“সন্তানৰ স্বাস্থ্যৰ বাবে নেটফ্লিক্স বাতিল কৰক”; ইলন মাস্কে বাতিল কৰিলে নেটফ্লিক্সৰ চাবস্ক্ৰিপচন

ইলন মাস্কে বাতিল কৰিলে নেটফ্লিক্সৰ চাবস্ক্ৰিপচন

বিশ্বৰ অন্যতম ধনী ব্যক্তি টেছলাৰ চিইঅ’ ইলন মাস্কে নেটফ্লিক্সৰ চাবস্ক্ৰিপচন বাতিল কৰিছে।এইটো প্ৰতিবাদ কৰাৰ এটা উপায়।

ইয়াৰ আঁৰৰ কাৰণ হৈছে পৰিচালক হামিছ ষ্টিলৰ বাবে সৃষ্টি হোৱা বিতৰ্ক।ইলন মাস্কৰ টুইটৰ পিছত ছ’চিয়েল মিডিয়া প্লেটফৰ্মত নেটফ্লিক্সৰ বিষয়ে পোষ্টৰ বানপানী হৈছে।

দৰাচলতে, শেহতীয়াকৈ হামিছ ষ্টীলৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছে যে তেওঁ সোঁপন্থী ৰাজনৈতিক দলৰ এজন কৰ্মীৰ মৃত্যুৰ পিছত উপহাস কৰিছিল। এতিয়া মাস্কে নেটফ্লিক্সৰ চাবস্ক্ৰিপচন বাতিল কৰি নিজৰ প্ৰতিবাদ পঞ্জীয়ন কৰিছে।

ইয়াৰ পূৰ্বে হামিছ ষ্টিলে নেটফ্লিক্সৰ এনিমেটেড ছিৰিজ ডেবট এণ্ড পেৰানৰ্মেল পাৰ্ক প্ৰযোজনা কৰিছিল।তেওঁৰ পোষ্টৰ ফলত সৃষ্টি হোৱা বিতৰ্কৰ পিছতে বহু লোকে নেটফ্লিক্সৰ চাবস্ক্ৰিপচন বাতিল কৰি ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰে।

এতিয়া ইলন মাস্কেও নিজৰ নেটফ্লিক্স চাবস্ক্ৰিপচন বাতিল কৰিছে X প্লেটফৰ্মত পোষ্ট কৰিছে। পোষ্টটোত ইলন মাস্কে লিখিছে যে,“আপোনাৰ সন্তানৰ স্বাস্থ্যৰ বাবে নেটফ্লিক্স বাতিল কৰক।” মাস্কৰ এই টুইটৰ পিছতে বহু লোকে নেটফ্লিক্সৰ চাবস্ক্ৰিপচন বাতিল কৰিছে।

লগতে পঢ়ক: পৃথিৱীৰ ৭খন বিপজ্জনক যুদ্ধ বিমান; জানক শীৰ্ষত কোন ?

হঠাৎ বিকল ষ্টাৰলিংকৰ চেটেলাইট ইণ্টাৰনেট সেৱা; ইলন মাস্কে খুজিলে ক্ষমা

হঠাৎ বিকল ষ্টাৰলিংক

ইলন মাস্কৰ চেটেলাইট ভিত্তিক ইণ্টাৰনেট সেৱা ষ্টাৰলিংকৰ চাৰ্ভাৰ আজি পুৱাই ডাউন হৈ যায়, যাৰ বাবে বিশ্বৰ ১৪০খন দেশত ইণ্টাৰনেট সেৱা ব্যাঘাত জন্মিছিল।ষ্টাৰলিংকৰ এই বিজুতি বিশ্বব্যাপী দেখা গৈছে।

সাধাৰণতে উপগ্ৰহ ভিত্তিক ইণ্টাৰনেট সেৱাত বিচ্ছিন্নতা দেখা নাযায়। উপগ্ৰহৰ সংযোগৰ বাবে কোনো ধৰণৰ বাধা নোহোৱাকৈ ইণ্টাৰনেট সেৱা প্ৰদান কৰা হৈছে, যাতে ব্যৱহাৰকাৰীয়ে জৰুৰীকালীন অৱস্থাত ইণ্টাৰনেট সেৱা উপভোগ কৰিব পাৰে।

আভ্যন্তৰীণ চফটৱেৰৰ সমস্যাৰ বাবে উপগ্ৰহ ভিত্তিক ইণ্টাৰনেট সেৱা ব্যাহত হৈছে। চফটৱেৰ বিকল হোৱাৰ বাবে হাজাৰ হাজাৰ ব্যৱহাৰকাৰীৰ ডিভাইচ অফলাইন হৈ গ’ল আৰু সংযোগ হেৰাই যায়।

ইলন মাস্কৰ শক্তিশালী চেটেলাইট ইণ্টাৰনেট ব্যৱস্থাত হোৱা এই বিজুতিৰ পিছত ব্যৱহাৰকাৰী সকলৰ মাজত হাহাকাৰ হৈছিল।

আমেৰিকা আৰু ইউৰোপৰ বহু ব্যৱহাৰকাৰীয়ে পুৱা প্ৰায় ১২:৩০ বজাত (ভাৰত সময় অনুসৰি) চেটেলাইট ইণ্টাৰনেট সেৱাত ব্যাঘাত জন্মা বুলি জনাইছে।

