যদি আপুনি এণ্ড্ৰইড ফোন ব্যৱহাৰ কৰে, তেন্তে এই খবৰ আপোনাৰ বাবে এক সকাহ। গুগলে প্লে ষ্ট’ৰৰ পৰা ১৭.৫ লাখৰো অধিক ভুৱা আৰু বিপজ্জনক এপ আঁতৰাই ব্যৱহাৰকাৰীৰ সুৰক্ষা শক্তিশালী কৰাৰ বাবে এক বৃহৎ পদক্ষেপ গ্ৰহণ কৰিছে।
এণ্ড্ৰইড ব্যৱহাৰকাৰীৰ নিৰাপত্তা শক্তিশালী কৰিবলৈ গুগলে প্লে ষ্ট’ৰত এতিয়ালৈকে লোৱা আটাইতকৈ ডাঙৰ পদক্ষেপ লৈছে।এই প্লেটফৰ্মৰ পৰা ১৭.৫ লাখৰো অধিক সন্দেহজনক আৰু ভুৱা এপ আঁতৰাইছে কোম্পানীটোৱে।
ইয়াৰ লগতে প্ৰায় ৮০,০০০ ডেভেলপাৰ একাউণ্ট স্থায়ীভাৱে ব্লক কৰা হৈছে।২০২৫ চনত এণ্ড্ৰইড ইক’চিষ্টেমক অধিক সুৰক্ষিত কৰাৰ দিশত এই পদক্ষেপটো গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে।
আঁতৰোৱা বেছিভাগ এপতে বিপজ্জনক মেলৱেৰ আছিল।এই এপসমূহে ব্যৱহাৰকাৰীৰ ধন চুৰি কৰিব পাৰে, তেওঁলোকৰ অজ্ঞাতে পেইড চাবস্ক্ৰিপচন সক্ৰিয় কৰিব পাৰে, বা ব্যক্তিগত ডাটাত প্ৰৱেশ কৰিব পাৰে।
বহু এপ ব্যৱহাৰকাৰীৰ গোপনীয়তাৰ প্ৰতি প্ৰত্যক্ষ ভাবুকি আছিল। কোম্পানীটোৱে কয় যে,ইয়াৰ এআই ভিত্তিক নিৰাপত্তা ব্যৱস্থাই ইতিমধ্যে এই এপসমূহ চিনাক্ত কৰিছিল যাৰ বাবে বৃহৎ পৰিসৰত ব্যৱহাৰকাৰীৰ ওচৰলৈ যোৱাৰ আগতেই বন্ধ কৰি দিয়া হৈছিল।
গুগলৰ নিৰাপত্তা প্ৰযুক্তিয়ে ব্যৱহাৰকাৰীৰ স্পৰ্শকাতৰ তথ্য লাভ কৰাৰ পূৰ্বে প্ৰায় ২ লাখ ৫৫ হাজাৰ এপ ব্লক কৰিছিল।অৰ্থাৎ সময়মতে বৃহৎ সংখ্যক সম্ভাৱ্য তথ্য চুৰি আৰু জালিয়াতিৰ কাণ্ড ৰোধ কৰা হৈছিল।
যিবোৰ ডেভেলপাৰ একাউণ্টৰ ওপৰত বাৰে বাৰে নিয়ম উলংঘা কৰা আৰু প্ৰৱঞ্চনামূলক তথ্য বিয়পোৱাৰ অভিযোগ আছিল, সেইবোৰ আঁতৰাই দিয়াই নহয় বৰঞ্চ ভৱিষ্যতে প্লে ষ্ট’ৰত প্ৰৱেশৰো বাধা দিয়া হৈছিল।
কোম্পানীয়ে স্পষ্ট কৰি দিছে যে,ব্যৱহাৰকাৰীৰ সুৰক্ষা শীৰ্ষ অগ্ৰাধিকাৰ, গতিকে এনে একাউণ্টক দ্বিতীয়বাৰৰ বাবে সুযোগ দিয়া নহ’ব।
লগতে পঢ়ক: বিশ্বৰ বহু দেশত বিকল YOUTUBE; কোটি কোটি ব্যৱহাৰকাৰীৰ মাজত হাহাকাৰ









