অশ্লীল কন্টেন্ট সন্দৰ্ভত ভুল স্বীকাৰ এক্সৰ… মানি চলিব ভাৰতীয় আইন

এক্সে ব্যৱস্থা গ্ৰহণ কৰি প্ৰায় ৩৫০০ অশ্লীল কন্টেন্ট ব্লক কৰি ৬০০ৰো অধিক একাউণ্ট ডিলিট কৰিছে । প্লেটফৰ্মে ভাৰত চৰকাৰক জনাইছে যে ভাৰতীয় আইন সম্পূৰ্ণৰূপে মানি চলি নিয়ম অনুসৰি কাম কৰিব ।

ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সে(পূৰ্বৰ টুইটাৰ) নিজৰ ভুল স্বীকাৰ কৰি ভাৰতীয় আইন মানি চলিব বুলি উল্লেখ কৰিছে । প্ৰায় ৩৫০০ টা কন্টেন্ট ব্লক কৰা হৈছে আৰু ৬০০ৰো অধিক একাউণ্ট ডিলিট কৰা হৈছে । জানিব পৰা মতে এক্সে আৰু অশ্লীল ছবি পোষ্ট কৰাৰ অনুমতি নিদিয়ে ।

এক্সে নিজৰ ভুল স্বীকাৰ কৰি কন্টেন্ট মডাৰেচন ষ্টেণ্ডাৰ্ডৰ অভাৱ স্বীকাৰ কৰি ভাৰত চৰকাৰক জনাইছে যে ভাৰতীয় আইন সম্পূৰ্ণৰূপে মানি চলি নিয়ম অনুসৰি কাম কৰিব । চৰকাৰী সূত্ৰৰ উদ্ধৃতিৰে এই বাতৰি সংস্থা এ এন আইয়ে প্ৰকাশ কৰিছে ।

ইয়াৰ কৃত্ৰিম বুদ্ধিমত্তাৰ সঁজুলি গ্ৰ’কৰ জৰিয়তে সৃষ্টি বা বৃদ্ধি কৰা বুলি অভিযোগ উত্থাপন কৰা সামগ্ৰীকে ধৰি প্লেটফৰ্মত অশ্লীল আৰু যৌন সম্পৰ্কীয় বিষয়বস্তুৰ প্ৰচাৰক লৈ উদ্বেগ প্ৰকাশ পোৱাৰ পিছতে বিষয়টো পোহৰলৈ আহে ।

চৰকাৰে গ্ৰ’ক এ আইৰ সৈতে জড়িত অশ্লীল বিষয়বস্তু প্ৰতিৰোধৰ ব্যৱস্থা আৰু ভৱিষ্যতৰ পৰিকল্পনা সন্দৰ্ভত ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সৰ পৰা অধিক তথ্য বিচাৰিছিল । এক্সে এই বিষয়ত সঁহাৰি দিছিল, কিন্তু ই কিছুমান মূল তথ্য বাদ দিছিল । তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে মহিলাৰ যৌন আৰু অশ্লীল ছবি সৃষ্টিৰ বাবে গ্ৰ’কৰ দৰে কৃত্ৰিম বুদ্ধিমত্তাৰ চেটবটৰ ব্যৱহাৰ ৰোধ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিছিল ।

এতিয়া এক্সে ব্যৱস্থা গ্ৰহণ কৰি প্ৰায় ৩৫০০ অশ্লীল কন্টেন্ট ব্লক কৰি ৬০০ৰো অধিক একাউণ্ট ডিলিট কৰিছে । ভৱিষ্যতে অশ্লীল ছবিৰ অনুমতি নিদিয়াৰ আশ্বাসো প্লেটফৰ্মে প্ৰদান কৰিছে । ইফালে ৰাজ্যসভাৰ সাংসদ প্ৰিয়ংকা চতুৰ্বেদীয়ে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সক সমালোচনা কৰি আঙুলিয়াই দিয়ে যে গ্ৰ’কত আপত্তিজনক আৰু যৌন প্ৰৰোচনামূলক ছবি পোষ্ট কৰাটো সম্পূৰ্ণৰূপে নিষিদ্ধ কৰাৰ পৰিৱৰ্তে কেৱল পেইড ইউজাৰৰ মাজত সীমাবদ্ধ কৰি ৰাখিছে ।

লগতে পঢ়ক : ড’নাল্ড ট্ৰাম্পক ফোন নকৰাৰ বাবেই নহ’ল ভাৰত-মাৰ্কিন বাণিজ্য চুক্তি…

শিৰনত এক্স; Grok ত বিকিনি ফটো প্ৰস্তুত কৰাত নিষেধাজ্ঞা

Grok ক লৈ এক্সে কেইবাটাও গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে। এতিয়াৰে পৰা Grok ত প্ৰস্তুত কৰিব নোৱাৰিব অশ্লীল ফটো।

ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সে নিজৰ নতুন এআই ফিচাৰৰ অপব্যৱহাৰ ৰোধ কৰিবলৈ কেইবাটাও পদক্ষেপ গ্ৰহণ কৰিছে।

