মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰাৰ পিছতেই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ড° শৰ্মাক অভিনন্দন জ্ঞাপন কৰে
অসমৰ ৰাজনৈতিক ইতিহাসত এক নতুন অধ্যায়ৰ সূচনা কৰি আজি ড° হিমন্ত বিশ্ব শৰ্মাই দ্বিতীয়টো কাৰ্যকালৰ বাবে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে । গুৱাহাটীৰ খানাপাৰাস্থিত পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত এক বৰ্ণাঢ্য অনুষ্ঠানত তেওঁক এই পদৰ শপত বাক্য পাঠ কৰোৱাই ৰাজ্যপালে ।
প্ৰধানমন্ত্ৰীৰ অভিনন্দন-
মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰাৰ পিছতেই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ড° শৰ্মাক অভিনন্দন জ্ঞাপন কৰে । সামাজিক মাধ্যম ‘এক্স’ত প্ৰধানমন্ত্ৰীগৰাকীয়ে লিখে, “অসমৰ বাবে এক মহান দিন! ধাৰাবাহিকভাৱে তৃতীয়বাৰৰ বাবে এনডিএ চৰকাৰে কাৰ্যভাৰ গ্ৰহণ কৰিছে । ড° হিমন্ত বিশ্ব শৰ্মা জীক শপত গ্ৰহণৰ বাবে অভিনন্দন । তেওঁ এজন দক্ষ প্ৰশাসক হিচাপে পৰিচয় দিছে আৰু ৰাজ্যখনৰ বাবে অগ্ৰণী কাম কৰিছে ।”
নতুন মন্ত্ৰীসভাৰ সদস্যসকল-
মুখ্যমন্ত্ৰীৰ সৈতে আন চাৰিজন মন্ত্ৰীয়েও আজি শপত গ্ৰহণ কৰে । তেওঁলোকৰ ভিতৰত আছে :
-ৰামেশ্বৰ তেলী (বিজেপি)
-অজন্তা নেওগ (বিজেপি)
-অতুল বৰা (অসম গণ পৰিষদ)
-চৰণ বড়ো (বড়োলেণ্ড পিপলছ ফ্ৰণ্ট)
প্ৰধানমন্ত্ৰীয়ে নৱনিযুক্ত মন্ত্ৰীসকলকো অভিনন্দন জনাই অসমৰ উন্নয়নৰ গতিধাৰা অধিক শক্তিশালী কৰিবলৈ আহ্বান জনায় । উল্লেখ্য যে, বিজেপিৰ জ্যেষ্ঠ নেতা ৰঞ্জিত কুমাৰ দাসক বিধানসভাৰ পৰৱৰ্তী অধ্যক্ষ হিচাপে নিৰ্বাচিত কৰা হৈছে ।
ভিআইপিৰ উপস্থিতিত উখল-মাখল খানাপাৰা-
আজিৰ এই শপত গ্ৰহণ অনুষ্ঠানত দেশৰ কেইবাগৰাকীও শীৰ্ষ নেতা উপস্থিত থাকে । প্ৰধানমন্ত্ৰী মোদীৰ উপৰি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, বিজেপিৰ সভাপতি নীতিন নবীনৰ লগতে এনডিএ শাসিত বিভিন্ন ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু উপ-মুখ্যমন্ত্ৰীসকলে এই ঐতিহাসিক ক্ষণৰ সাক্ষী হৈ ৰয় ।
উল্লেখ্য যে, ২০২৬ চনৰ বিধানসভা নিৰ্বাচনত বিজেপি নেতৃত্বাধীন এনডিএ মিত্ৰজোঁটে অভূতপূৰ্ব সফলতা অৰ্জন কৰিছে । ১২৬ খন আসনৰ ভিতৰত ১০২ খন আসন লাভ কৰি মিত্ৰজোঁটে তিনি-চতুৰ্থাংশ সংখ্যাগৰিষ্ঠতা দখল কৰিবলৈ সক্ষম হয় । ড° হিমন্ত বিশ্ব শৰ্মাই নিজেও নিজৰ সমষ্টিত ৮০,০০০ তকৈ অধিক ভোটৰ বৃহৎ ব্যৱধানত জয়ী হৈ ৰাজ্যিক ৰাজনীতিত তেওঁৰ অপ্ৰতিৰোধ্য স্থিতি প্ৰমাণ কৰিছে ।
বিজয়োৎসৱৰ ভাষণত মুখ্যমন্ত্ৰী শৰ্মাই এই সফলতাৰ কৃতিত্ব প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত চলা “ডাবল ইঞ্জিন” চৰকাৰক প্ৰদান কৰে আৰু আগন্তুক দিনত অসমক দেশৰ ভিতৰতে এক আগশাৰীৰ ৰাজ্য হিচাপে গঢ়ি তোলাৰ সংকল্প দোহাৰে ।
লগতে পঢ়ক : অসমত এন ডি এ ৩.০: পুনৰ হিমন্ত যুগৰ আৰম্ভণি, মুখ্যমন্ত্ৰী হিচাপে দ্বিতীয়বাৰৰ বাবে শপত গ্ৰহণ









