‘একো কৰিব নোৱাৰে’; আমেৰিকাৰ টেক কোম্পানীক ইৰাণৰ ভাবুকীৰ সন্দৰ্ভত ট্ৰাম্পৰ প্ৰতিক্ৰিয়া

ইৰাণৰ ভাবুকিৰ প্ৰতি সঁহাৰি জনাই আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে কয় যে তেওঁলোকে একো কৰিব নোৱাৰে। মাত্ৰ এদিন পূৰ্বে ইৰাণে আমেৰিকাৰ টেক কোম্পানীসমূহক আক্ৰমণ কৰাৰ ভাবুকি দিছিল।

ইৰাণ আৰু আমেৰিকাৰ মাজত চলি থকা উত্তেজনাৰ মাজতে ইৰাণে গুগল আৰু এপলৰ দৰে কোম্পানীক আক্ৰমণৰ ভাবুকি প্ৰদান কৰিছে।ইয়াৰ পিছতে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে উত্তৰ দিলে যে তেওঁলোকে একো কৰিব নোৱাৰিব।

ইয়াৰ এদিন পূৰ্বে ইৰাণৰ ৰিভল্যুচনেৰী গাৰ্ডে এটা ভিডিঅ’ৰ জৰিয়তে ১৮টাকৈ আমেৰিকাৰ টেক কোম্পানীৰ তালিকা প্ৰকাশ কৰি তাৰ ওপৰত আক্ৰমণৰ সতৰ্কবাণী দিছিল।ইয়াৰ ভিতৰত গুগল, মাইক্ৰ’ছফ্ট, আমাজন, ইণ্টেল, এপল আদি কোম্পানীৰ নামো অন্তৰ্ভুক্ত

আই আৰ জি চিয়ে উল্লেখ কৰিছে যে এই কোম্পানীসমূহৰ আঞ্চলিক কাৰ্য্যকলাপ লক্ষ্য কৰি লোৱা হ’ব।অৰ্থাৎ আমেৰিকান কোম্পানীসমূহৰ যিসমূহ ইউনিট ইৰাণৰ ভিতৰত কাম কৰি আছে,তেওঁলোকক টাৰ্গেট কৰা হ’ব।এই আক্ৰমণক আমেৰিকাৰ বিৰুদ্ধে প্ৰতিশোধমূলক ব্যৱস্থা বুলি অভিহিত কৰা হৈছে।

সেই সন্দৰ্ভত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে এক আচৰিত উত্তৰ দিছে।ট্ৰাম্পে কয় যে, তেওঁলোকে (ইৰাণ)পশ্চিম এছিয়াত কাম কৰা আমেৰিকান কোম্পানীসমূহক কেনেকৈ ভাবুকি দিছে।তেওঁলোকে উৰুৱাই দিম বুলি কৈছিল নেকি? তেওঁলোকে এই কোম্পানী সমূহ আক্ৰমণ কৰিবলৈ ওলাইছে নেকি?

ট্ৰাম্পে আৰু কয় যে তেওঁলোকে তেনে কৰিবলৈ যোৱা নাই। তেওঁলোকে পাৰমাণৱিক অস্ত্ৰৰে আক্ৰমণ নকৰে।ইতিমধ্যে তেওঁলোকৰ অধিকাংশ নেতৃত্বৰ হত্যা কৰা হৈছে।

লগতে পঢ়ক: ‘শীঘ্ৰেই ইৰাণ এৰিব আমেৰিকাই’; যুদ্ধ শেষ কৰাক লৈ ট্ৰাম্পৰ ডাঙৰ মন্তব্য

প্লে ষ্ট’ৰত গুগলৰ একচন! ১৭.৫ লাখ ভুৱা এপ ডিলিট

যদি আপুনি এণ্ড্ৰইড ফোন ব্যৱহাৰ কৰে, তেন্তে এই খবৰ আপোনাৰ বাবে এক সকাহ। গুগলে প্লে ষ্ট’ৰৰ পৰা ১৭.৫ লাখৰো অধিক ভুৱা আৰু বিপজ্জনক এপ আঁতৰাই ব্যৱহাৰকাৰীৰ সুৰক্ষা শক্তিশালী কৰাৰ বাবে এক বৃহৎ পদক্ষেপ গ্ৰহণ কৰিছে।

