শিৰনত এক্স; Grok ত বিকিনি ফটো পোষ্ট কৰাত নিষেধাজ্ঞা

শিৰনত এক্স; Grok ত বিকিনি ফটো প্ৰস্তুত কৰাত নিষেধাজ্ঞা

Grok ক লৈ এক্সে কেইবাটাও গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে। এতিয়াৰে পৰা Grok ত প্ৰস্তুত কৰিব নোৱাৰিব অশ্লীল ফটো। ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সে নিজৰ নতুন এআই ফিচাৰৰ অপব্যৱহাৰ ৰোধ কৰিবলৈ কেইবাটাও পদক্ষেপ গ্ৰহণ কৰিছে। এতিয়া এক্সত Grok ক আদেশ দি অশ্লীল ছবি বনাব নোৱাৰিব।এক্সৰ AI ফিচাৰ

Grok ক লৈ এক্সে কেইবাটাও গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে। এতিয়াৰে পৰা Grok ত প্ৰস্তুত কৰিব নোৱাৰিব অশ্লীল ফটো।

ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সে নিজৰ নতুন এআই ফিচাৰৰ অপব্যৱহাৰ ৰোধ কৰিবলৈ কেইবাটাও পদক্ষেপ গ্ৰহণ কৰিছে।

এতিয়া এক্সত Grok ক আদেশ দি অশ্লীল ছবি বনাব নোৱাৰিব।এক্সৰ AI ফিচাৰ Grok ব্যৱহাৰ কৰি কেৱল এটা সাধাৰণ আদেশ দি অশ্লীল ছবি তৈয়াৰ কৰা হৈছিল।

ভাৰত আৰু ব্ৰিটেইনকে ধৰি বহু দেশে গ্ৰকৰ এই বৈশিষ্ট্যৰ বিষয়ে এক্সক অভিযোগ কৰিছিল আৰু ইয়াক নিষিদ্ধ কৰাৰ দাবী জনাইছিল,অন্যথা কেইবাখনো দেশে গ্ৰ’ক নিষিদ্ধ কৰাৰ ভাবুকি দিছিল।ইয়াৰ পিছত ইলন মাস্কৰ কোম্পানী এক্সে এই সিদ্ধান্ত গ্ৰহণ কৰিছে।

এতিয়া ইলন মাস্কৰ মালিকানাধীন এক্সে গ্ৰকত আৰু বহুতো বৈশিষ্ট্য যোগ কৰিছে লগতে এই বিতৰ্কিত ফটো এডিটিং টুল ব্যৱহাৰৰ বাবে মাচুল ল’বলৈ আৰম্ভ কৰিছে।

অৰ্থাৎ এতিয়া কেৱল পেইড চাবস্ক্ৰাইবাৰেহে এই ফিচাৰ ব্যৱহাৰ কৰিব পাৰিব।এইটো পদক্ষেপ তেতিয়া লোৱা হৈছিল,যেতিয়া ব্ৰিটেইন চৰকাৰে চলি থকা এআই বিকিনি ভাইৰেল ট্ৰেণ্ডক লৈ প্লেটফৰ্মটো নিষিদ্ধ কৰাৰ ভাবুকি দিছিল।

এইটো বিতৰ্ক তেতিয়া আৰম্ভ হৈছিল,যেতিয়া গ্ৰকে সাধাৰণ প্ৰমপ্টৰে যিকোনো ব্যক্তিৰ কাপোৰ খুলিবলৈ আৰম্ভ কৰিছিল।

ইয়াৰ ফলত প্লেটফৰ্মটোত মূলতঃ মহিলাৰ যৌন সম্পৰ্কীয় ডিপফেক ছবি বৃদ্ধি পাইছিল।ইয়াৰ ফলত হোৱা প্ৰতিবাদ আৰু ব্ৰিটেইনৰ পৰা কঠোৰ সতৰ্কবাণীৰ পিছত, X, অথবা xAI, ইমেজ জেনেৰেচন লক কৰিবলগীয়া হৈছিল।

লগতে পঢ়ক: ED অভিযানৰ বিৰুদ্ধে দিল্লীত টিএমচিৰ প্ৰতিবাদ; ৮ সাংসদক আটক

শেহতীয়া প্ৰৱন্ধসমূহ