ED অভিযানৰ বিৰুদ্ধে দিল্লীত টিএমচিৰ প্ৰতিবাদ; ৮ সাংসদক আটক

ED অভিযানৰ বিৰুদ্ধে দিল্লীত টিএমচিৰ প্ৰতিবাদ; ৮ সাংসদক আটক

পশ্চিম বংগৰ I-PAC ৰ কাৰ্যালয়ত ED এ অভিযান চলাই। এই অভিযানৰ বাবে টিএমচিৰ ৮ সাংসদে দিল্লীত কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ কাৰ্যালয়ৰ বাহিৰত প্ৰতিবাদ সাব্যস্ত কৰে। পশ্চিম বংগৰ বিধানসভা নিৰ্বাচনৰ সময় ওচৰ চাপি অহাৰ লগে লগে,ৰাজনৈতিক কাৰ্যকলাপ বৃদ্ধি পাইছে। বৃহস্পতিবাৰে কলকাতাৰ ৰাজনৈতিক পৰামৰ্শদাতা আৰু নিৰ্বাচন পৰিচালনা কোম্পানী I-PAC

পশ্চিম বংগৰ I-PAC ৰ কাৰ্যালয়ত ED এ অভিযান চলাই। এই অভিযানৰ বাবে টিএমচিৰ ৮ সাংসদে দিল্লীত কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ কাৰ্যালয়ৰ বাহিৰত প্ৰতিবাদ সাব্যস্ত কৰে।

পশ্চিম বংগৰ বিধানসভা নিৰ্বাচনৰ সময় ওচৰ চাপি অহাৰ লগে লগে,ৰাজনৈতিক কাৰ্যকলাপ বৃদ্ধি পাইছে। বৃহস্পতিবাৰে কলকাতাৰ ৰাজনৈতিক পৰামৰ্শদাতা আৰু নিৰ্বাচন পৰিচালনা কোম্পানী I-PAC ৰ কাৰ্যালয়ত ED এ অভিযান চলাই। ইয়াৰ মাজতে মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে সেই স্থানত উপস্থিত হয় আৰু ইয়াৰ পিছতে বিষয়টো উত্তপ্ত হৈ পৰে।

ED ৰ সেই অভিযানক লৈ শুকুৰবাৰে পুৱা মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ দলৰ সাংসদসকলে নতুন দিল্লীত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ কাৰ্যালয়ৰ বাহিৰত প্ৰতিবাদ সাব্যস্ত কৰে।

ডেৰেক অ’ব্ৰাইন, শতাব্দি ৰায়, মহুৱা মৈত্ৰ, বাপি হালদৰ, সাকেট গোখলে, প্ৰতিমা মণ্ডল, কীৰ্তি আজাদ আৰু ডাঃ শৰ্মিলা সৰকাৰে গৃহ মন্ত্ৰালয়ৰ বাহিৰত প্ৰতিবাদ সাব্যস্ত কৰিছিল।ইফালে আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ টিএমচিৰ সাংসদসকলক আটক কৰে।

প্ৰতিবাদকাৰী আৰু আৰক্ষীৰ মাজত হতাহতিৰো খবৰ পোৱা গৈছে। সাংসদ সকলক বলপূৰ্বকভাৱে আৰক্ষীৰ গাড়ীলৈ লৈ যোৱা হয়।

ইতিমধ্যে এই বিষয়টো কলিকতা উচ্চ ন্যায়ালয় পাইছে গৈ।উচ্চ ন্যায়ালয়ত দুখনকৈ আবেদন দাখিল কৰা হৈছে।দুয়োখন আবেদনৰ শুনানি হ’ব, এখন ইডিৰ আৰু আনখন টিএমচিৰ।

ইডিয়ে মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ বিৰুদ্ধে প্ৰমাণ চুৰি কৰাৰ অভিযোগ উত্থাপন কৰিছে, আনহাতে মমতা বেনাৰ্জীয়ে, ইডিক অমিত শ্বাহৰ নিৰ্দেশত টিএমচিৰ তথ্য চুৰি কৰাৰ অভিযোগ উত্থাপন কৰিছে।   

লগতে পঢ়ক: ডি কে শিৱকুমাৰ, প্ৰিয়ংকা গান্ধী, কানহাইয়া কুমাৰ…; নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছৰ বিশেষ টীম গঠন