ভাৰতৰ স্বদেশী এ আই মডেল
ভাৰত এতিয়া কৃত্ৰিম বুদ্ধিমত্তাৰ ক্ষেত্ৰত নিজৰ পৰিচয় প্ৰতিষ্ঠা কৰিবলৈ সাজু হৈছে । চৰকাৰে কয় যে ২০২৬ চনৰ ফেব্ৰুৱাৰীৰ ভিতৰত এটা থলুৱা এ আই মডেল মুকলি কৰা হ’ব । চৰকাৰে দাবী কৰিছে যে এই এ আই মডেলটো সম্পূৰ্ণৰূপে ভাৰতীয় ডাটা ছেটত প্ৰশিক্ষণ দিয়া হ’ব আৰু ভাৰতত হ’ষ্ট কৰা হ’ব । ইণ্ডিয়া এ আই ইমপেক্ট ছামিটৰ সময়ত এই মডেল আনুষ্ঠানিকভাৱে মুকলি কৰিব ভাৰতে । চৰকাৰে ৩৮ হাজাৰ জি পি ইউ স্থাপন কৰি এ আইৰ বাবে দেশৰ কম্পিউট আন্তঃগাঁথনি শক্তিশালী কৰিছে, যিটোৱে প্ৰাৰম্ভিক লক্ষ্য ১০ হাজাৰ ইউনিট বহু পৰিমাণে অতিক্ৰম কৰিছে ।
ইলেক্ট্ৰনিকছ আৰু আই টি সচিব এছ কৃষ্ণনে ঘোষণা কৰে যে ২০২৬ চনৰ ফেব্ৰুৱাৰী মাহত ভাৰতৰ এ আই ইমপেক্ট ছামিটৰ পূৰ্বে ভাৰতৰ প্ৰথমটো থলুৱা এ আই মডেল মুকলি কৰা হ’ব । এছ কৃষ্ণনে উল্লেখ কৰে যে দেশখনে ৩৮,০০০ জি পি ইউ নিয়োগ কৰি কম্পিউট আন্তঃগাঁথনি নতুন উচ্চতালৈ লৈ গৈছে আৰু এতিয়া সম্পূৰ্ণৰূপে ভাৰতীয় তথ্যৰ ওপৰত ভিত্তি কৰি এ আই মডেল প্ৰস্তুত কৰি আছে ।
ইণ্ডিয়া মোবাইল কংগ্ৰেছ ২০২৫ত ভাষণ দি ইলেক্ট্ৰনিকছ আৰু আই টি সচিব এছ কৃষ্ণনে কয় যে ভাৰতৰ প্ৰথমটো সম্পূৰ্ণ থলুৱা এ আই মডেল চলিত বৰ্ষৰ শেষৰ ফালে সাজু হ’ব । তেওঁ লগতে কয় যে ভাৰতে এই মডেলটো আনুষ্ঠানিকভাৱে ২০২৬ চনৰ ফেব্ৰুৱাৰী মাহত অনুষ্ঠিত হ’বলগীয়া ইণ্ডিয়া এ আই ইমপেক্ট ছামিটৰ সময়ত মুকলি কৰিব । আমি আশা কৰিছো যে এই বছৰৰ শেষৰ ফালে আমাৰ প্ৰথমটো ফাউণ্ডেশ্যনেল মডেল সাজু হ’ব আৰু ইণ্ডিয়া এ আই সন্মিলনৰ সময়লৈকে মুকলিৰ বাবে সাজু হ’ব ।
সচিবগৰাকীয়ে লগতে কয় যে ভাৰতে এতিয়া ইণ্ডিয়া ছেমিকণ্ডাক্টৰ মিছন ২.০ৰ অধীনত নিজাকৈ জি পি ইউ বিকশিত কৰাৰ কাম কৰি আছে । তেওঁ কয় যে দেশৰ প্ৰযুক্তিগত স্বাৱলম্বীতাৰ বাবে ঘৰুৱা জি পি ইউ নিৰ্মাণ অতি প্ৰয়োজনীয় আৰু ভৱিষ্যতে ভাৰতৰ এ আই পৰিৱেশ তন্ত্ৰক আৰু অধিক শক্তিশালী কৰি তুলিব ।
লগতে পঢ়ক : ২০২৫ বৰ্ষৰ ৰসায়ন বিজ্ঞানৰ নোবেল বঁটা ঘোষণা









