গুগল আৰু এপলৰ বন্ধুত্বত সুখী নহয় ইলন মাস্ক; বিস্ফোৰক মন্তব্য

গুগল আৰু এপলৰ বন্ধুত্বত সুখী নহয় ইলন মাস্ক; বিস্ফোৰক মন্তব্য

গুগল আৰু এপলৰ বন্ধুত্বক লৈ ইলন মাক্সে ডাঙৰ মন্তব্য দিছে। এই চুক্তিত সুখী নহয় মাক্স। এপল আৰু গুগলৰ অংশীদাৰিত্বক লৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ইলন মাস্কে। মাস্কে, তেওঁৰ অফিচিয়েল এক্স হেণ্ডেলৰ জৰিয়তে, এই অংশীদাৰিত্বক ক্ষমতাৰ অন্যায় কেন্দ্ৰীভূতকৰণ বুলি অভিহিত কৰিছে। গুগল আৰু এপলৰ মাজত আইফোনত

গুগল আৰু এপলৰ বন্ধুত্বক লৈ ইলন মাক্সে ডাঙৰ মন্তব্য দিছে। এই চুক্তিত সুখী নহয় মাক্স।

এপল আৰু গুগলৰ অংশীদাৰিত্বক লৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ইলন মাস্কে। মাস্কে, তেওঁৰ অফিচিয়েল এক্স হেণ্ডেলৰ জৰিয়তে, এই অংশীদাৰিত্বক ক্ষমতাৰ অন্যায় কেন্দ্ৰীভূতকৰণ বুলি অভিহিত কৰিছে।

গুগল আৰু এপলৰ মাজত আইফোনত চিৰি ভইচ এচিষ্টেণ্টৰ বাবে এই অংশীদাৰিত্ব হৈছে,য’ত এপলৰ নতুন প্ৰজন্মৰ চিৰিত ব্যৱহাৰ কৰা হ’ব গুগল এচিষ্টেণ্ট এআই।

ইলন মাস্কে এই বন্ধুত্বক অনুচিত বুলি অভিহিত কৰে আৰু কয় যে ইয়াৰ ফলত গুগলে অধিক শক্তি লাভ কৰিব।ইতিমধ্যে তেওঁৰ হাতত এণ্ড্ৰইড আৰু ক্ৰ’ম আছে।

ইলন মাস্কে গুগলে এক্সৰ সৈতে অংশীদাৰিত্ব ঘোষণা কৰা পোষ্টটোৰ প্ৰতি তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ।মাক্সে কয় যে,ইতিমধ্যে গুগলৰ একাধিক প্লেটফৰ্ম আছে।

এপলৰ এআই গতাই দিয়াটো ভুল হ’ব,কাৰণ ইয়াৰ ফলত গুগলৰ একচেটিয়া অধিকাৰ বৃদ্ধি পাব। উল্লেখ্য যে,ইলন মাস্কৰ কোম্পানী xAI য়েও AI ৰ ক্ষেত্ৰত কাম কৰি আছে। কোম্পানীটোৱে কেইবছৰমানৰ আগতে এজেণ্টিক এআই গ্ৰ’ক মুকলি কৰিছিল।

লগতে পঢ়ক: Google আৰু Apple এ মিলালে হাত; কোটি টকাত চূড়ান্ত হ’ল চুক্তি

শেহতীয়া প্ৰৱন্ধসমূহ