এণ্ড্ৰইড ব্যৱহাৰকাৰীৰ নিৰাপত্তা শক্তিশালী কৰিবলৈ গুগলে প্লে ষ্ট’ৰত এতিয়ালৈকে লোৱা আটাইতকৈ ডাঙৰ পদক্ষেপ লৈছে।এই প্লেটফৰ্মৰ পৰা ১৭.৫ লাখৰো অধিক সন্দেহজনক আৰু ভুৱা এপ আঁতৰাইছে কোম্পানীটোৱে।

ইয়াৰ লগতে প্ৰায় ৮০,০০০ ডেভেলপাৰ একাউণ্ট স্থায়ীভাৱে ব্লক কৰা হৈছে।২০২৫ চনত এণ্ড্ৰইড ইক’চিষ্টেমক অধিক সুৰক্ষিত কৰাৰ দিশত এই পদক্ষেপটো গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে।

আঁতৰোৱা বেছিভাগ এপতে বিপজ্জনক মেলৱেৰ আছিল।এই এপসমূহে ব্যৱহাৰকাৰীৰ ধন চুৰি কৰিব পাৰে, তেওঁলোকৰ অজ্ঞাতে পেইড চাবস্ক্ৰিপচন সক্ৰিয় কৰিব পাৰে, বা ব্যক্তিগত ডাটাত প্ৰৱেশ কৰিব পাৰে।

বহু এপ ব্যৱহাৰকাৰীৰ গোপনীয়তাৰ প্ৰতি প্ৰত্যক্ষ ভাবুকি আছিল। কোম্পানীটোৱে কয় যে,ইয়াৰ এআই ভিত্তিক নিৰাপত্তা ব্যৱস্থাই ইতিমধ্যে এই এপসমূহ চিনাক্ত কৰিছিল যাৰ বাবে বৃহৎ পৰিসৰত ব্যৱহাৰকাৰীৰ ওচৰলৈ যোৱাৰ আগতেই বন্ধ কৰি দিয়া হৈছিল।

গুগলৰ নিৰাপত্তা প্ৰযুক্তিয়ে ব্যৱহাৰকাৰীৰ স্পৰ্শকাতৰ তথ্য লাভ কৰাৰ পূৰ্বে প্ৰায় ২ লাখ ৫৫ হাজাৰ এপ ব্লক কৰিছিল।অৰ্থাৎ সময়মতে বৃহৎ সংখ্যক সম্ভাৱ্য তথ্য চুৰি আৰু জালিয়াতিৰ কাণ্ড ৰোধ কৰা হৈছিল।

যিবোৰ ডেভেলপাৰ একাউণ্টৰ ওপৰত বাৰে বাৰে নিয়ম উলংঘা কৰা আৰু প্ৰৱঞ্চনামূলক তথ্য বিয়পোৱাৰ অভিযোগ আছিল, সেইবোৰ আঁতৰাই দিয়াই নহয় বৰঞ্চ ভৱিষ্যতে প্লে ষ্ট’ৰত প্ৰৱেশৰো বাধা দিয়া হৈছিল।

কোম্পানীয়ে স্পষ্ট কৰি দিছে যে,ব্যৱহাৰকাৰীৰ সুৰক্ষা শীৰ্ষ অগ্ৰাধিকাৰ, গতিকে এনে একাউণ্টক দ্বিতীয়বাৰৰ বাবে সুযোগ দিয়া নহ’ব।

লগতে পঢ়ক: বিশ্বৰ বহু দেশত বিকল YOUTUBE; কোটি কোটি ব্যৱহাৰকাৰীৰ মাজত হাহাকাৰ

গুগলৰ সতৰ্কবাণী; বিপদত বিশ্বৰ ৪০% এণ্ড্ৰইড ফোন

যদি আপোনাৰো এণ্ড্ৰইড ফোন আছে তেন্তে সাৱধান। বিশ্বৰ প্ৰায় ১ বিলিয়ন এণ্ড্ৰইড ফোন ব্যৱহাৰকাৰীৰ বাবে গুগলৰ সতৰ্কবাণী জাৰি ।

আমেৰিকাৰ কোম্পানী গুগলে এটা ডাঙৰ সতৰ্কবাণী দি কয় যে এণ্ড্ৰইড স্মাৰ্টফোন ব্যৱহাৰকাৰীৰ প্ৰায় আধা সংখ্যক মেলৱেৰ আৰু স্পাইৱেৰৰ বিপদত পৰিছে। এই বিপদৰ কাৰণ হৈছে পুৰণি এণ্ড্ৰইড অ’ এছ সংস্কৰণ।এই তথ্য ফৰ্বছে প্ৰদান কৰিছে।