এতিয়া এক্সত Grok ক আদেশ দি অশ্লীল ছবি বনাব নোৱাৰিব।এক্সৰ AI ফিচাৰ Grok ব্যৱহাৰ কৰি কেৱল এটা সাধাৰণ আদেশ দি অশ্লীল ছবি তৈয়াৰ কৰা হৈছিল।

ভাৰত আৰু ব্ৰিটেইনকে ধৰি বহু দেশে গ্ৰকৰ এই বৈশিষ্ট্যৰ বিষয়ে এক্সক অভিযোগ কৰিছিল আৰু ইয়াক নিষিদ্ধ কৰাৰ দাবী জনাইছিল,অন্যথা কেইবাখনো দেশে গ্ৰ’ক নিষিদ্ধ কৰাৰ ভাবুকি দিছিল।ইয়াৰ পিছত ইলন মাস্কৰ কোম্পানী এক্সে এই সিদ্ধান্ত গ্ৰহণ কৰিছে।

এতিয়া ইলন মাস্কৰ মালিকানাধীন এক্সে গ্ৰকত আৰু বহুতো বৈশিষ্ট্য যোগ কৰিছে লগতে এই বিতৰ্কিত ফটো এডিটিং টুল ব্যৱহাৰৰ বাবে মাচুল ল’বলৈ আৰম্ভ কৰিছে।

অৰ্থাৎ এতিয়া কেৱল পেইড চাবস্ক্ৰাইবাৰেহে এই ফিচাৰ ব্যৱহাৰ কৰিব পাৰিব।এইটো পদক্ষেপ তেতিয়া লোৱা হৈছিল,যেতিয়া ব্ৰিটেইন চৰকাৰে চলি থকা এআই বিকিনি ভাইৰেল ট্ৰেণ্ডক লৈ প্লেটফৰ্মটো নিষিদ্ধ কৰাৰ ভাবুকি দিছিল।

এইটো বিতৰ্ক তেতিয়া আৰম্ভ হৈছিল,যেতিয়া গ্ৰকে সাধাৰণ প্ৰমপ্টৰে যিকোনো ব্যক্তিৰ কাপোৰ খুলিবলৈ আৰম্ভ কৰিছিল।

ইয়াৰ ফলত প্লেটফৰ্মটোত মূলতঃ মহিলাৰ যৌন সম্পৰ্কীয় ডিপফেক ছবি বৃদ্ধি পাইছিল।ইয়াৰ ফলত হোৱা প্ৰতিবাদ আৰু ব্ৰিটেইনৰ পৰা কঠোৰ সতৰ্কবাণীৰ পিছত, X, অথবা xAI, ইমেজ জেনেৰেচন লক কৰিবলগীয়া হৈছিল।

লগতে পঢ়ক: ED অভিযানৰ বিৰুদ্ধে দিল্লীত টিএমচিৰ প্ৰতিবাদ; ৮ সাংসদক আটক

‘অশ্লীল বিষয়বস্তু আঁতৰাওক, প্ৰতিবেদন জমা দিয়ক…’; X লৈ নিৰ্দেশ কেন্দ্ৰ চৰকাৰৰ

ছ’চিয়েল মিডিয়া প্লেটফৰ্ম X ৰ নতুন বৈশিষ্ট্যক লৈ গুৰুতৰ প্ৰশ্ন উত্থাপন হৈছে। এক্সক লৈ এতিয়া কেন্দ্ৰ চৰকাৰে দিছে কঠোৰ নিৰ্দেশ।

কেন্দ্ৰীয় চৰকাৰে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ‘X’লৈ কঠোৰ জাননী প্ৰেৰণ কৰিছে। য’ত Grok AI ৰ পৰা অশ্লীল বিষয়বস্তুসমূহ আঁতৰাবলৈ নিৰ্দেশনা দিয়া হৈছে।ইয়াৰ সমান্তৰালকৈ চৰকাৰে কোম্পানীটোক ৭২ ঘন্টাৰ ভিতৰত প্রতিবেদন প্রেৰণ কৰিবলৈও কৈছে৷

দৰাচলতে, যোৱা কিছুদিনমানৰ পৰা ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ‘X’ৰ জেনেৰেটিভ এআই চেটবট Grok ৰ অপব্যৱহাৰ বৃদ্ধি পাইছে। য’ত ব্যৱহাৰকাৰীয়ে অশ্লীল বিষয়বস্তুক বেছিকৈ ব্যৱহাৰ কৰিছিল।

এই ক্ৰমবৰ্ধমান ধাৰাক লৈ কেন্দ্ৰীয় চৰকাৰৰ উদ্বেগ বৃদ্ধি পায়। যাৰ বাবে এতিয়া ভাৰতৰ ইলেক্ট্ৰনিকছ আৰু তথ্য প্ৰযুক্তি মন্ত্ৰালয়ে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰি এক্সক তৎক্ষণাত নিজৰ Grok AI  প্ৰযুক্তি পৰ্যালোচনা কৰিবলৈ নিৰ্দেশ দিয়া হৈছে।