ইণ্টাৰনেট সেৱা অনুসৰণ কৰা ৱেবছাইট Downdetector ৰ মতে, ৬১ হাজাৰতকৈ অধিক ব্যৱহাৰকাৰীয়ে Starlink সেৱাত সমস্যাৰ কথা জনাইছিল।

কোম্পানীটোৱে এই সেৱাৰ অফিচিয়েল এক্স হেণ্ডেলৰ পৰা ডাউন হোৱাৰ তথ্য শ্বেয়াৰ কৰিছে। ইয়াৰ বাবে কোম্পানীটোৱে ব্যৱহাৰকাৰীসকলৰ ওচৰতো ক্ষমা বিচাৰিছে।

অৱশ্যে প্ৰায় ডেৰ-দুই ঘণ্টা বিচ্ছিন্ন হোৱাৰ পিছত পুনৰ ষ্টাৰলিংক সেৱা আৰম্ভ হ’ল। ইলন মাস্কৰ চেটেলাইট সেৱা কোম্পানীটোৰ বিশ্বজুৰি ৬০ লাখতকৈ অধিক ব্যৱহাৰকাৰী আছে।বৰ্তমান এই কোম্পানীটোৱে বিশ্বৰ ১৪০ খনতকৈও অধিক দেশত নিজৰ সেৱা আগবঢ়াই আছে।

সমগ্ৰ বিশ্বজুৰি এই Starlink চেটেলাইট ইণ্টাৰনেট বিকল হোৱাৰ ফলত ব্যৱহাৰকাৰী সকলে অসুবিধাৰ সন্মুখিন হোৱাৰ বাবে ইলন মাস্কে সকলোৰে ওচৰত বিচাৰিলে ক্ষমা।

লগতে পঢ়ক: অশ্লীল বিষয়বস্তু দেখুওৱা ২৫টা OTT প্লেটফৰ্মক নিষিদ্ধ চৰকাৰৰ…

নতুন ৰাজনৈতিক দল গঠন ইলন মাস্কৰ;ড’নাল্ড ট্ৰাম্পক প্ৰত্যক্ষ প্ৰত্যাহ্বান

নতুন ৰাজনৈতিক দল গঠন ইলন মাস্কৰ

আমেৰিকাৰ ২৪৯ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে বহু চৰ্চিত ৱান বিগ বিউটিফুল আইন কাৰ্যকৰী কৰিছে।

ইফালে তেওঁৰ প্ৰাক্তন সহকৰ্মী তথা উদ্যোগপতি ইলন মাস্কে ‘ দ্যা আমেৰিকা পাৰ্টি’ নামৰ  এটা নতুন ৰাজনৈতিক দল গঠনৰ কথা ঘোষণা কৰিছে।

ইলন মাস্কে কয় যে এই দলে আমেৰিকাৰ জনসাধাৰণক একদলীয় ব্যৱস্থাৰ পৰা মুক্ত কৰিব।মাস্কৰ এই ঘোষণাৰ পিছত আমেৰিকাৰ ৰাজনীতিত আলোড়নৰ সৃষ্টি হৈছে।

এক্সত নতুন ৰাজনৈতিক দল গঠনৰ কথা ঘোষণা কৰিছে মাস্কে।পূৰ্বৰ পোষ্টটোত তেওঁ শেহতীয়াকৈ কৰা এক সমীক্ষাৰ ফলাফলৰ উদ্ধৃতি দি লিখিছিল, ‘আজি আপোনাক স্বাধীনতা ঘূৰাই দিবলৈ আমেৰিকা পাৰ্টি গঠন কৰা হৈছে।’

তেওঁ দাবী কৰে যে সমীক্ষাত জনসাধাৰণে ২:১ অনুপাতত নতুন ৰাজনৈতিক বিকল্পৰ ইচ্ছা প্ৰকাশ কৰিছে।আপোনালোকে এটা নতুন ৰাজনৈতিক দল বিচাৰে আৰু এতিয়া এই ৰাজনৈতিক দলটো আপোনাৰ সন্মুখত।

কিয় দল গঠন কৰিলে?

এই ঘোষণাত মাস্কে বৰ্তমানৰ ৰাজনৈতিক ব্যৱস্থাক সমালোচনা কৰি কয় যে, ‘যেতিয়া আমাৰ দেশক অপচয় আৰু দুৰ্নীতিয়ে দেউলীয়া কৰাৰ কথা আহে, আমি একদলীয় ব্যৱস্থাত বাস কৰি আছো, গণতন্ত্ৰত নহয়।’

লগতে তেওঁ কয় যে আপোনালোকৰ হেৰুৱা স্বাধীনতাক ঘূৰাই আনিবলৈ আমেৰিকা পাৰ্টি গঠন কৰা হৈছে।

৪ জুলাইত আমেৰিকাৰ স্বাধীনতা দিৱস উদযাপনৰ সময়ত মাস্কে নিজৰ প্লেটফৰ্ম এক্সত এক সমীক্ষা পোষ্ট কৰিছিল, য’ত তেওঁৰ অনুগামীসকলক সুধিছিল- ‘দুটা দলীয় (কিছুমানে একদলীয় বুলি কয়) ব্যৱস্থাৰ পৰা স্বাধীনতা বিচাৰে নেকি বুলি সুধিবলৈ স্বাধীনতা দিৱসৰ সৰ্বোত্তম সময়!আমি আমেৰিকা পাৰ্টি গঠন কৰিব লাগেনে?’

