মুখ্যমন্ত্ৰীৰ শপত ল'বলৈ ড° হিমন্ত বিশ্ব শর্মাক অনুমোদন ৰাজ্যপালৰ

মুখ্যমন্ত্ৰীৰ শপত ল’বলৈ ড° হিমন্ত বিশ্ব শর্মাক অনুমোদন ৰাজ্যপালৰ

ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই মুখ্যমন্ত্ৰী হিচাপে নিৰ্বাচিত ড° হিমন্ত বিশ্ব শর্মাক নতুন চৰকাৰ গঠনৰ বাবে আনুষ্ঠানিকভাৱে আমন্ত্ৰণ জনায় অসমৰ ৰাজনৈতিক ইতিহাসত এক নতুন অধ্যায়ৰ সূচনা কৰি নেচনেল ডেম’ক্ৰেটিক এলায়েন্স (এন ডি এ) পুনৰ শাসনৰ গাদী দখল কৰিবলৈ সাজু হৈছে । দেওবাৰে ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই

ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই মুখ্যমন্ত্ৰী হিচাপে নিৰ্বাচিত ড° হিমন্ত বিশ্ব শর্মাক নতুন চৰকাৰ গঠনৰ বাবে আনুষ্ঠানিকভাৱে আমন্ত্ৰণ জনায়

অসমৰ ৰাজনৈতিক ইতিহাসত এক নতুন অধ্যায়ৰ সূচনা কৰি নেচনেল ডেম’ক্ৰেটিক এলায়েন্স (এন ডি এ) পুনৰ শাসনৰ গাদী দখল কৰিবলৈ সাজু হৈছে । দেওবাৰে ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই মুখ্যমন্ত্ৰী হিচাপে নিৰ্বাচিত ড° হিমন্ত বিশ্ব শৰ্মাক নতুন চৰকাৰ গঠনৰ বাবে আনুষ্ঠানিকভাৱে আমন্ত্ৰণ জনায় । ইয়াৰ লগে লগে ৰাজ্যখনত বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ একেৰাহে তৃতীয়টো কাৰ্যকাল নিশ্চিত হ’ল ।

আজি এন ডি এ-ৰ নেতৃবৃন্দই লোক ভৱনত ৰাজ্যপালক সাক্ষাৎ কৰে আৰু শৰ্মাৰ নেতৃত্বত চৰকাৰ গঠনৰ বাবে দাবী উত্থাপন কৰে । লোক ভৱনৰ পৰা জাৰি কৰা এক বিবৃতিত জনোৱা হৈছে যে ৰাজ্যপালে ড° শৰ্মাক চৰকাৰ গঠনৰ বাবে অনুমতি প্ৰদান কৰিছে । অহা ১২ মে’ত গুৱাহাটীত এক ভব্য অনুষ্ঠানৰ জৰিয়তে ড০ শৰ্মাই মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব । একেটা অনুষ্ঠানতে নতুন মন্ত্ৰী পৰিষদৰ সদস্যসকলেও শপত ল’ব ।

প্ৰণিধানযোগ্য যে, ২০২৬ চনৰ বিধানসভা নিৰ্বাচনত এন ডি এ-য়ে ১২৬ খন আসনৰ ভিতৰত ১০২ খন আসন লাভ কৰি এক প্ৰবল জনাদেশ লাভ কৰিছে । ইয়াৰে বিজেপিয়ে ৮২ খন আসন লাভ কৰাৰ বিপৰীতে সহযোগী দল অসম গণ পৰিষদ (অগপ) আৰু বড়োলেণ্ড পিপলছ ফ্ৰণ্টে (বিপিএফ) ১০ খনকৈ আসন দখল কৰিবলৈ সক্ষম হৈছে ।

এই শপত গ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু প্ৰতিৰক্ষামন্ত্ৰী ৰাজনাথ সিঙৰ দৰে শীৰ্ষ পৰ্যায়ৰ ৰাষ্ট্ৰীয় নেতাসকল গুৱাহাটীলৈ অহাৰ কথা আছে ।

২০১৬ চনত সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত আৰম্ভ হোৱা এন ডি এ-ৰ যাত্ৰা এতিয়া তৃতীয়টো কাৰ্যকালত ভৰি দিব । ইয়াৰ মাজতে ড° হিমন্ত বিশ্ব শৰ্মাই এক ব্যক্তিগত অভিলেখো গঢ়িবলৈ সক্ষম হৈছে; তেওঁ হ’ব অসমৰ ইতিহাসত একেৰাহে দুটা কাৰ্যকালৰ বাবে মুখ্যমন্ত্ৰীৰ আসন শুৱনি কৰা প্ৰথমগৰাকী অ-কংগ্ৰেছী নেতা । এই জয়ে ৰাজ্যখনৰ উন্নয়নৰ ধাৰা অধিক খৰতকীয়া কৰিব বুলি ৰাজনৈতিক বিশ্লেষকসকলে মত পোষণ কৰিছে ।

লগতে পঢ়ক : ৰাজ্যপালক সাক্ষাৎ কৰি চৰকাৰ গঠনৰ দাবী হিমন্ত বিশ্ব শৰ্মাৰ