প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে এই দুৰ্বলতাৰ কাৰণ হৈছে পুৰণি এণ্ড্ৰইড অ’ এছ সংস্কৰণ।যিবোৰ এণ্ড্ৰইড ১৩ বা পুৰণি অ’ এছত চলে।

পুৰণি এণ্ড্ৰইড অ’ এছ ক এতিয়া সুৰক্ষা আপডেট নাপায়,যাৰ বাবে তেওঁলোক আটাইতকৈ বেছি বিপদত পৰে।বিশ্বজুৰি এনে স্মাৰ্টফোন ব্যৱহাৰকাৰীৰ সংখ্যা ১ বিলিয়নতকৈও অধিক।

স্মাৰ্টফোন ব্যৱহাৰকাৰীক পৰামৰ্শ দিছে যে, যিসকলৰ মোবাইলে পুৰণি অ’ এছত কাম কৰে,তেওঁলোকে শেহতীয়া এণ্ড্ৰইড অ’ এছলৈ আপডেট কৰিব লাগে।ইয়াৰ উপৰিও, সুৰক্ষা সমৰ্থন নিয়মিতভাৱে আপডেইট কৰিব লাগে।

লগতে পঢ়ক: স্পেইন আৰু গ্ৰীচ চৰকাৰৰ ডাঙৰ সিদ্ধান্ত; ১৬ বছৰৰ তলৰ যুৱক-যুৱতীৰ বাবে নিষিদ্ধ  হ’ব ছ’চিয়েল মিডিয়া

এপল আৰু গুগলত উপলব্ধ বহু ‘নিষিদ্ধ এপ’; যাৰ দ্বাৰা প্ৰস্তুত কৰা হয় মহিলাৰ অশ্লীল ছবি

এপল আৰু গুগলত এতিয়াও উপলব্ধ হৈ আছে বহু ‘নিষিদ্ধ এপ’। যি সমূহ এপ ব্যৱহাৰ কৰি বনোৱা হয় মহিলাৰ অশ্লীল ফটো।

ইতিমধ্যে এপল আৰু গুগলে অশ্লীল ছবি বনাব পৰা এপসমূহ নিষিদ্ধ কৰিছে।কিন্তু এক নতুন প্ৰতিবেদনত এক চাঞ্চল্যকৰ কথা পোহৰলৈ আহিছে।

টেক ট্ৰেন্সপাৰেন্সি প্ৰজেক্টৰ প্ৰতিবেদনত দাবী কৰা হৈছে যে দুয়োটা প্লেটফৰ্মতে এনে বহুতো এপ এতিয়া উপলব্ধ আছে,যিয়ে মহিলাৰ স্বাভাৱিক এখন ফটো মহিলা গৰাকীৰ কোনো অনুমতি নোলোৱাকৈয়ে অশ্লীল ছবিলৈ ৰূপান্তৰিত কৰিব পাৰে।

প্ৰতিবেদনটোত কোৱা হৈছে যে,এপলৰ এপ ষ্ট’ৰ আৰু এণ্ড্ৰইডৰ প্লে ষ্ট’ৰত এনে বহু এপ আছে,যিয়ে মহিলাৰ স্বাভাৱিক এখন ফটো মহিলা গৰাকীৰ কোনো অনুমতি নোলোৱাকৈয়ে অশ্লীল ছবিলৈ ৰূপান্তৰিত কৰিব পাৰে। দুয়োটা প্লেটফৰ্মতে এনে এপৰ সংখ্যা ১০০ৰো অধিক।

প্ৰতিবেদনটোৰ মতে, এপলৰ এপ ষ্ট’ৰত প্ৰায় ৪৭টা আৰু প্লে ষ্ট’ৰত ৫৫টা এনে এপ আছে।এই এপসমূহত মহিলাৰ ফটো আৰু ভিডিঅ’ত তেওঁলোকৰ কাপোৰ নোহোৱা কৰা বৈশিষ্ট্য প্ৰদান কৰিছে।