লগতে পঢ়ক: ৫৭ বছৰৰ পাছত ভাৰতৰ প্ৰধানমন্ত্ৰীৰ ব্ৰাজিললৈ ৰাজকীয় ভ্ৰমণ, সন্ত্ৰাসবাদ বিৰোধী চুক্তিৰ আশা

ইলন মাস্কৰ স্পেচএক্স বেছত শিহৰণকাৰী বিস্ফোৰণ; ষ্টাৰশ্বিপ পৰীক্ষণৰ সময়তে ঘটিল অঘটন

ইলন মাস্কৰ স্পেচএক্স বেছত শিহৰণকাৰী বিস্ফোৰণ

বিশ্ববিখ্যাত উদ্যোগপতি ইলন মাস্কৰ স্পেচএক্স কোম্পানীয়ে এক বৃহৎ বিপৰ্যয়ৰ সন্মুখীন হৈছে । বৃহস্পতিবাৰে টেক্সাছৰ ষ্টাৰবেছ পৰীক্ষণ স্থানত স্পেচএক্সৰ ষ্টাৰশ্বিপ ৰকেটৰ বিস্ফোৰণ ঘটে । ষ্টাৰশ্বিপ ৩৬ নামৰ এই ছুপাৰ ৰকেটটো ষ্টেটিক ফায়াৰ টেষ্টৰ সময়তে বিস্ফোৰিত হয়, যাৰ ফলত বিশাল জুই আৰু ক’লা ধোঁৱাৰ ডাৱৰ সৃষ্টি হয় । নিশা ১১ মান বজাত সংঘটিত হৈছে এই ঘটনা । সেই সময়ত ৰকেটৰ ইঞ্জিনবোৰ গ্ৰাউণ্ড লেভেলত পৰীক্ষাৰ বাবে ৰখা হৈছিল ।

ভিডিঅ’ত দেখা গৈছে যে পৰীক্ষণ আৰম্ভ হোৱাৰ মাত্ৰ কেইছেকেণ্ডমানৰ পিছতে হঠাতে ৰকেটৰ সন্মুখৰ অংশটো ফাটি ডাঙৰ বিস্ফোৰণৰ সৃষ্টি হয় । ইয়াৰ পিছতে সমগ্ৰ অঞ্চলটো জুইৰ লেলিহান শিখাই আগুৰি ধৰে । স্থানীয় লোকে জনোৱা মতে, বিস্ফোৰণ ইমানেই প্ৰবল আছিল যে ঘৰৰ খিৰিকী পৰ্যন্ত কঁপি যাই । সকলোতে কম্পন অনুভৱ হৈছিল । লগে লগে অগ্নিনিৰ্বাপক বাহিনীৰ দল সেই স্থানত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰে । এই পৰ্যন্ত কোনো লোক হতাহতৰ খবৰ পোৱা নাই । অৱশ্যে পৰীক্ষাস্থলীটো দূৰৱৰ্তী অপাৰেচনৰ দ্বাৰা পৰিচালিত হয় আৰু সকলো কৰ্মচাৰী নিৰাপদ দূৰত্বত আছিল ।

২৯ জুনত অনুষ্ঠিত হ’বলগীয়া ফ্লাইট ১০ৰ বাবে এইটোৱেই আছিল ষ্টাৰশ্বিপ ৩৬ৰ শেষ পৰীক্ষা । ষ্টেটিক ফায়াৰ পৰীক্ষাত ৰকেটৰ ইঞ্জিনসমূহ গ্ৰাওণ্ডত সম্পূৰ্ণ শক্তিৰে জ্বলোৱা হয়, যাতে উৎক্ষেপণৰ পূৰ্বে ব্যৱস্থাটো পৰীক্ষা কৰিব পৰা যায় । কিন্তু এইবাৰ পৰীক্ষা বিফল হোৱাত বিস্ফোৰণে ৰকেটৰ বেয়াকৈ ক্ষতিসাধন কৰে । স্পেচএক্সে এতিয়াও কোনো আনুষ্ঠানিক বিবৃতি দিয়া নাই যদিও ইঞ্জিনৰ কিছু কাৰিকৰী ত্ৰুটি ইয়াৰ আঁৰৰ কাৰণ হ’ব পাৰে বুলি ধাৰণা কৰা হৈছে ।

উল্লেখ্য যে, ইলন মাস্কৰ সপোন মানুহক মংগল গ্ৰহলৈ নিয়াৰ আৰু ষ্টাৰশ্বিপ এই অভিযানৰ এক গুৰুত্বপূৰ্ণ অংশ । ইয়াক বিশ্বৰ আটাইতকৈ শক্তিশালী আৰু পুনৰ ব্যৱহাৰযোগ্য ৰকেট বুলি গণ্য কৰা হয় । কিন্তু এই বছৰ ইলন মাস্কৰ ষ্টাৰশ্বিপ বহু বিফলতাৰ সন্মুখীন হৈছে, য’ত ইতিমধ্যে দুটা পৰীক্ষামূলক উৰণত বিস্ফোৰণ ঘটিছে । স্পেচএক্সে কয় যে তেওঁলোকে প্ৰতিটো বিফলতাৰ পৰা শিকি ৰকেটৰ উন্নতি সাধন কৰিব । এতিয়া পৰৱৰ্তী উৰণৰ তাৰিখ অনিশ্চিত, কাৰণ পৰৱৰ্তী পদক্ষেপ তদন্তৰ পিছতহে সিদ্ধান্ত লোৱা হ’ব ।

