ৰণবীৰ কাপুৰ অভিনীত ৰামায়ণ ছবিনৰ মুক্তিক লৈ বহু চৰ্চা লাভ কৰিছে, কিন্তু এতিয়া নিৰ্মাতাসকলে নিজেই নিশ্চিত কৰিছে যে ৰামায়ণ কেতিয়া আৰু কিমান অংশত মুক্তি পাব। প্ৰথমে কোৱা হৈছিল যে ছবিখন চলিত বৰ্ষৰ শেষৰ ফালে মুক্তি লাভ কৰিব । কিন্তু এতিয়া নিৰ্মাতাসকলে তেওঁলোকৰ মন সলনি কৰিছে আৰু মুক্তিৰ তাৰিখ মুকলি কৰিছে। নিতেশ তিৱাৰীৰ দ্বাৰা পৰিচালিত এই ছবিখনক লৈ অনুৰাগীসকলৰ আশা দিনে দিনে বৃদ্ধি পাইছে। ইয়াৰ পৰিপ্ৰেক্ষিতত, ৰামায়ণ চলচ্চিত্ৰৰ নিৰ্মাতাসকলে সিদ্ধান্ত লৈছে যে ইয়াক দুটা ভাগত মুক্তি দিয়া হ‘ব।ইয়াৰ প্ৰথম অংশটো ২০২৬ চনত দেৱালীত মুক্তি দিয়া হ‘ব, আনহাতে ছবিখনৰ দ্বিতীয় অংশটো ২০২৭ চনৰ দেৱালী উপলক্ষে মুক্তি দিয়া হ‘ব। ছবিখনৰ প্ৰযোজক নমিত মালহোত্ৰাই দৰ্শকৰ বাবে এই তথ্য খবৰ দিয়ে। সামাজিক মাধ্যমত এটা পোষ্টত তেওঁ লিখিছে যে- “এক দশকৰো অধিকপূৰ্বে , মই এই মহাকাব্যখন ডাঙৰ পৰ্দালৈ অনাৰ বাবে এক মহান প্ৰচেষ্টা আৰম্ভ কৰিছিলো, যিয়ে ৫০ বছৰতকৈও অধিক সময় ধৰি কোটি কোটি লোকৰ হৃদয় জিনিছে। আৰু আজি, ইয়াক সুন্দৰভাৱে নিৰ্মাণ কৰা দেখি মই বহুত ৰোমাঞ্চিত হৈছোঁ। কিয়নো আমাৰ টীমটোৰ মাত্ৰ এটাই উদ্দেশ্য, আমাৰ ইতিহাস, আমাৰ সত্য আৰু আমাৰ সংস্কৃতি- আমাৰ “ৰামায়ণ”ৰ আটাইতকৈ প্ৰামাণিক, পৱিত্ৰ আৰু আশ্চৰ্যকৰ কাহিনী নিৰ্মাণ কৰিবলৈ, যি সমগ্ৰ বিশ্বৰ লোকসকলৰ বাবে নিৰ্মাণ কৰা হ‘ব।উল্লেখ্য যে এই ছবিখনত ৰণবীৰ কাপুৰক শ্ৰীৰাম-চাই পল্লৱী সীতা মাৰ চৰিত্ৰত ,আনহাতে কেজিএফ খ্যাত যশ ৰাৱণৰ চৰিত্ৰত দেখিবলৈ পোৱা যাব।