এই এপসমূহ বিশ্বজুৰি উপলব্ধ।অৱশ্যে কোম্পানীয়ে এনে এপসমূহৰ ক্ষেত্ৰত ধাৰাবাহিকভাৱে ব্যৱস্থা গ্ৰহণ কৰি আঁতৰাবলৈ চেষ্টা কৰি আছে।

অৱশ্যে প্ৰতিবেদনটোত এইটো উল্লেখ কৰা হোৱা নাই যে,গৱেষণাত এই এপসমূহ কেতিয়া আৰু কিমান দিনৰ পৰা দেখা গৈছে।

প্ৰতিবেদনটোত দাবী কৰিছে যে,এই এপবোৰ এপ ষ্ট’ৰ আৰু প্লে ষ্ট’ৰত খুব সহজে বিচাৰি পোৱা যায়।নতুন এপটোত nudify বা undress আদি সহজ শব্দৰে সন্ধান কৰিব পাৰিব।এই এপসমূহ বিশ্বজুৰি ৭০ কোটি বাৰ ডাউনলোড কৰা হৈছে।

লগতে পঢ়ক: মেটাৰ বিশেষ সতৰ্কতা… ১৮ বছৰৰ তলৰ ব্যৱহাৰকাৰীৰ বাবে বন্ধ হ’ব এই বিশেষ বৈশিষ্ট্য

গুগল আৰু এপলৰ বন্ধুত্বত সুখী নহয় ইলন মাস্ক; বিস্ফোৰক মন্তব্য

গুগল আৰু এপলৰ বন্ধুত্বক লৈ ইলন মাক্সে ডাঙৰ মন্তব্য দিছে। এই চুক্তিত সুখী নহয় মাক্স।

এপল আৰু গুগলৰ অংশীদাৰিত্বক লৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ইলন মাস্কে। মাস্কে, তেওঁৰ অফিচিয়েল এক্স হেণ্ডেলৰ জৰিয়তে, এই অংশীদাৰিত্বক ক্ষমতাৰ অন্যায় কেন্দ্ৰীভূতকৰণ বুলি অভিহিত কৰিছে।

গুগল আৰু এপলৰ মাজত আইফোনত চিৰি ভইচ এচিষ্টেণ্টৰ বাবে এই অংশীদাৰিত্ব হৈছে,য’ত এপলৰ নতুন প্ৰজন্মৰ চিৰিত ব্যৱহাৰ কৰা হ’ব গুগল এচিষ্টেণ্ট এআই।

ইলন মাস্কে এই বন্ধুত্বক অনুচিত বুলি অভিহিত কৰে আৰু কয় যে ইয়াৰ ফলত গুগলে অধিক শক্তি লাভ কৰিব।ইতিমধ্যে তেওঁৰ হাতত এণ্ড্ৰইড আৰু ক্ৰ’ম আছে।

ইলন মাস্কে গুগলে এক্সৰ সৈতে অংশীদাৰিত্ব ঘোষণা কৰা পোষ্টটোৰ প্ৰতি তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ।মাক্সে কয় যে,ইতিমধ্যে গুগলৰ একাধিক প্লেটফৰ্ম আছে।

এপলৰ এআই গতাই দিয়াটো ভুল হ’ব,কাৰণ ইয়াৰ ফলত গুগলৰ একচেটিয়া অধিকাৰ বৃদ্ধি পাব। উল্লেখ্য যে,ইলন মাস্কৰ কোম্পানী xAI য়েও AI ৰ ক্ষেত্ৰত কাম কৰি আছে। কোম্পানীটোৱে কেইবছৰমানৰ আগতে এজেণ্টিক এআই গ্ৰ’ক মুকলি কৰিছিল।

লগতে পঢ়ক: Google আৰু Apple এ মিলালে হাত; কোটি টকাত চূড়ান্ত হ’ল চুক্তি

Google আৰু Apple এ মিলালে হাত; কোটি টকাত চূড়ান্ত হ’ল চুক্তি

আইফোন ব্যৱহাৰকাৰী সকলৰ বাবে আহিছে এটা ভালখবৰ। Google আৰু Apple এ মিলালে হাত

আইফোন ব্যৱহাৰকাৰী সকলৰ বাবে Google আৰু Apple এ হাত মিলাইছে। Apple এ নিশ্চিত কৰিছে যে গুগল জেমিনি আইফোনত ব্যৱহৃত ভইচ এচিষ্টেণ্ট চিৰিৰ সৈতে সংযুক্ত কৰা হ’ব।

