ইলন মাস্কৰ বৃহৎ সফলতা
ইলন মাস্কৰ কোম্পানী স্পেচএক্সে আন এক বৃহৎ সফলতা লাভ কৰিছে । ১৩ অক্টোবৰত কোম্পানীটোৱে নিজৰ ষ্টাৰশ্বিপ সংস্কৰণ-২ ৰকেটৰ ১১ সংখ্যক আৰু শেষ পৰীক্ষামূলক অভিযান সফলতাৰে সম্পূৰ্ণ কৰে । এই পৰীক্ষণ প্ৰায় এঘণ্টা ধৰি চলে আৰু ইয়াৰ সকলো উদ্দেশ্য সফলতাৰে সম্পন্ন কৰে ।
টেক্সাছৰ ষ্টাৰবেছ চেণ্টাৰৰ পৰা আৰম্ভ কৰা এই অভিযানৰ সময়ত ছুপাৰ হেভি বুষ্টাৰে উৰণৰ ১০ মিনিটৰ পিছত মেক্সিকো উপসাগৰত নিৰাপদে অৱতৰণ কৰে । একে সময়তে ষ্টাৰশ্বিপে মহাকাশত ডামি ষ্টাৰলিংক উপগ্ৰহ মুকলি কৰি ইঞ্জিন পুনৰ আৰম্ভ কৰা সফলতাৰে পৰীক্ষা কৰে, যিটো চন্দ্ৰ আৰু মংগল অভিযানৰ বাবে অতি গুৰুত্বপূৰ্ণ ।
যেতিয়া ৰকেটটো পৃথিৱীলৈ উভতি আহে, তেতিয়া বায়ুমণ্ডলৰ উত্তাপৰ সন্মুখীন হৈ ভাৰত মহাসাগৰত নিৰাপদে অৱতৰণ পৰে । কোম্পানীটোৱে কয় যে এই অভিযানৰ পৰা লাভ কৰা তথ্য পৰৱৰ্তী মডেলৰ উন্নতিৰ ক্ষেত্ৰত উপযোগী হ’ব ।
বহু বিফল পৰীক্ষাৰ পিছত সফলতা-
চলিত বৰ্ষৰ আৰম্ভণিতে ষ্টাৰশ্বিপৰ কেইবাটাও পৰীক্ষা বিফল হৈছিল যদিও একেৰাহে দ্বিতীয়টো সফলতাই দলটোৰ আত্মবিশ্বাস বৃদ্ধি কৰিছে । এতিয়া কোম্পানীটোৱে ষ্টাৰশ্বিপ সংস্কৰণ-৩ উৎক্ষেপণ কৰাৰ প্ৰস্তুতি চলাইছে, যিটো পূৰ্বতকৈ অধিক শক্তিশালী হ’ব ।
৩ নং সংস্কৰণৰ উচ্চতা প্ৰায় ৪০৮ ফুট (১২৪.৪ মিটাৰ) হ’ব, আনহাতে ২০২৫ চনৰ মে’ মাহত ইলন মাস্কে উপস্থাপন কৰা “ফিউচাৰ ষ্টাৰশ্বিপ” ৪৬৬ ফুট (১৪২ মিটাৰ) হ’ব । ইয়াক “ফিউচাৰ ষ্টাৰশ্বিপ” সংস্কৰণ ৪ বুলি ধাৰণা কৰা হৈছে, যিটো ২০২৭ চনত উৎক্ষেপণ কৰা হ’ব বুলি মাস্কে জনাইছে ।
লগতে পঢ়ক : শীঘ্ৰেই ভাৰতে মুকলি কৰিব স্বদেশী এ আই মডেল









