প্ৰতি বছৰৰ দৰেই গুগলে ২০২৪ চনত সৰ্বাধিক সন্ধান তথা চাৰ্চ কৰা বিষয়ৰ তালিকা প্ৰকাশ কৰিছে । মঙলবাৰে প্ৰকাশ পোৱা এই তালিকাত চলিত বৰ্ষৰ শীৰ্ষ ১০ টা সন্ধান কৰা বিষয়ত আই পি এল, বিশ্বকাপ আৰু সাধাৰণ নিৰ্বাচনে আধিপত্য বিস্তাৰ কৰিছে । ভাৰতীয় গ্ৰাহকে চিনেমা, ক্ৰীড়া আৰু জনপ্ৰিয় মিমৰ লগতে ভ্ৰমণ গন্তব্যস্থান আৰু নিৰ্দিষ্ট খাদ্যৰ তথ্য বিচাৰিছিল ।
চেলিব্ৰিটিৰ কথা ক’বলৈ গ’লে শীৰ্ষ ৫ ৰ ভিতৰত আটাইতকৈ জনপ্ৰিয় চাৰ্চ কৰা চেলিব্ৰিটি আছিল বিনেশ ফ’গাট, হাৰ্দিক পাণ্ডিয়া, শশাংক সিং, অভিষেক শৰ্মা আৰু লক্ষ্য সেন ।
এই বছৰৰ কিছুমান ভাইৰেল মিম অৰেঞ্জ পিল থিয়ৰী, ভেৰী ডিমুৰ, ভেৰী মাইণ্ডফুল, ব্লু গ্ৰীঞ্চ নি চাৰ্জাৰী আদি অনুসন্ধান বা চাৰ্চ কৰা হৈছিল । লগতে চাৰ্ভাইকেল কেন্সাৰ, ময়ে ময়ে আদিৰ অৰ্থও জানিবলৈ চেষ্টা কৰিছিল একাংশ ব্যৱহাৰকাৰীয়ে ।
ৰাজনীতিত সৰ্বাধিক সন্ধান কৰা বিষয় হৈছে নিৰ্বাচনৰ ফলাফল ২০২৪, ভাৰতীয় জনতা পাৰ্টি (বিজেপি) আৰু ভাৰতীয় জাতীয় কংগ্ৰেছ (আই এন চি)।
বতৰ আৰু স্বাস্থ্যক লৈও মানুহে বহু প্ৰশ্ন আৰু উদ্বেগ প্ৰকাশ কৰে । চৌপাশৰ অতি উত্তাপ আৰু AQI (বায়ুৰ গুণাগুণ সূচকাংক)ৰ দৰে বিষয়বোৰো ব্যাপকভাৱে অন্বেষণ কৰা হৈছিল ।
শীৰ্ষ ৫ খন আটাইতকৈ বেছি সন্ধান কৰা চিনেমা আছিল স্ত্ৰী ২, কল্কী ২৮৯৮ এ.ডি, 12th Fail, লাপাতা লেডিজ আৰু হনুমান । একেদৰে শীৰ্ষ ৫খন ৱেব ছিৰিজত হীৰামণ্ডি, মিৰ্জাপুৰ, দ্য লাষ্ট অৱ আচ, বিগ বছ ১৭, পঞ্চায়ত আছে ।
গুণগুণাই গীত বিচাৰিব পৰা বিকল্প জনপ্ৰিয় হৈ পৰিল-
গুগলৰ ‘হাম টু চাৰ্চ’ ফিচাৰ ব্যৱহাৰকাৰীয়ে গীত বিচাৰিব পৰাকৈ এই বছৰ অতি জনপ্ৰিয় হৈ পৰিছে । এই বৈশিষ্ট্যৰ জৰিয়তে এজন ব্যক্তিয়ে গীতৰ কথা অবিহনে কেৱল গুণগুণাই বা সুহুৰি মাৰি গীত বিচাৰিব পাৰে ।