Apple ৰ এই সিদ্ধান্ত লাখ লাখ আইফোন ব্যৱহাৰকাৰীৰ বাবে উপকাৰী বুলি প্ৰমাণিত হ’ব পাৰে। Google জেমিনি এআইক চিৰিৰ সৈতে সংযুক্ত কৰাৰ লগে লগে ভইচ এচিষ্টেণ্টটো আইফোন, আইপেড, আৰু মেক ব্যৱহাৰকাৰীৰ বাবে আৰু অধিক ব্যক্তিগতকৃত হ’ব।এই বছৰ অনুষ্ঠিত হ’বলগীয়া WWDC 2026 ত এপলে এই কথা ঘোষণা কৰিব পাৰে।

Apple এ স্বীকাৰ কৰিছে যে গুগলৰ এআই প্ৰযুক্তি হৈছে এপল ফাউণ্ডেশ্যন মডেলৰ আটাইতকৈ ফলপ্ৰসূ ভেটি।এপল আৰু গুগলে এই যৌথ বিবৃতি Google কীৱৰ্ডছ ব্লগত প্ৰকাশ কৰিছে।

ইয়াৰ পূৰ্বে ২০২৫ চনৰ নৱেম্বৰ মাহত ব্লুমবাৰ্গৰ মাৰ্ক গুৰমানে এই কথা প্ৰকাশ কৰিছিল যে,এপলে চিৰি আপডেটৰ বাবে Google ক বাছি লৈছে।ইয়াৰ বাবে এপলে প্ৰতি বছৰে ১ বিলিয়ন ডলাৰ খৰচ কৰিব।

এণ্ড্ৰইড অথৰিটিৰ এক নতুন প্ৰতিবেদন অনুসৰি দুয়োটা কোম্পানীয়ে প্ৰথমবাৰৰ বাবে ৰাজহুৱাভাৱে এই চুক্তি আনুষ্ঠানিকভাৱে নিশ্চিত কৰিছে।অৱশ্যে দুয়োটা কোম্পানীয়ে ১ বিলিয়ন ডলাৰৰ বিষয়টোৰ কথা উল্লেখ কৰা নাই।

এপলে প্ৰথমে ঘোষণা কৰিছিল যে ২০২৪ চনৰ প্ৰথমাৰ্ধত চিৰিত এআইৰ বৈশিষ্ট্য সংযোজন কৰা হ’ব।পৰৱৰ্তী সময়ত এই প্ৰকল্পটো যোৱা বছৰৰ মাৰ্চলৈ পিছুৱাই দিয়া হৈছিল।

লগতে পঢ়ক: মহাকাশত সফলতাৰ এক নতুন অধ্যায় লিখিবলৈ সাজু ভাৰত; পিছ পৰি ৰ’ল আমেৰিকা

২০২৫ চনত গুগলত সৰ্বাধিক সন্ধান বিষয় বস্তু আছিল কি?  ধৰ্মেন্দ্ৰৰ দেহাৱসানৰ পৰা জুবিন গাৰ্গ লৈকে…

ধৰ্মেন্দ্ৰৰ দেহাৱসানৰ পৰা জুবিন গাৰ্গ লৈকে…;২০২৫ চনত গুগলত সৰ্বাধিক সন্ধান বিষয় বস্তু আছিল কি?

২০২৫ চনটোৱে যেনেকৈ মানুহৰ বাবে নতুন শক্তি আৰু সুখ কঢ়িয়াই আনিছিলে, তেনেকৈয়ে ইয়াৰ অন্ত ভিন্ন অভিজ্ঞতাৰে পৰিব।

এই বছৰটো কিছুমানৰ বাবে আচৰিত হোৱাৰ বিপৰীতে আন কিছুমানে অত্যন্ত কঠিন অনুভৱ কৰিছে। মুঠতে ২০২৫ চনটো বহুতৰে বাবে বিশেষ হোৱা নাই।

প্ৰতি বছৰৰ দৰেই এই বছৰটো মানুহে গুগলক বহুত প্ৰশ্ন কৰিছিল।২০২৫ চনত গুগলত সৰ্বাধিক সন্ধান হোৱা শব্দটো কি আছিল (Google Year in Search 2025)। জানো আহক।

