Google ৰ বিৰুদ্ধে তদন্ত; ইউৰোপীয় আয়োগে বিহিলে ৩.৫ বিলিয়ন ডলাৰ জৰিমনা

Google ৰ বিৰুদ্ধে তদন্ত

Googleৰ বিৰুদ্ধে বৃহৎ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। অনলাইন বিজ্ঞাপনৰ অপব্যৱহাৰৰ বাবে ইউৰোপীয় আয়োগে Googleক প্ৰায় ৩.৫ বিলিয়ন ডলাৰ জৰিমনা বিহিছে। ভাৰতীয় টকাত এই জৰিমনা পৰিমাণ প্ৰায় ৩,০৮,৫৯,১০,৮৭,৭০০ টকা।

ইউৰোপীয় আয়োগৰ মুখ্য কাৰ্যালয় বেলজিয়ামৰ ব্ৰাছেলছত আছে। Googleৰ বিৰুদ্ধে জৰিমনা বিহা এই  কার্যই সৃষ্টি কৰিছে হুলস্থুলৰ।

এফালে ইউৰোপীয় আয়োগে গুগলৰ বিৰুদ্ধে বৃহৎ ব্যৱস্থা গ্ৰহণ কৰিছে, আনহাতে, ইউৰোপীয় আয়োগৰ প্ৰতি অসন্তুষ্টি প্ৰকাশ কৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে।

ভাৰত আৰু অন্যান্য দেশৰ সৈতে হোৱা বাণিজ্যিক চুক্তি সন্দৰ্ভত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে কয়, “তেওঁলোকে বহুত ভাল কৰি আছে, কেৱল গুগলৰ সৈতে নহয় আমাৰ সকলো ডাঙৰ কোম্পানীৰে কি হৈ আছে, তাৰ বাবে আমি ইউৰোপীয় ইউনিয়নৰ ওপৰত ক্ষুব্ধ হৈছো।’

ইউৰোপীয় আয়োগে গুগলক নিজৰ আত্ম-অগ্ৰাধিকাৰ প্ৰথা বন্ধ কৰা আৰু বিজ্ঞাপন প্ৰযুক্তিৰ যোগান শৃংখলৰ সৈতে স্বাৰ্থৰ সংঘাত ৰোধৰ বাবে পদক্ষেপ ল’বলৈ নিৰ্দেশ দিয়া হৈছে।

ইউৰোপীয় আয়োগৰ নিয়ন্ত্ৰকসকলে পূৰ্বে কোম্পানীটোক ভাঙি পেলোৱাৰ ভাবুকি দিছিল যদিও এতিয়াৰ বাবে সেই ভাবুকিটো শ্বেলফত ৰাখিছে।

আনহাতে এই ঘটনা সন্দৰ্ভত গুগলে এই সিদ্ধান্ত ভুল বুলি কৈছে আৰু ইয়াৰ বিৰুদ্ধে আবেদন কৰিব।

লগতে পঢ়ক: নেপাল চৰকাৰৰ ডাঙৰ ডিজিটেল ষ্ট্ৰাইক; Facebook, YouTube, X সহ ২৬টা ছ’চিয়েল মিডিয়া এপ নিষিদ্ধ

Google আৰু  Appleৰ বাঢ়িছে সমস্যা; এপ ষ্ট’ৰৰ পৰা কৰা উপাৰ্জন হ’ব পাৰে বিপদ

Google আৰু  Appleৰ বাঢ়িছে সমস্যা

Google আৰু  Appleৰ বিপদৰ অন্ত পৰা নাই। এপ ষ্ট’ৰৰ পৰা পোৱা উপাৰ্জনে আমেৰিকাৰ দুয়োটা টেক কোম্পানীৰে বাবে সমস্যাৰ সৃষ্টি কৰিব পাৰে।

ব্ৰিটেইনৰ প্ৰতিযোগিতা আৰু বজাৰ কৰ্তৃপক্ষই এই দুয়োটা কোম্পানীৰে স্ক্ৰু টান কৰিবলৈ সাজু হৈছে।মোবাইল প্লেটফৰ্মত এই দুটা কোম্পানীৰ আধিপত্য আৰু নিয়ন্ত্ৰণলৈ চাই গধুৰ জৰিমনা বিহা হ’ব CMA ৰ ওচৰলৈ এই দুটা কোম্পানীক কৌশলগত বজাৰৰ মৰ্যাদা প্ৰদানৰ প্ৰস্তাৱ আহিছে।

এই দুটা কোম্পানীৰ এপ ষ্ট’ৰত ডেভেলপাৰসকলক নিজাকৈ পেমেণ্ট চিষ্টেম থকাৰ পৰা মুক্ত কৰাৰ প্ৰচেষ্টা চলি আছে।

Google আৰু  Appleৰ এপ ষ্ট’ৰত ইন-এপ ক্ৰয়ৰ বাবে ব্যৱহাৰকাৰীয়ে গুগল বা এপলৰ পেমেণ্ট চিষ্টেম ব্যৱহাৰ কৰাৰ বিকল্প আছে, যাৰ বাবে ডেভেলপাৰসকলে প্ৰতিটো ক্ৰয়ৰ ৩০ শতাংশ পৰ্যন্ত কমিচন এপল বা গুগলক দিব লাগে।

ইয়াৰ বাবেই এই দুয়োটা কোম্পানীয়ে ভাল লাভ কৰে। CMAৰ হস্তক্ষেপৰ পিছত এপ ডেভেলপাৰসকলৰ ৰাজহ বৃদ্ধি পাব পাৰে আৰু কমিচন হ্ৰাস পোৱাৰ সম্ভাৱনা আছে।