লগতে পঢ়ক : পুনৰ স্থগিত হ’ল শুভাংশু শুক্লাৰ মহাকাশ অভিযান; ২২ জুনৰ পূৰ্বে সম্ভৱ নহয় উৎক্ষেপণ

‘শেষ হ’ল সকলো সম্পৰ্ক…,ডেম’ক্ৰেটক সমৰ্থন কৰিলে পৰিনাম হ’ব ভয়ংকৰ’; ইলন মাস্কক সকীয়নী ট্ৰাম্পৰ

ইলন মাস্কক সকীয়নী ট্ৰাম্পৰ

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প আৰু ইলন মাস্কৰ মাজৰ সম্পৰ্ক দিনক দিনে বেয়া হৈ আহিছে। এতিয়া ড’নাল্ড ট্ৰাম্পে ইলন মাস্কক সকীয়াই দিছে।

শেহতীয়াকৈ মাস্কৰ বিষয়ে দিয়া বক্তব্যত ট্ৰাম্পে কয় যে মাস্কৰ সৈতে মোৰ সম্পৰ্ক শেষ হৈছে।আগন্তুক নিৰ্বাচনত যদি মাস্কে ডেম’ক্ৰেট দলক সমৰ্থন কৰে তেন্তে ইয়াৰ পৰিণতি অতি ভয়ংকৰ হ’ব।

ট্ৰাম্পে আৰু কয় যে মাস্কে আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ কাৰ্যালয়ক অপমান কৰিছে।

মই মাস্কক সুযোগ দিছিলো

ড’নাল্ড ট্ৰাম্পক এটা সাক্ষাৎকাৰত সাংবাদিকে প্ৰশ্ন কৰে যে টেছলা আৰু স্পেচএক্সৰ CEOৰ সৈতে তেওঁৰ সম্পৰ্ক শেষ হৈছে বুলি ভাবিছে নেকি? ইয়াৰ উত্তৰত ট্ৰাম্পে কয় যে মই ভাবো এনেকুৱা হৈছে।মই আন কামত বৰ ব্যস্ত।

আপুনি জানে যে মই বৃহৎ ব্যৱধানত নিৰ্বাচনত জয়ী হৈছিলো।মই মাস্কক বহুত সুযোগ দিছিলো, এইটো হোৱাৰ বহু আগতেই মোৰ প্ৰথম প্ৰশাসনত তেওঁক সুযোগ দিছিলো।

‘ইলেক্ট্ৰিক বাহনৰ আদেশ প্ৰত্যাহাৰত বিচলিত মাস্ক

কিছুদিন পূৰ্বে মাস্কৰ ইটোৰ পিছত সিটো আক্ৰমণৰ ফলত আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্প যেতিয়া চাৰিওফালৰ পৰা মাজত সোমাই পৰিছিল তেতিয়া তেওঁ সামাজিক মাধ্যমত প্লেটফৰ্ম ট্ৰুথ ছ’চিয়েলত মাস্কক লক্ষ্য কৰি লৈছিল আৰু তেওঁক তীব্ৰ সমালোচনা কৰিছিল।

আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে কৈছিল যে মই যেতিয়া বৈদ্যুতিক বাহনৰ সৈতে জড়িত আইনী আদেশ প্ৰত্যাহাৰ কৰিলোঁ তেতিয়া মাস্ক বিচলিত হৈছিল।মাস্কৰ কোম্পানীক দিয়া ৰাজসাহায্যৰ অন্ত পেলোৱাৰ হুংকাৰো দিয়ে আমেৰিকাৰ ৰাষ্ট্ৰপতিগৰাকীয়ে।

লগতে পঢ়ক: কলম্বিয়াৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী মিগেল উৰিবেক আক্ৰমণ; মূৰ আৰু পিঠিত ৮টাকৈ গুলী নিক্ষেপ

আমেৰিকাৰ পৰৱৰ্তী ৰাষ্ট্ৰপতি হ’ব নেকি ইলন মাস্ক ?নতুন দল ঘোষণা !

ৰাষ্ট্ৰপতি হ’ব নেকি ইলন মাস্ক ?

টেছলা আৰু স্পেচএক্সৰ CEO ইলন মাস্ক আৰু ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ মাজত বন্ধুত্ব ভাঙি গৈছে।আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প আৰু টেছলাৰ CEO  ইলন মাস্কৰ মাজত থকা শত্ৰুতা মুকলিকৈ ওলাই পৰিছে।

দুয়োৰে মাজত বাকযুদ্ধ অব্যাহত আছে।বাকযুদ্ধ আৰু যৌন কেলেংকাৰীত জড়িত হোৱাৰ অভিযোগৰ পিছত মাস্কে ট্ৰাম্পৰ ক্ষমতাৰ সিংহাসন জোকাৰি যোৱাৰ কথা ঘোষণা কৰিছে।

ইফালে আমেৰিকাত নতুন ৰাজনৈতিক দলৰ প্ৰয়োজনীয়তাক লৈ মাস্কে এটা ডাঙৰ বক্তব্য আগবঢ়াইছে।নতুন ৰাজনৈতিক দল গঠনৰ বাবে তেওঁ জনসাধাৰণৰ পৰা বিচৰা পৰামৰ্শক ৮০ শতাংশ ৰাইজে অনুমোদন জনাইছে।

আচলতে ইলন মাস্কে তেওঁৰ ছ’চিয়েল মিডিয়া প্লেটফৰ্ম X, ত এটা সমীক্ষা চলাইছিল, য’ত তেওঁ প্ৰশ্ন কৰে যে আমেৰিকাত নতুন ৰাজনৈতিক দল গঠন কৰা উচিত নেকি?