গুগলৰ বাৰ্ষিক সন্ধানৰ অন্তৰ্দৃষ্টিৰ পৰা দেখা গৈছে যে আই পি এলৰ পিছত বছৰটোৰ আটাইতকৈ ট্ৰেণ্ডিং চাৰ্চ আছিল গুগল জেমিনী।

গুগলৰ জেমিনী AI টুল এইবাৰ ভাৰতত সৰ্বাধিক সন্ধান কৰা প্ৰশ্ন হিচাপে পৰিগণিত হৈছিল। এআই শাখাত জেমিনীৰ পিছতে জেমিলী এআই ফটো দ্বিতীয় স্থানত,ইফালে ইলন মাস্কৰ কোম্পানী xAI ৰ এআই চেটবট তৃতীয় স্থানত থকাৰ বিপৰীতে,চীনৰ চেটবট ডিপছিক চতুৰ্থ আৰু পাৰ্প্লেক্সিটিয়ে পঞ্চম স্থান লাভ কৰে।

এইবাৰ গুগলে ‘A to Z in Search 2025’ নামৰ এখন আকৰ্ষণীয় তালিকাও প্ৰকাশ কৰিছে।এই তালিকাত ভাৰতৰ প্ৰতিটো ইংৰাজী আখৰৰ সৈতে আটাইতকৈ ট্ৰেণ্ডিঙত থকা বিষয়সমূহ অন্তৰ্ভুক্ত কৰা হৈছে।

এই তালিকাত Aৰ বাবে আটাইতকৈ ট্ৰেণ্ডিং তালিকাত আছিল “ছায়াৰা”ৰ তাৰকা অনিল পদ্দা আৰু আহন পাণ্ডে। Bৰ বাবে ব্রায়ান জনছনৰ নিখিল কামাত প’ডকাষ্ট আছিল আটাইতকৈ ট্ৰেণ্ডিং। C আছিল “চিজফাইয়াৰ”, D আছিল “ধৰ্মেন্দ্ৰ”কে ধৰি Z ত জুবিন গাৰ্গৰ মৃত্যু অন্তৰ্ভূক্ত কৰিছে।

লগতে পঢ়ক: ৩০ দিনত ১৪০০ ভূমিকম্প… প্ৰকৃতিৰ ক্ৰোধৰ সন্মুখীন এইখন দেশ

গুগলৰ সতৰ্কবাণী; Oracle ডাটা চুৰিৰ আঁৰত বৃহৎ চাইবাৰ আক্ৰমণ

Oracle ডাটা চুৰিৰ আঁৰত বৃহৎ চাইবাৰ আক্ৰমণ

পুনৰ এবাৰ প্ৰযুক্তিৰ জগতখনত এক ডাঙৰ ভাবুকিৰ সৃষ্টি হৈছে। Alphabetৰ কোম্পানী গুগলে সতৰ্কবাণী জাৰি কৰিছে যে হেকাৰে এতিয়া কোম্পানীসমূহৰ শীৰ্ষ কাৰ্যবাহীসকলক লক্ষ্য কৰি ভাবুকিপূৰ্ণ ইমেইল প্ৰেৰণ কৰিছে।

এই ইমেইলসমূহত দাবী কৰা হৈছে যে হেকাৰে Oracle E-Business Suite ৰ পৰা স্পৰ্শকাতৰ তথ্য চুৰি কৰিছিল আৰু যদিহে কোম্পানীসমূহে মুক্তিপণ নিদিয়ে তেন্তে এই তথ্য ৰাজহুৱা কৰা হ’ব।

আটাইতকৈ ডাঙৰ চিন্তাটো হ’ল এই ইমেইলবোৰ কুখ্যাত ক্লপ ৰেনছমৱেৰ গ্ৰুপৰ সৈতে জড়িত বুলি কোৱা হৈছে,যিয়ে ইতিমধ্যে বৃহৎ পৰিসৰৰ চাইবাৰ আক্ৰমণ সংঘটিত কৰিছে।

গুগলৰ মতে, হেকাৰে কেইবাটাও কোম্পানীৰ জ্যেষ্ঠ কাৰ্যবাহীলৈ ইমেইল প্ৰেৰণ কৰি এইটো দাবী কৰিছে যে, তেওঁলোকে অৰেকলৰ ব্যৱসায়িক এপ্লিকেচনৰ পৰা বিত্তীয় আৰু কাৰ্য্যকৰী তথ্য চুৰি কৰিছিল।

