সলনি হ’ল ইলন মাস্কৰ পৰিকল্পনা; মংগল গ্ৰহৰ পূৰ্বে চন্দ্ৰত চহৰ নিৰ্মাণৰ প্ৰস্তুতি
স্পেচএক্সৰ প্ৰতিষ্ঠাপক ইলন মাস্কে পুনৰবাৰ চন্দ্ৰত এখন চহৰ নিৰ্মাণৰ পৰিকল্পনা শ্বেয়াৰ কৰিছে।মাস্কে নিজেই এই তথ্য দিছে আৰু কৈছে যে মংগল গ্ৰহতকৈ কম সময়ত চন্দ্ৰত এখন চহৰ নিৰ্মাণ কৰিব পাৰি।
স্পেচএক্সৰ প্ৰতিষ্ঠাপক ইলন মাস্কে পুনৰবাৰ চন্দ্ৰত এখন চহৰ নিৰ্মাণৰ পৰিকল্পনা শ্বেয়াৰ কৰিছে।মাস্কে কয় যে স্পেচএক্সে এতিয়া মংগল গ্ৰহত বসতি স্থাপন কৰাৰ পূৰ্বে চন্দ্ৰত এখন স্ব-নিৰ্ভৰশীল চহৰ প্ৰতিষ্ঠা কৰাত মনোনিৱেশ কৰিছে।
কোম্পানীটোৰ প্ৰতিষ্ঠাপক তথা মুখ্য কাৰ্যবাহী বিষয়া ইলন মাস্কে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত পোষ্ট কৰি কয় যে,চন্দ্ৰত এখন ‘স্বাধীন’ চহৰ বা বা স্ব-উন্নয়নশীল এখন চহৰ নিৰ্মাণৰ লক্ষ্য ১০ বছৰতকৈও কম সময়ৰ ভিতৰতে কৰিব পৰা যাব,আনহাতে মংগল গ্ৰহত এই কামটো কৰিবলৈ ২০ বছৰতকৈও অধিক সময় লাগিব পাৰে।
মাস্কে স্পষ্ট কৰি দিয়ে যে স্পেচএক্সে মংগল গ্ৰহত এখন চহৰ নিৰ্মাণৰ প্ৰচেষ্টা অব্যাহত ৰাখিব,কিন্তু ইয়াৰ আৰম্ভ প্ৰায় ৫ৰ পৰা ৭ বছৰৰ পিছত হ’ব।

বৰ্তমান কোম্পানীটোৰ অগ্ৰাধিকাৰ হৈছে চন্দ্ৰত মানৱ বসতি স্থাপন কৰা।এই ঘোষণা যোৱা কিছুদিনত আহিছে,যেতিয়া স্পেচএক্সে নিজৰ সম্পদ মংগল অভিযানৰ পৰা চন্দ্ৰলৈ স্থানান্তৰিত কৰিছে।
জানিব পৰা মতে, এতিয়া কোম্পানীটোৱে ২০২৭ চনৰ মাৰ্চ মাহৰ ভিতৰত চন্দ্ৰত ক্ৰুবিহীন(মানুহ অবিহনে) অৱতৰণ কৰাৰ লক্ষ্য লৈছে।
ইয়াৰ পূৰ্বে মাস্কে ২০২৬ চনৰ শেষৰ ফালে মংগল গ্ৰহলৈ ক্ৰুবিহীন মিছন প্ৰেৰণ কৰাৰ কথা কৈছিল,কিন্তু এতিয়া টাইমলাইন সলনি হৈছে।এই পৰিৱৰ্তন স্পেচএক্সৰ ষ্টাৰশ্বিপ ৰকেটৰ বিকাশৰ সৈতে জড়িত।
ষ্টাৰশ্বিপ হৈছে বিশ্বৰ আটাইতকৈ ডাঙৰ আৰু শক্তিশালী পুনৰ ব্যৱহাৰযোগ্য ৰকেট, যিটো চন্দ্ৰ আৰু মংগল উভয়ৰে বাবে ডিজাইন কৰা হৈছে।নাছাৰ আৰ্টেমিছ প্ৰগ্ৰেমৰ অধীনত স্পেচএক্সক চন্দ্ৰত মহাকাশচাৰীক অৱতৰণ কৰাৰ চুক্তি লাভ কৰিছে।
মাস্কৰ মতে চন্দ্ৰত প্ৰথমে ঘাটি নিৰ্মাণ কৰাটো সহজ আৰু দ্ৰুত হ’ব,কাৰণ পৃথিৱীৰ পৰা দূৰত্ব কম (প্ৰায় ৩ দিনৰ যাত্ৰা), আনহাতে মংগল গ্ৰহত উপনীত হ’বলৈ ৬-৯ মাহ সময় লাগে।
কাৰ্গো মিছনৰ দ্বাৰা সামগ্ৰী যোগান ধৰা হ’ব, তাৰ পিছত থ্ৰীডি প্ৰিন্টিং আৰু ৰবটৰ সহায়ত ভিত্তিটো সম্প্ৰসাৰিত কৰা হ’ব।এই চহৰখন আত্মনিৰ্ভৰশীল হ’ব,অৰ্থাৎ নিজৰ প্ৰয়োজন পূৰণ কৰা।
মংগল গ্ৰহৰ তুলনাত চন্দ্ৰত বিকিৰণ, ধূলিৰ ধুমুহা আৰু কম মাধ্যাকৰ্ষণ শক্তিৰ দৰে প্ৰত্যাহ্বান কম।মাস্কৰ লক্ষ্য হৈছে চন্দ্ৰৰ ওপৰত ভিত্তি নিৰ্মাণ কৰি মানুহক বহুগ্ৰহীয় প্ৰজাতি হিচাপে গঢ়ি তোলা,যিয়ে মানৱতাক দীৰ্ঘদিন ধৰি ৰক্ষা কৰাত সহায় কৰিব।
লগতে পঢ়ক: শত্ৰুৰ বুকুত কঁপনি তুলি অগ্নি-৩ মিছাইলৰ সফল পৰীক্ষণ ভাৰতৰ