অসম বিধানসভা নিৰ্বাচন ২০২৬ ত নাজিৰাৰ পৰা দেৱব্ৰত শইকীয়া পৰাস্ত হ’ব বুলি কোৱা ড০ হিমন্ত বিশ্ব শৰ্মাৰ ভৱিষ্যদ্বাণী সঁচা হ’ল। তাক লৈ এতিয়া প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে হিমন্ত বিশ্ব শৰ্মাই।
নাজিৰা সমষ্টিৰ পৰা অসম বিধানসভা নিৰ্বাচন ২০২৬ ত জ্যেষ্ঠ কংগ্ৰেছ নেতা দেৱব্ৰত শইকীয়া পৰাস্ত হোৱাৰ পিছত, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ পূৰ্বৰ ভৱিষ্যদ্বাণীক পুনৰ দোহাৰে।
দেৱব্ৰত শইকীয়াৰ পৰাজয় সন্দৰ্ভত মন্তব্য কৰি ড০ হিমন্ত বিশ্ব শৰ্মাই কয়, “মই ভৱিষ্যদ্বাণী কৰিছিলো যে দেৱব্ৰত শইকীয়া এই বিধানসভা নিৰ্বাচনত পৰাস্ত হ’ব আৰু পিছলৈ বিজেপিত যোগদান কৰিব। চাওক, মোৰ দুয়োটা ভৱিষ্যদ্বাণী সঁচা আছিল। প্ৰথমটো আছিল দেৱব্ৰত শইকীয়াৰ পৰাজয় আৰু দ্বিতীয়টো আছিল তেওঁ বিজেপিত যোগদান কৰিব। গতিকে মোৰ ভৱিষ্যদ্বাণীৰ প্ৰথম অংশটো সত্য প্ৰমাণিত হ’ল। পাছলৈ তেওঁ বিজেপিত যোগদান কৰিব পাৰে। পাঁচ বছৰ বহুত দীঘলীয়া সময়।”
অসম বিধানসভাৰ বিৰোধী দলৰ নেতা তথা জ্যেষ্ঠ কংগ্ৰেছ নেতা শইকীয়াই শিৱসাগৰ জিলাৰ তেওঁৰ দুৰ্গ হিচাপে পৰিচিত নাজিৰাৰ পৰা ২০২৬ চনৰ বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিল। অৱশ্যে, তেওঁ বিজেপিৰ প্ৰাৰ্থী ময়ূৰ বৰগোহাঁইৰ হাতত ৪৬,০০০ তকৈও অধিক ভোটৰ ব্যৱধানত পৰাজিত হয়।
উজনি অসমত এই পৰাজয় কংগ্ৰেছৰ বাবে এক মোক্ষম আঘাত হিচাপে পৰিগণিত হৈছে, যিহেতু নাজিৰাক দীৰ্ঘদিন ধৰি দলটোৰ অন্যতম দুৰ্গ হিচাপে গণ্য কৰা হৈছিল। এই সমষ্টিটো দশক দশক ধৰি শইকীয়া পৰিয়ালৰ সৈতে ওতপ্ৰোতভাৱে জড়িত হৈ আছে।চলিত বৰ্ষৰ এপ্ৰিল মাহত ভোটগ্ৰহণ সমাপ্ত হোৱাৰ পিছত, শইকীয়াই এন.ডি.এ.-ৰ বিপুল বিজয়ৰ আগজাননী দিয়া ‘এগজিট প’ল’ৰ ফলাফলসমূহ নাকচ কৰিছিল আৰু দৃঢ়তাৰে কৈছিল যে ভোটাৰসকলে ৰাজনৈতিক পৰিৱৰ্তন বিচাৰিছে’।
অৱশ্যে হিমন্ত বিশ্ব শৰ্মাই কৈছিল যে এইবাৰ দেৱব্ৰত শইকীয়া পৰাস্ত হ’ব। আৰু সেই ভৱিষ্যদ্বাণী সঁচা প্ৰমাণিত হৈ ৪৬,০০০ তকৈও অধিক ভোটৰ ব্যৱধানত পৰাজিত হ’ল অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াৰ পুত্ৰ দেৱব্ৰত শইকীয়া।
লগতে পঢ়ক: গেৰুৱা ধুমুহাত ধূলিস্যাৎ তিনি প্ৰাক্তন মুখ্যমন্ত্ৰীৰ পুত্ৰৰ ৰাজনৈতিক দুৰ্গ