মাস্কে এক্সত লিখিছে যে জনসাধাৰণে নিজৰ ৰায় দিছে, আমেৰিকাক এটা নতুন ৰাজনৈতিক দলৰ প্ৰয়োজন, যিয়ে মধ্যম ৮০%ক প্ৰতিনিধিত্ব কৰে আৰু হুবহু ৮০% জনসাধাৰণে ইয়াক সমৰ্থন কৰিছে।এয়াই নিয়তি। ইয়াৰ পিছত তেওঁ আন এটা পোষ্টত মাত্ৰ ‘দ্য আমেৰিকা পাৰ্টি’ বুলি লিখিছিল।

ছ’চিয়েল মিডিয়াত মাস্ক আৰু ট্ৰাম্পৰ মাজত বাক যুদ্ধ তীব্ৰতৰ হৈ পৰা সময়ত এই কথা ঘটিছিল।দৰাচলতে ট্ৰাম্পক লক্ষ্য কৰি মাস্কে লিখিছিল যে মোৰ অবিহনে ট্ৰাম্প নিৰ্বাচনত পৰাস্ত হ’লহেঁতেন।

আনহাতে, ট্ৰাম্পে মাস্কক ফেডাৰেল চৰকাৰ আৰু টেছলাৰ মাজত হোৱা চুক্তি বাতিল কৰাৰ ভাবুকি দিছে।তেওঁ স্পেচএক্সক মহাকাশ কাৰ্যসূচীৰ পৰা বাদ দিয়াৰ ইংগিতও দিছে।

ট্ৰাম্পে মাস্কক বিশ্বাসঘাতক বুলি কোৱাৰ লগতে তেওঁৰ বিৰুদ্ধে ব্যৱস্থা ল’ব পৰা যাব বুলিও সকীয়াই দিছিল।তেওঁ কয় যে বাজেটত কোটি কোটি টকা ৰাহি কৰাৰ আটাইতকৈ সহজ উপায় হ’ল ইলন মাস্কক চৰকাৰী ৰাজসাহায্য আৰু চুক্তি বন্ধ কৰি দিয়া হওক।

মাস্কে পৰামৰ্শ দিয়া ‘দ্যা আমেৰিকা পাৰ্টি’টো বৰ্তমান এটা বিচাৰ হে মাত্ৰ, কিন্তু ইয়াক আমেৰিকাৰ ৰাজনীতিত এক নতুন যুগৰ আৰম্ভণিৰ চিন হিচাপে দেখা গৈছে, বিশেষকৈ যেতিয়া মাস্কৰ ছ’চিয়েল মিডিয়াৰ প্ৰসাৰ আৰু প্ৰভাৱ দিনক দিনে বৃদ্ধি পাইছে।

উল্লেখ্য যে, যোৱা ৰাষ্ট্ৰপতি নিৰ্বাচনত মাস্কে ৰিপাব্লিকান পাৰ্টিলৈ প্ৰায় ৩০০০ কোটি টকাৰ নিৰ্বাচনী অনুদান আগবঢ়াইছিল।

এসপ্তাহ পূৰ্বে মাস্কে ট্ৰাম্প প্ৰশাসনৰ পৰা পদত্যাগ কৰি চৰকাৰী সংস্কাৰ বিভাগ DOGE এৰি থৈ যায়। মাস্কে আমেৰিকা চৰকাৰৰ বিশাল বাজেটক ইতিকিং কৰি সংস্কাৰ বিৰোধী, অমান্য আৰু ই আমেৰিকানসকলক ঋণত ডুবাব বুলি কয়।

মাস্কে দাবী কৰিছে যে বিধেয়কখনৰ সন্দৰ্ভত তেওঁৰ পৰামৰ্শ লোৱা হোৱা নাছিল।কৃতজ্ঞতা প্ৰকাশ কৰি তেওঁ কয় যে যদি তেওঁ সহায় নকৰিলেহেঁতেন তেন্তে ট্ৰাম্প নিৰ্বাচনত পৰাস্ত হ’লহেঁতেন।

আনকি মাস্কে দাবী কৰিছিল যে আমেৰিকাৰ আটাইতকৈ ডাঙৰ যৌন কেলেংকাৰী দ্য এপষ্টেইন ফাইলছত ট্ৰাম্পৰ নাম অন্তৰ্ভুক্ত কৰা হৈছে।

