‘ভৱিষ্যতে AI এ সকলো চাকৰি শেষ কৰিব’; ইলন মাস্কৰ ডাঙৰ ভৱিষ্যদ্বাণী

ভৱিষ্যতে AI এ সকলো চাকৰি শেষ কৰিব AIৰ বাবে চাকৰি কৰ্তনৰ সন্দৰ্ভত টেছলাৰ চিইঅ’ ইলন মাস্কে এক চাঞ্চল্যকৰ বক্তব্য দিছে।AI ৰ বাবে প্ৰতি বছৰে হাজাৰ হাজাৰ লোকক টেক কোম্পানীত চাকৰিৰ পৰা বৰ্খাস্ত কৰা হৈছে। কৃত্ৰিম বুদ্ধিমত্তাৰ আগমনৰ লগে লগে টেক কোম্পানী সমূহে বহু লোকক চাকৰিৰ

ভৱিষ্যতে AI এ সকলো চাকৰি শেষ কৰিব

AIৰ বাবে চাকৰি কৰ্তনৰ সন্দৰ্ভত টেছলাৰ চিইঅ’ ইলন মাস্কে এক চাঞ্চল্যকৰ বক্তব্য দিছে।AI ৰ বাবে প্ৰতি বছৰে হাজাৰ হাজাৰ লোকক টেক কোম্পানীত চাকৰিৰ পৰা বৰ্খাস্ত কৰা হৈছে।

কৃত্ৰিম বুদ্ধিমত্তাৰ আগমনৰ লগে লগে টেক কোম্পানী সমূহে বহু লোকক চাকৰিৰ পৰা বৰ্খাস্ত কৰিছে।এতিয়া নোহোৱা হৈ যোৱা চাকৰি সন্দৰ্ভত ইলন মাস্কে এটা ডাঙৰ বিবৃতি দিছে।

ইলন মাস্কে নিজৰ ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত কৰা এটা পোষ্টৰ উত্তৰত এইদৰে কয়।পোষ্টটোৰ উত্তৰত মাস্কে কয় যে ভৱিষ্যতে এআই আৰু ৰবটে সকলো কামৰ দায়িত্ব ল’ব।

মানুহে শাক-পাচলি কিনাৰ সলনি খেতি কৰাৰ বিকল্প থাকিব।এক্সত এজন ব্যৱহাৰকাৰীয়ে আমাজন সন্দৰ্ভত কৰা এটা পোষ্টৰ উত্তৰ দি মাস্কে এই কথা কয়।

জেছন নামৰ এজন এক্স ইউজাৰে নিজৰ পোষ্টত লিখিছে যে আগন্তুক দিনত আমাজনে ৬০ হাজাৰ লোকক চাকৰিৰ পৰা বৰ্খাস্ত কৰিবলৈ ওলাইছে।

বৰঞ্চ কোম্পানীটোৱে এআই আৰু ৰবটক চাকৰি দিবলৈ ওলাইছে।এই পোষ্টটোৰ উত্তৰ দিওঁতে ইলন মাস্কে এই কথা কৈছে।

লগতে পঢ়ক: ৯০ শতাংশ কাম সম্পূৰ্ণ… ২০২৭ চনৰ প্ৰথমাৰ্ধতে মহাকাশলৈ গগণযান অভিযান

শেহতীয়া প্ৰৱন্ধসমূহ