মুকলিৰ বাবে সাজু SpaceX; আহি আছে বিশ্বৰ আটাইতকৈ ডাঙৰ IPO

মুকলিৰ বাবে সাজু SpaceX; আহি আছে বিশ্বৰ আটাইতকৈ ডাঙৰ IPO

আহি আছে বিশ্বৰ আটাইতকৈ ডাঙৰ IPO আৰু ইয়াক বিশ্বৰ আটাইতকৈ ধনী ব্যক্তি ইলন মাস্কে মুকলি কৰিব। আহি আছে বিশ্বৰ আটাইতকৈ ডাঙৰ IPO আৰু ইয়াক বিশ্বৰ আটাইতকৈ ধনী ব্যক্তি ইলন মাস্কে মুকলি কৰিব। জানিব পৰা মতে,মাস্কে তেওঁৰ কোম্পানী স্পেচএক্সৰ IPO’ মুকলি কৰাৰ বাবে সাজু হৈছে,যি ইতিহাসৰ

আহি আছে বিশ্বৰ আটাইতকৈ ডাঙৰ IPO আৰু ইয়াক বিশ্বৰ আটাইতকৈ ধনী ব্যক্তি ইলন মাস্কে মুকলি কৰিব।

আহি আছে বিশ্বৰ আটাইতকৈ ডাঙৰ IPO আৰু ইয়াক বিশ্বৰ আটাইতকৈ ধনী ব্যক্তি ইলন মাস্কে মুকলি কৰিব। জানিব পৰা মতে,মাস্কে তেওঁৰ কোম্পানী স্পেচএক্সৰ IPO’ মুকলি কৰাৰ বাবে সাজু হৈছে,যি ইতিহাসৰ আটাইতকৈ ডাঙৰ প্ৰাৰম্ভিক ৰাজহুৱা প্ৰস্তাৱৰ তালিকাত শীৰ্ষস্থান দখল কৰিব। ধাৰণা কৰা হৈছে এই সংখ্যাটো অহা বছৰ মুকলি হ’ব পাৰে আৰু ইয়াৰ পিছত ইলন মাস্কৰ সম্পত্তি দুগুণ হ’ব পাৰে।

এই IPO’ৰ জৰিয়তে কোম্পানীটোৱে ৩০ বিলিয়ন ডলাৰতকৈ অধিক ধন সংগ্ৰহ কৰিব পাৰিব আৰু যদি এনেকুৱা হয় তেন্তে ই ইতিহাসৰ আটাইতকৈ ডাঙৰ তালিকা হিচাপে প্ৰমাণিত হ’ব।

ইলন মাস্কৰ কোম্পানী স্পেচএক্স (স্পেচএক্স আই পি অ’)য়ে নিজৰ সমগ্ৰ ব্যৱসায়ৰ মূল্য প্ৰায় ১.৫ ট্ৰিলিয়ন ডলাৰ অৰ্থাৎ ১ লাখ ৫০ হাজাৰ বিলিয়ন ডলাৰলৈ লৈ যাব বিচাৰিছে।

এই মূল্য ২০১৯ চনৰ চৌদি আৰামকোৰ অভিলেখৰ সমান হ’ব, যেতিয়া আৰামকোৱে ২৯ বিলিয়ন ডলাৰ সংগ্ৰহ কৰিছিল।যদি এনেকুৱা হয় তেন্তে স্পেচএক্স বিশ্বৰ আটাইতকৈ দামী তালিকাভুক্ত কোম্পানী হিচাপে পৰিগণিত হ’ব।

স্পেচএক্সৰ কাৰ্যবাহীসকলে ২০২৬ চনৰ মাজভাগ বা শেষৰ ফালে কোম্পানীটোক ষ্টক মাৰ্কেটলৈ অনাৰ প্ৰস্তুতি চলাইছে।কিন্তু বজাৰৰ অৱস্থাৰ ওপৰত নিৰ্ভৰ কৰি তাৰিখ সলনি হ’ব পাৰে, আৰু এই আই পি অ’ও ২০২৭ চনৰ ভিতৰত আহিব পাৰে।

এই আই পি অ’ ইমান দ্ৰুতগতিত অনাৰ এটা ডাঙৰ কাৰণ হৈছে কোম্পানীটোৰ ষ্টাৰলিংক চেটেলাইট ইণ্টাৰনেট ব্যৱসায়, যিটো অতি দ্ৰুতগতিত বৃদ্ধি পাইছে, লগতে মোবাইলত প্ৰত্যক্ষ ইন্টাৰনেটৰ ব্যৱস্থাৰো নতুন পৰিকল্পনা কৰা হৈছে।তাৰ ওপৰত ষ্টাৰশ্বিপ ৰকেটৰ বিকাশৰ কাম চলি আছে।

লগতে পঢ়ক: নিষিদ্ধ হ’ল ছচিয়েল মিডিয়া… কাৰ্যকৰী হ’ল নতুন আইন, অমান্য কৰিলেই সন্মুখীন হ’ব শাস্তিৰ

শেহতীয়া প্ৰৱন্ধসমূহ