লগতে পঢ়ক: ট্ৰাম্প আৰু মাস্কৰ মাজত মুকলি যুদ্ধ; ১৪% হ্ৰাস পালে টেছলাৰ শ্বেয়াৰ

ট্ৰাম্প আৰু মাস্কৰ মাজত মুকলি যুদ্ধ; ১৪% হ্ৰাস পালে টেছলাৰ শ্বেয়াৰ

ট্ৰাম্প আৰু মাস্কৰ মাজত মুকলি যুদ্ধ

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প আৰু কোটিপতি উদ্যোগপতি ইলন মাস্কৰ দীৰ্ঘদিনীয়া বন্ধুত্ব এতিয়া মুকলি শত্ৰুতালৈ ৰূপান্তৰিত হৈছে।

ট্ৰাম্পে মাস্কৰ কোম্পানীসমূহক চৰকাৰী চুক্তি আৰু ৰাজসাহায্যৰ অন্ত পেলোৱাৰ ভাবুকি দিছে।সেয়ে মাস্কে প্ৰতিশোধ ল’বলৈ ট্ৰাম্পক কাৰ্যভাৰৰ পৰা অপসাৰণৰ সৈতে জড়িত পদটোক সমৰ্থন কৰি, যিয়ে নতুন আলোচনা আৰম্ভ কৰিছে।

দৰাচলতে আমেৰিকাৰ ৰাষ্ট্ৰপতি গৰাকীৰ ভাবুকিৰ পিছত টেছলা আৰু স্পেচএক্সৰ দৰে মাস্কৰ কোম্পানীয়ে ডাঙৰ আঘাতৰ সন্মুখীন হ’ব পাৰে।

টেছলাৰ স্বত্বাধিকাৰী ইলন মাস্কে আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ প্ৰশাসনৰ পৰা ওলাই আহিছে।ইয়াৰ পিছত দুয়োৰে মাজত বিবাদ আৰম্ভ হৈছে আৰু এই বিবাদ বিশ্বৰ সন্মুখত পোহৰলৈ আহিছে।

ৰাষ্ট্ৰপতিগৰাকীৰ সৈতে বন্ধুত্বৰ পিছত ‘শত্ৰুতা’ৰ প্ৰভাৱে ইলন মাস্কৰ কোম্পানী টেছলাক প্ৰভাৱিত কৰিবলৈ আৰম্ভ কৰিছে।৫ জুন বৃহস্পতিবাৰে টেছলাৰ শ্বেয়াৰ ১৪ শতাংশ হ্ৰাস পায়।

জনাও যে আমেৰিকাৰ ৰাষ্ট্ৰপতি আৰু মাস্কৰ মাজৰ বিবাদ ‘ৱান বিগ বিউটিফুল বিল এক্ট’ক লৈ মতানৈক্যৰ পৰা আৰম্ভ হৈছিল আৰু এতিয়া ব্যক্তিগত আক্ৰমণলৈ, চৰকাৰী চুক্তিৰ প্ৰতি ভাবুকি আৰু ৰাষ্ট্ৰীয় নীতিৰ প্ৰভাৱ ইয়াৰ ওপৰটো পৰিছে।  

টেছলাৰ শ্বেয়াৰত হ্ৰাস

টেছলাৰ স্বত্বাধিকাৰী এলন মাস্কে কয় যে তেওঁৰ অবিহনে ৰাষ্ট্ৰপতি গৰাকী নিৰ্বাচনত পৰাস্ত হ’লহেঁতেন।একে সময়তে তেওঁ মাস্কৰ সৈতে হোৱা ফেডাৰেল চুক্তি শেষ কৰাৰ ভাবুকিও দিয়ে।

জানিব পৰা মতে টেছলাৰ শ্বেয়াৰ ১৪ শতাংশ হ্ৰাস পাই ইয়াৰ বজাৰ মূল্য ১৫৩ বিলিয়ন ডলাৰ হ্ৰাস পায়।মাস্কৰ সৈতে ৰাষ্ট্ৰপতিগৰাকীৰ সম্পৰ্কক লৈ বিনিয়োগকাৰীয়ে অসন্তুষ্টি প্ৰকাশ কৰিছিল।

একে সময়তে ড’জিত মাস্কৰ ভূমিকাৰ বাবে টেছলাৰ শ্বেয়াৰ হ্ৰাস পোৱাৰ বাবে কোম্পানীটোৱে আৰম্ভণিতে বহু ক্ষতিগ্ৰস্ত হৈছিল।

ট্ৰাম্পৰ সৈতে বন্ধুত্বই সৃষ্টি কৰিছে সমস্যাৰ

ট্ৰাম্প প্ৰশাসনত ইলন মাস্কৰ ভূমিকাক লৈ কেইবামাহো ধৰি শ্বেয়াৰহোল্ডাৰসকল চিন্তিত হৈ আছে।একে সময়তে যেতিয়া মাস্কে এপ্ৰিল মাহত টেছলাৰ ওপৰত অধিক মনোনিৱেশ কৰাৰ প্ৰতিশ্ৰুতি দিছিল।

তেতিয়া শ্বেয়াৰ বজাৰত উত্থান হ’বলৈ ধৰিলে, অৱশ্যে যোৱা সপ্তাহত আনুষ্ঠানিকভাৱে চৰকাৰ এৰি যোৱাৰ পিছত মাস্ক আৰু ট্ৰাম্পৰ মাজত ফাট মেলে।

