'কেইবছৰমান পিছত উৎপাদনশীল কামো যন্ত্ৰৰ দ্বাৰা কৰা হ’ব...'; ইলন মাস্কৰ চাঞ্চল্যকৰ দাবী

‘কেইবছৰমান পিছত উৎপাদনশীল কামো যন্ত্ৰৰ দ্বাৰা কৰা হ’ব…’; ইলন মাস্কৰ চাঞ্চল্যকৰ দাবী

ইলন মাস্কৰ চাঞ্চল্যকৰ দাবী কৃত্ৰিম বুদ্ধিমত্তা আৰু ৰবটিক্সৰ ভৱিষ্যত সন্দৰ্ভত এক চাঞ্চল্যকৰ ভৱিষ্যদ্বাণী কৰিছে বিশ্বৰ আটাইতকৈ ধনী ব্যক্তি ইলন মাস্কে। আমেৰিকাৰ মহাকাশ কোম্পানী স্পেচএক্সৰ চিইঅ’ গৰাকীয়ে কয় যে ভৱিষ্যতে কাম কৰাটো মানুহৰ বাবে বিকল্প হৈ পৰিব। মাস্কৰ মতে, এআই আৰু ৰবটিক ব্যৱস্থা ইমানেই দ্ৰুতগতিত বিকশিত

ইলন মাস্কৰ চাঞ্চল্যকৰ দাবী

কৃত্ৰিম বুদ্ধিমত্তা আৰু ৰবটিক্সৰ ভৱিষ্যত সন্দৰ্ভত এক চাঞ্চল্যকৰ ভৱিষ্যদ্বাণী কৰিছে বিশ্বৰ আটাইতকৈ ধনী ব্যক্তি ইলন মাস্কে

আমেৰিকাৰ মহাকাশ কোম্পানী স্পেচএক্সৰ চিইঅ’  গৰাকীয়ে কয় যে ভৱিষ্যতে কাম কৰাটো মানুহৰ বাবে বিকল্প হৈ পৰিব।

মাস্কৰ মতে, এআই আৰু ৰবটিক ব্যৱস্থা ইমানেই দ্ৰুতগতিত বিকশিত হৈছে যে ইয়াৰ দ্বাৰা ১০ বছৰ নৌহওঁতেই সমাজৰ গাঁথনি সলনি হ’ব।

মাস্কে ভৱিষ্যদ্বাণী কৰি  কৈছিল, “ভৱিষ্যতে এনেকুৱা নহ’ব যে চাকৰি এটা ল’বলৈ চহৰলৈ যাব লাগিব।মই ভৱিষ্যদ্বাণী কৰিছো যে ভৱিষ্যতে কাম কৰাটো এটা বিকল্প হৈ পৰিব।”

মাস্কে লগতে কয় যে যেতিয়া এআইৰ জৰিয়তে কাম কৰা হয় তেতিয়া ধনৰ গুৰুত্বও শেষ হ’ব পাৰে।তেওঁৰ মতে এআই আৰু ৰবটে ইমান দক্ষতাৰে সকলো উৎপাদন কৰিব যে সকলোৰে বাবে পৰ্যাপ্ততকৈ অধিক সামগ্ৰী আৰু সেৱা উপলব্ধ হ’ব,যাৰ বাবে দৰিদ্ৰতাও শেষ হ’ব।

মাস্কে ভৱিষ্যতে কাম কৰাটো এটা চখৰ সৈতে তুলনা কৰিছিল, সেই কথা বুজাই দিছিল যে আজিৰ মানুহে যেনেকৈ বজাৰৰ পৰা কিনাৰ পৰিৱৰ্তে নিজৰ বাৰীত চখ হিচাপে শাক-পাচলি খেতি কৰে,একেদৰে ভৱিষ্যতে এটা কাম কৰাটোও একেধৰণৰ বিকল্পত পৰিণত হ’ব।

অৱশ্যে, ইলন মাস্কে এই বুলিও কয় যে,এই পৰ্যায়ত উপনীত হ’বলৈ সমাজ আৰু প্ৰযুক্তিবিদ্যাৰ এতিয়াও বহু কাম আছে।কিন্তু ভৱিষ্যতেও এনেকুৱা হ’ব বুলি তেওঁ সম্পূৰ্ণ আশাবাদী।

তেওঁ কয় যে আমি এনে এটা যুগৰ দিশে আগবাঢ়িছো য’ত উৎপাদনশীল কামো যন্ত্ৰৰ দ্বাৰা কৰা হ’ব, তাত খৰচ কমি যাব আৰু মানুহে নিজৰ আগ্ৰহৰ কামত মনোনিৱেশ কৰিব পাৰিব।

লগতে পঢ়ক: এতিয়াৰে পৰা চিম অবিহনে কাম নকৰিব হোৱাটছএপ, টেলিগ্ৰাম; কেন্দ্ৰৰ ডাঙৰ সিদ্ধান্ত

শেহতীয়া প্ৰৱন্ধসমূহ