নিৰ্ণায়ক বিজয়-

১২৬ জনীয়া অসম বিধানসভাত বিজেপি নেতৃত্বাধীন এন ডি এ-ই ১০২ খন আসন লাভ কৰি বিৰোধীক ধূলিসাৎ কৰিবলৈ সক্ষম হৈছে । বিজেপি অকলে ৮২ খন আসনত জয়ী হোৱাৰ বিপৰীতে অগপ আৰু বি পি এফে ১০ খনকৈ আসন লাভ কৰিছে । আনহাতে, কংগ্ৰেছ মিত্ৰজোঁটে ১৯ খন আসনতে সীমাবদ্ধ থাকিবলগীয়া হয় ।

আগন্তুক পাঁচ বছৰৰ বাবে ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমত উন্নয়নৰ যাত্ৰা কেনে হয়, এতিয়া সেয়া হ’ব লক্ষ্যণীয় ।

লগতে পঢ়ক : মুখ্যমন্ত্ৰীৰ শপত ল’বলৈ ড° হিমন্ত বিশ্ব শর্মাক অনুমোদন ৰাজ্যপালৰ