টুইটাৰ ব্ৰেণ্ডৰ ট্ৰেডমাৰ্ক ব্যৱহাৰক লৈ ইলন মাস্কৰ কোম্পানী এক্স কৰ্পে এইবাৰ ষ্টাৰ্টআপটোৰ বিৰুদ্ধে গোচৰ তৰিছে।
টুইটাৰ ব্ৰেণ্ডৰ ট্ৰেডমাৰ্ক ব্যৱহাৰক লৈ ইলন মাস্কৰ কোম্পানী এক্স কৰ্পে ষ্টাৰ্টআপটোৰ বিৰুদ্ধে গোচৰ তৰিছে।ইয়াৰ পূৰ্বে মাস্কৰ কোম্পানীয়ে টুইটাৰ ট্ৰেডমাৰ্ক বন্ধ কৰাৰ সিদ্ধান্ত লৈছিল কিন্তু এতিয়া ই পুনৰ এই ট্ৰেডমাৰ্ক ব্যৱহাৰ কৰিব বিচাৰিছে।
১৬ ডিচেম্বৰ মঙলবাৰে কোম্পানীটোৱে ডেলাৱেৰৰ ফেডাৰেল আদালতত গোচৰ তৰি কয় যে টুইটাৰ ব্ৰেণ্ডটো এতিয়াও জীয়াই আছে আৰু ইয়াক কাৰো ব্যৱহাৰৰ বাবে নহয়।
আমেৰিকাৰ ছ’চিয়েল মিডিয়া ষ্টাৰ্টআপ ব্লুবাৰ্ডে টুইটাৰ ট্ৰেডমাৰ্ক ব্যৱহাৰ কৰিবলৈ আবেদন কৰিছিল,যিটো সন্দৰ্ভত ইলন মাস্কৰ কোম্পানী এক্স কৰ্পে ফেডাৰেল আদালতত দাখিল কৰা শপতনামাত ইয়াক ট্ৰেডমাৰ্ক চুৰি কৰাৰ চেষ্টা বুলি অভিহিত কৰা হৈছে।
ইফালে,ব্লুবাৰ্ডৰ প্ৰতিষ্ঠাপক মাইকেল পেৰফে এক্সৰ এই গোচৰৰ উত্তৰ দি কয় আমি টুইটাৰ ব্ৰেণ্ডটো বাতিল কৰিবলৈ আবেদন ট্ৰেডমাৰ্ক আইনৰ ভিত্তিত কৰিছো আৰু আশা কৰিছো যে আমি ইয়াত সফল হম।
ব্লুবাৰ্ডৰ প্ৰতিষ্ঠাপকে নিজৰ বিবৃতিত আৰু কয় যে আমি আমাৰ লক্ষ্যত উপনীত হ’বলৈ আৰু আগবাঢ়ি যাবলৈ সম্পূৰ্ণ প্ৰস্তুত।এই অভিযোগৰ সন্দৰ্ভত এই সময়ত এক্স কৰ্প আৰু অধিবক্তাই কোনো বিবৃতি প্ৰকাশ কৰা নাই।
উল্লেখ্য যে, ইলন মাস্কে ২০২২ চনত ৪৪ বিলিয়ন ডলাৰত মাইক্ৰ’ব্লগিং প্লেটফৰ্ম টুইটাৰ ক্ৰয় কৰিছিল।পিছলৈ ইয়াক এক্সলৈ পুনৰ ব্ৰেণ্ড কৰা হয়।
লগতে পঢ়ক: য’ত নোহোৱা হৈ যায় বিমান আৰু জাহাজ… ৰহস্যময় বাৰ্মুডা ত্ৰিভুজৰ নতুন তথ্য উদঘাটন