অৱশ্যে গুগলে স্পষ্ট কৰি দিছে যে প্ৰকৃততে তথ্য চুৰি হৈছে নে নাই তাৰ কোনো প্ৰমাণ এতিয়াও পোৱা নাই।আমোদজনক কথাটো হ’ল, গুগলে এই ইমেইলৰ বলি হোৱা কিমান কোম্পানী বা কোন বিষয়াও হৈছে সেই কথাও প্ৰকাশ কৰা নাই।

অর্থাৎ এই মুহূৰ্তত পৰিস্থিতি সম্পূৰ্ণৰূপে স্পষ্ট হোৱা নাই,কিন্তু এইটো নিশ্চিত যে ক্লপৰ দৰে ৰেনছমৱেৰ গ্ৰুপে অহৰহ নতুন নতুন কৌশল বিকশিত কৰি আছে আৰু কৰ্পৰেট ডাটা এটা ডাঙৰ অস্ত্ৰ হৈ পৰিছে।

লগতে পঢ়ক: “সন্তানৰ স্বাস্থ্যৰ বাবে নেটফ্লিক্স বাতিল কৰক”; ইলন মাস্কে বাতিল কৰিলে নেটফ্লিক্সৰ চাবস্ক্ৰিপচন

গুগল আৰু এপলৰ পিছত Meta ৰ ডাঙৰ ইভেণ্ট; মুকলি কৰিব হেডছ-আপ ডিছপ্লেৰ  স্মাৰ্ট চশমা

গুগল আৰু এপলৰ পিছত Meta ৰ ডাঙৰ ইভেণ্ট

Meta Connect 2025 আৰম্ভ হ’বলৈ ওলাইছে।এই অনুষ্ঠানৰ আৰম্ভণি কৰিব ফেচবুকৰ সহ-প্ৰতিষ্ঠাপক তথা মেটাৰ চিইঅ’ মাৰ্ক জুকাৰবাৰ্গে।এই অনুষ্ঠানৰ সময়ত কোম্পানীটোৱে কেইবাটাও ডাঙৰ ঘোষণা কৰিব।

ইয়াৰ ভিতৰত আছে নতুন ৰে-বেন মেটা গ্লাছ,Oakley Meta Sphaera Glasses আৰু আৰু বহুতো ডাঙৰ ডাঙৰ ঘোষণা থাকিব।

ইয়াৰ পূৰ্বে এপলে নিজৰ আইফোন ১৭ ছিৰিজ উন্মোচন কৰিছিল।আৰু গুগলে পিক্সেল ১০ ছিৰিজ উন্মোচন কৰিলে।

মেটা কানেক্ট ২০২৫ ইভেণ্ট আৰম্ভ হোৱাৰ পূৰ্বে কোম্পানীটোৱে ইউটিউবত এটা ভিডিঅ’ পোষ্ট কৰিছিল, কিন্তু কিছু সময়ৰ পাছতেই আঁতৰাই পেলালে।

ভিডিঅ’ ক্লিপটোত নতুন মেটা ৰে-বেন চশমাৰ আভাস দেখা গৈছিল,যাৰ ভিতৰত হেডছ আপ ডিছপ্লে আছে।ইয়াৰ ভিতৰত আপুনি মেপ, টেক্সট আদি চাব পাৰিব।

চিংগল কেমেৰা চেন্সৰৰ সৈতে আগন্তুক মেটা অকলি গ্লাছৰ আভাসও দেখুওৱা হৈছিল। এইটো কোম্পানীটোৰ দ্বিতীয়টো স্মাৰ্টগ্লাছ প্ৰডাক্ট।

ইয়াক বিশেষভাৱে খেলুৱৈসকলৰ বাবে ডিজাইন কৰা হৈছে।এই মূল্য ৮০০ মাৰ্কিন ডলাৰ পৰ্যন্ত হ’ব,যিটো ভাৰতীয় মুদ্ৰালৈ ৰূপান্তৰিত হ’লে ৭০,২০৬ টকা হ’ব।

লগতে পঢ়ক: নাছাৰ পাৰ্চেভাৰেন্স ৰভাৰে মংগল গ্ৰহত দিলে জীৱনৰ সংকেত… সম্ভাৱ্য বায়চিগনেচাৰ আৰু জৈৱিক কাৰ্বনৰ সন্ধান