ইয়াৰ সমান্তৰালকৈ চৰকাৰে নিৰ্দেশ দিছে, এই বিষয়ত যি ব্যৱস্থা গ্ৰহণ কৰা হ’ব অথবা যি পৰ্যালোচনা কৰা হ’ব, তাৰ প্ৰতিবেদন ৭২ ঘন্টাৰ ভিতৰত কেন্দ্ৰীয় চৰকাৰক দিব লাগিব।

আচলতে এক্স ব্যৱহাৰকাৰীয়ে ফটো পোষ্ট কৰি বটক নিৰ্দেশ দিছিল যে, এগৰাকী মহিলাৰ কাপোৰ খুলি অধিক উত্তেজক ৰূপত যেন দেখুৱাওক।

Grok এ বহুবাৰ অনুমতি অবিহনে মহিলাৰ ফটো সলনি কৰি আউটপুট দিছিল, যাৰ ফলত পৰ্ণগ্ৰাফিকৰ দৰে ছবি দেখিবলৈ পোৱা গৈছিল, যিটো প্লেটফৰ্মৰ নিজা নীতি আৰু ভাৰতৰ আইন বিৰোধী।সেয়েহে চৰকাৰে মহিলাৰ বিৰুদ্ধে চলি থকা ধাৰাটোৰ বিৰুদ্ধে এতিয়া ব্যৱস্থা গ্ৰহণ কৰিছে।

লগতে পঢ়ক: গগণযানৰ পৰা ব্যক্তিগত ৰকেট উৎক্ষেপণলৈকে… মহাকাশত আধিপত্য বিস্তাৰ কৰিব ভাৰতে

পুনৰ বিশ্ববাসীক আচৰিত কৰিলে ইলন মাস্কে; বিক্ৰী কৰিলে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্স

বিশ্বৰ আটাইতকৈ ধনী ব্যক্তি ইলন মাস্ক নিজৰ অদ্ভুত সিদ্ধান্তৰ বাবে পৰিচিত। এইবাৰ তেওঁ নিজৰ ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সক নিজৰে এটা কোম্পানীক বিক্ৰী কৰিছে।

মাস্কে কয় যে তেওঁ নিজৰ এআই কোম্পানী এক্সএআইক এক্স বিক্ৰী কৰিছে। এয়া ৩৩ বিলিয়ন ডলাৰৰ অল ষ্টক চুক্তি। ইলন মাস্কে এই সন্দৰ্ভত এটা পোষ্টত কয়, ‘এক্সএআই আৰু এক্সৰ ভৱিষ্যত আন্তঃসংলগ্ন।

আজি আমি তথ্য, মডেল, গণনা, বিতৰণ, আৰু প্ৰতিভাক একত্ৰিত কৰাৰ বাবে চৰকাৰী পদক্ষেপ গ্ৰহণ কৰিছো।’ এক্সএআইয়ে এক্সৰ বাবে ৪৫ বিলিয়ন ডলাৰ দিব।

যিটো ২০২২ চনত মাস্কে ইয়াৰ বাবে দিয়াতকৈ অলপ বেছি যদিও এই চুক্তিত ১২ বিলিয়ন ডলাৰৰ ঋণো অন্তৰ্ভুক্ত কৰা হৈছে।

মাস্কে কয় যে এই পদক্ষেপে “এক্সএআইৰ উন্নত এআই ক্ষমতা আৰু বিশেষজ্ঞতাক এক্সৰ বিশাল প্ৰসাৰতাৰ সৈতে সংযুক্ত কৰি বিপুল সম্ভাৱনা মুকলি কৰিব।”

এই চুক্তিত এক্সএআইৰ মূল্য ৮০ বিলিয়ন ডলাৰ আৰু এক্সৰ মূল্য ৩৩ বিলিয়ন ডলাৰ বুলিও তেওঁ কয়। তেওঁ লগতে কয়, ‘এক্সএআই প্ৰতিষ্ঠা হোৱাৰ ২ বছৰ হ’ল আৰু ই বিশ্বৰ অন্যতম আগশাৰীৰ এআই লেবত পৰিণত হৈছে, যিয়ে অভূতপূৰ্ব গতি আৰু পৰিসৰত মডেল আৰু ডাটা চেণ্টাৰ নিৰ্মাণ কৰিছে।’

মাস্কে লিখিছে, ‘এই সংমিশ্ৰণে এক্সএআইৰ উন্নত এআই ক্ষমতা আৰু বিশেষজ্ঞতাক এক্সৰ বিশাল প্ৰসাৰতাৰ সৈতে সংযুক্ত কৰি অপৰিসীম সম্ভাৱনা মুকলি কৰিব।

এই সংযুক্ত কোম্পানীটোৱে কোটি কোটি লোকক অধিক স্মাৰ্ট আৰু অধিক অৰ্থপূৰ্ণ অভিজ্ঞতা প্ৰদান কৰিব। কোম্পানীয়ে আমাৰ মূল মিছন সত্য প্ৰদৰ্শন আৰু জ্ঞান আগবঢ়াই নিয়াৰ ওপৰত কাম কৰি যাব।