চিম অবিহনে কাম নকৰিব হোৱাটছএপ, টেলিগ্ৰাম
ভাৰত চৰকাৰে মেছেজিং এপৰ বাবে এটা ডাঙৰ অৰ্ডাৰ জাৰি কৰিছে,যিয়ে দেশৰ লাখ লাখ ব্যৱহাৰকাৰীয়ে হোৱাটছএপ, টেলিগ্ৰাম ব্যৱহাৰ কৰাৰ ধৰণ সলনি কৰিব পাৰে।
কাৰণ এতিয়াৰে পৰা হোৱাটছএপ, টেলিগ্ৰাম, চিগনেল, স্নেপচ্যাট, শ্বেয়াৰচাট, জিঅ’চাট, আৰাট্টাই আৰু জোছৰ দৰে জনপ্ৰিয় এপবোৰে সক্ৰিয় চিম কাৰ্ড অবিহনে কাম নকৰে।
দূৰসংযোগ বিভাগে এই নিয়ম টেলিকমিউনিকেচন চাইবাৰ সুৰক্ষা সংশোধনী নিয়ম, ২০২৫ৰ অধীনত কাৰ্যকৰী কৰিছে।
দেশৰ ভিতৰতে প্ৰথমবাৰৰ বাবে এনে হৈছে যে এপ ভিত্তিক বাৰ্তা প্ৰেৰণ সেৱাও টেলিকমৰ দৰে কঠোৰ নিয়মৰ অধীনলৈ অনা হৈছে।
নতুন চিম-বাইণ্ডিং নিয়মে এই এপসমূহতো একে ব্যৱস্থা প্ৰয়োগ কৰিব,যেনেদৰে বেংকিং আৰু ইউপিআই এপসমূহত হয়, য’ত চিম সক্ৰিয় নহয়, তাত লগইন সম্ভৱ নহয়।
চৰকাৰে এই এপসমূহক টেলিকমিউনিকেচন আইডেন্টিফায়াৰ ইউজাৰ এণ্টিটি (টিআইইউ) হিচাপে শ্ৰেণীভুক্ত কৰিছে।
এতিয়া এই প্লেটফৰ্মসমূহে নিশ্চিত কৰিব লাগিব যে ব্যৱহাৰকাৰীৰ চিম কাৰ্ড সদায় এপটোৰ সৈতে সংযুক্ত হৈ থাকে।এপসমূহে ৯০ দিনৰ ভিতৰত এই ব্যৱস্থা কাৰ্যকৰী কৰিব লাগিব।
আনহাতে ৱেব ব্ৰাউজাৰৰ পৰা এপটো ব্যৱহাৰ কৰাসকলৰ বাবেও এক বৃহৎ পৰিৱৰ্তন কৰা হৈছে।ইয়াৰ অধীনত এতিয়া প্ৰতি ছয় ঘণ্টাৰ মূৰে মূৰে এপটোৱে অটো-লগআউট কৰিব, আৰু পুনৰ লগ ইন কৰিবলৈ ব্যৱহাৰকাৰীয়ে পুনৰ QR ক’ড স্কেন কৰিব লাগিব।
লগতে পঢ়ক: ভাল খবৰ; পাৰমাণৱিক শক্তিখণ্ডত ব্যক্তিগত কোম্পানীসমূহৰ প্ৰৱেশ