দুয়োৰে মাজত কৰ বৈধকৰণ সন্দৰ্ভত বিবাদ হৈছিল। ৰিপাব্লিকানসকলে স্পেচএক্স আৰু টেছলাৰ বাবে চৰকাৰী চুক্তি আৰু ৰাজসাহায্য শেষ কৰাৰ ভাবুকি দিয়াৰ লগে লগে এই বিতৰ্ক তীব্ৰতৰ হৈ পৰে।

লগতে পঢ়ক: ‘উদযাপনতকৈ জীৱন বেছি গুৰুত্বপূৰ্ণ…ৰোড শ্ব’ বন্ধ হ’ব লাগে’; বেংগালুৰু ঘটনাক লৈ গৌতম গম্ভীৰৰ মন্তব্য

মুকলি হ’ল XChat, হোৱাটছএপৰ দৰে থাকিব বহু বৈশিষ্ট্য… ইলন মাস্কে কৰিলে ঘোষণা

মুকলি হ’ল XChat

ইলন মাস্কৰ এক্স প্লেটফৰ্মত মুকলি কৰা হৈছে এক্সচেট (XChat) নামৰ নতুন মেছেজিং বৈশিষ্ট্য । এই বৈশিষ্ট্যৰ সহায়ত আপুনি এণ্ড টু এণ্ড এনক্ৰিপচন, অটো ডিলিটেড মেছেজ আৰু যিকোনো ধৰণৰ ফাইল প্ৰেৰণ কৰাৰ বিকল্প লাভ কৰিব । এই বৈশিষ্ট্য বৰ্তমান বিটা সংস্কৰণত আছে ।

দেওবাৰে ইলন মাস্কে পোষ্ট কৰি এই বৈশিষ্ট্যৰ বিষয়ে অৱগত কৰে । পোষ্টটোত তেওঁ লিখিছে যে নতুন এক্সচেটটো ৰোল আউট কৰা হৈছে, য’ত এনক্ৰিপচন, বাৰ্তা অদৃশ্য হোৱা আৰু ফাইল প্ৰেৰণৰ বিকল্প দিয়া হৈছে ।

বিটকইন শৈলীৰ এনক্ৰিপচন ব্যৱহাৰ কৰা হৈছে-

মাস্কে দাবী কৰিছে যে এক্সচেটত বিটকইন শৈলী (Bitcoin Style)ৰ এনক্ৰিপচন ব্যৱহাৰ কৰা হৈছে আৰু ই সম্পূৰ্ণ নতুন আৰ্কিটেকচাৰৰ ওপৰত নিৰ্মিত । মাস্কে আন এটা পোষ্টত কৈছে যে এক্সচেটৰ সহায়ত ব্যৱহাৰকাৰীয়ে অডিঅ’ আৰু ভিডিঅ’ কলো কৰিব পাৰিব । ইয়াৰ বাবে মোবাইল নম্বৰ লিংক কৰাৰ প্ৰয়োজন নাই ।

বৰ্তমান XChat পৰীক্ষণৰ পৰ্যায়ত আছে-

TechCrunch ৰ প্ৰতিবেদন অনুসৰি, XChat বৰ্তমান পৰীক্ষণৰ পৰ্যায়ত আছে আৰু কিছু লোকৰ মাজত পৰীক্ষা কৰা হৈছে । অৱশ্যে কেতিয়া সাধাৰণ জনতাৰ বাবে মুকলি কৰা হ’ব সেই সন্দৰ্ভত এতিয়াও কোনো তথ্য প্ৰদান কৰা নাই কোম্পানীটোৱে । এক্স প্লেটফৰ্মে ২০২৩ চনত এনক্ৰিপ্ট কৰা বাৰ্তা প্ৰেৰণ সেৱা আৰম্ভ কৰিছিল আৰু সেই সময়ছোৱাত সীমিত লোকৰ বাবে এই সেৱা আৰম্ভ কৰা হৈছিল ।

হোৱাটছএপৰ সৈতে কৰিব প্ৰতিযোগিতা-

XChatত ইনষ্টেণ্ট মেছেজিং এপ হোৱাটছএপত উপলব্ধ সকলো বৈশিষ্ট্য আছে । অৱশ্যে হোৱাটছএপত মোবাইল নম্বৰ ব্যৱহাৰ কৰি লগইন কৰিব লাগে । আনহাতে XChat ত মোবাইল নম্বৰ সংযোগ কৰাৰ প্ৰয়োজন নাথাকিব ।

এণ্ড টু এণ্ড এনক্ৰিপচন কি ?

এণ্ড-টু-এণ্ড এনক্ৰিপচন (End To End Encryption) হৈছে এটা সুৰক্ষা ব্যৱস্থা আৰু ইয়াৰ উদ্দেশ্য হৈছে প্ৰেৰক আৰু গ্ৰাহকৰ মাজত সুৰক্ষিতভাৱে তথ্য প্ৰেৰণ কৰা । ইয়াৰ মাজতে কোনেও ইয়াক ডিকোড কৰিব নোৱাৰে ।

উদাহৰণস্বৰূপ, যেতিয়া আপুনি কাৰোবালৈ এটা বাৰ্তা প্ৰেৰণ কৰে, সেই বাৰ্তা আপোনাৰ ডিভাইচত ইনক্ৰিপ্ট হয় । ইয়াৰ পিছত ইণ্টাৰনেটৰ সহায়ত ইয়াক আৰু অধিক স্থানান্তৰ কৰা হয় । এনে পৰিস্থিতিত বাৰ্তাটো ৰিচিভাৰত পোৱাৰ লগে লগে ডিক্ৰিপ্ট হৈ যায় । এই বৈশিষ্ট্য WhatsApp, Signal, আৰু Telegram আদি মেছেজিং এপৰ ​​ভিতৰত উপলব্ধ ।

লগতে পঢ়ক : সাৱধান!; এইকেইটা স্মাৰ্টফোনত আজিৰে পৰা নচলিব WhatsApp

শীঘ্ৰে X একাউণ্টৰ পৰা পঠিয়াব পাৰিব ধন; ইলন মাস্কে প্ৰৱৰ্তন কৰিলে এক্স মানি পেমেণ্ট ফিচাৰ

X একাউণ্টৰ পৰা পঠিয়াব পাৰিব ধন

ইলন মাস্কে তেওঁৰ ছ’চিয়েল মিডিয়া প্লেটফৰ্ম X একাউণ্টত পেমেণ্ট ফিচাৰ যোগ কৰিবলৈ ওলাইছে। এই ফিচাৰৰ জৰিয়তে ব্যৱহাৰকাৰীয়ে তেওঁলোকৰ এক্স এপৰ পৰা ডিজিটেল পেমেণ্ট কৰিব পাৰিব।

কোম্পানীটোৱে দীৰ্ঘদিন ধৰি এই ফিচাৰৰ ওপৰত কাম কৰি আছিল। ইয়াৰ বিটা সংস্কৰণ নিৰ্বাচিত ব্যৱহাৰকাৰীৰ বাবে ৰোল আউট কৰা হৈছে।

ইলন মাস্কে নিজৰ এক্স প্লেটফৰ্মক এৱ্ৰিথ এপ হিচাপে বিকশিত কৰিবলৈএই পদক্ষেপ গ্ৰহণ কৰিছে। ব্যৱহাৰকাৰীয়ে এতিয়া এক্সৰ জৰিয়তে কলিং, ভিডিঅ’ শ্বেয়াৰিং, লাইভ ভিডিঅ’ৰ দৰে ফিচাৰ উপভোগ কৰিব পাৰিব। ment feature যোগ কৰাৰ পিছত এই এপটোৱে ছুপাৰএপৰ দৰে কাম কৰিব।

বিটা সংস্কৰণ আৰম্ভ

টেছলা আৰু স্পেচএক্সৰ চিইঅ’গৰাকীয়ে কিছুদিনৰ আগতে তেওঁৰ অফিচিয়েল হেণ্ডেলৰ পৰা এক্স মানি ফিচাৰটোক টীজ কৰা হৈছিল। ই বেংকিং আৰু পেমেণ্ট সেৱাতকৈও ডাঙৰ হ’ব পাৰে।

মাস্কে নিশ্চিত কৰিছে যে এই ফিচাৰচ সীমিত বিটা ব্যৱহাৰকাৰীৰ বাবে প্ৰথমে মুকলি কৰা হৈছে। ইয়াৰ লগত মানুহৰ সঞ্চয় জড়িত হৈ আছে, যাৰ বাবে ইয়াক ৰোল আউট কৰাৰ আগতে প্ৰয়োজনীয় সাৱধানতা অৱলম্বন কৰা হৈছে।

জানিব পৰা মতে, ইলন মাস্কৰ এক্স মানি ফিচাৰ ছ’চিয়েল মিডিয়া প্লেটফৰ্মৰ জৰিয়তে ক্ৰিপ্টো লেনদেনৰ বাবে ব্যৱহাৰ কৰিব পাৰি।

ভৱিষ্যতে ইয়াৰ জৰিয়তে বিটকইন ক্ৰয় কৰিব পাৰিব। এই ফিচাৰক ২০২৫ চনৰ শেষৰ ফালে ৰোল আউট কৰিব পাৰিব।

বছৰৰ আৰম্ভণিতে এক্সৰ চিইঅ’ লিণ্ডা ইয়াকাৰিন’ই তেওঁৰ অফিচিয়েল হেণ্ডেলৰ জৰিয়তে নিশ্চিত কৰিছিল যে ব্যৱহাৰকাৰীয়ে তেওঁলোকৰ এক্সমনি একাউণ্টত ভিছা কাৰ্ড যোগ কৰিব পাৰে আৰু ৱালেটটো নিমিষতে ৰিচাৰ্জ কৰিব পাৰে।

ইয়াৰ উপৰিও ব্যৱহাৰকাৰীয়ে ইয়াত নিজৰ ডেবিট কাৰ্ড যোগ কৰি পি টু পি পেমেণ্ট কৰিব পাৰিব। কেৱল এয়াই নহয়, ব্যৱহাৰকাৰীয়ে এক্স মানি ৱালেটৰ পৰাও তেওঁলোকৰ বেংক একাউণ্টলৈ ধন ট্ৰেন্সফাৰ কৰিব পাৰিব। এই ফিচাৰটো বৰ্তমান নিৰ্বাচিত বিটা ব্যৱহাৰকাৰীৰ বাবেহে মুকলি কৰা হৈছে।

লগতে পঢ়ক: LSG দলৰ বিৰুদ্ধে বিচিচিআইয়ে বিহিলে জৰিমনা; ঋষভ পন্তে ভৰিব লাগিব ৩০ লাখ টকা