CMA ই বিচাৰে যে Google আৰু  Apple এ তেওঁলোকৰ এপ ষ্ট’ৰৰ বাবে এপ ৰিভিউ চিষ্টেম অধিক স্বচ্ছ কৰি তোলক। এপ ৰিভিউ চিষ্টেমৰ গোপনীয় তথ্য ব্যৱহাৰ কৰি কোম্পানীটোৱে নিজৰ সেৱাৰ প্ৰচাৰ কৰা বুলি এপলৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰা হৈছে।

যদি এই অভিযোগ সঁচা হয় তেন্তে ইয়াৰ জৰিয়তে এপলে সুবিধা লাভ কৰিছে। এই সন্দৰ্ভত CMA এ নতুন নীতি আনিব পাৰে।

ইয়াৰ পিছত ব্যৱহাৰকাৰীয়ে এপ ষ্ট’ৰৰ পৰা কৰা ক্ৰয়ৰ বাবে এপল বা গুগল পে ৱালেটৰ বাহিৰেও অন্যান্য ডিজিটেল ৱালেট ব্যৱহাৰ কৰাৰ বিকল্প লাভ কৰিব।

চিএমএৰ মুখ্য কাৰ্যবাহী চাৰা কাৰ্ডেলে কয় যে ব্ৰিটেইনত মোবাইল ডিভাইচ বিক্ৰীৰ ৯০ৰ পৰা ১০০ শতাংশ এপল আৰু গুগলৰ।

ব্ৰিটেইনত এপৰ জৰিয়তে আহৰণ কৰা আয় অৰ্থনীতিৰ বাবে এক ডাঙৰ অৰিহণা যোগায়।ইয়াৰ ওপৰত ভিত্তি কৰি ৪ লাখ চাকৰিৰ সৃষ্টি হয় আৰু ইয়াৰ উপৰিও মুঠ জিডিপিত ১.৫ শতাংশ অৰিহণা যোগায়।

অৱশ্যে চিএমএৰ নতুন প্ৰস্তাৱিত নিয়মৰ বিৰোধিতা কৰিছে এপলে।কোম্পানীটোৱে স্পষ্টীকৰণত কয় যে এই পৰিৱৰ্তনে ব্যৱহাৰকাৰীৰ গোপনীয়তাক বিপদত পেলাব পাৰে।

বৰ্তমান চিএমএই এই বিষয়ত বিশেষজ্ঞৰ পৰা মতামত গ্ৰহণ কৰি আছে। অহা বছৰৰ পৰা এই নিয়ম কাৰ্যকৰী হ’ব পাৰে নিয়ন্ত্ৰকে।

লগতে পঢ়ক: তুৰস্কই প্ৰদৰ্শন কৰিলে নিজৰ শক্তি; নিৰ্মাণ কৰিলে হাইপাৰছ’নিক মিছাইল Tayfun Block-4

সাৱধান! গুগলত এই শব্দ সন্ধান কৰিলে ভৰিব লাগিব ৫৬০০ টকা জৰিমনা

গুগলত এই শব্দ সন্ধান কৰিলে …

শেহতীয়াকৈ ৰাছিয়াই এক কঠোৰ নতুন আইন গৃহীত কৰিছে, যাৰ অধীনত গুগলত কিছুমান শব্দ বা বিষয় সন্ধান কৰিলেও জৰিমনা বিহা হ’ব।

ৰাছিয়াৰ সাংসদসকলে এনে নিয়মত অনুমোদন জনাইছে, য’ত গুগলত তথাকথিত “সন্ত্ৰীসবাদী”ৰ লগত জড়িত যিকোনো তথ্য বিচাৰিলে মানুহে প্ৰায় ৬৫ ডলাৰ জৰিমনা ভৰিব লাগিব, লাগিলে সেইটো শ্বেয়াৰ বা পোষ্ট নকৰক।

ৰাছিয়াত “উগ্ৰপন্থী”ৰ অৰ্থ কি?

ইয়াৰ ভিতৰত বহুতো বিষয় অন্তৰ্ভুক্ত কৰা হৈছে। উদাহৰণস্বৰূপে, এলজিবিটি আন্দোলন লগতে আল কায়দা, আৰু নাজী ধাৰণাক প্ৰচাৰ কৰা যিকোনো বস্তুক “উগ্ৰপন্থী” বুলি কোৱা হয়।

চৰকাৰৰ হাতত ৫৫০০ৰো অধিক নিষিদ্ধ বিষয় আৰু গোটৰ তালিকা আছে, আৰু নতুন বিষয় দ্ৰুতগতিত সংযোজন কৰা হৈছে।

এই আইনৰ পূৰ্বে, ৰাছিয়াত লোকসকলক কেৱল তেতিয়াহে শাস্তি দিব পাৰে যেতিয়া তেওঁলোকে সেইবোৰ পোষ্ট বা শ্বেয়াৰ কৰে। কিন্তু এতিয়া ভিপিএন ব্যৱহাৰ কৰি ব্যক্তিগতভাৱে সন্ধান কৰিলেও জৰিমনা ভৰিব পাৰি।

আৰু ইয়াতেই ক্ষান্ত নাথাকে। ভিপিএনৰ দৰে সঁজুলিৰ প্ৰচাৰ কৰাসকলৰ বিৰুদ্ধেও চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিছে। যদি কোনোবাই ভিপিএন ব্যৱহাৰৰ প্ৰচাৰ কৰে, তেন্তে ব্যক্তিৰ বাবে ২৫০০ ডলাৰ পৰ্যন্ত আৰু কোম্পানীসমূহৰ বাবে প্ৰায় ১৩,০০০ ডলাৰ জৰিমনা বিহা হ’ব পাৰে।

লগতে পঢ়ক: Youtube ৰ ডাঙৰ সিদ্ধান্ত! এতিয়াৰে পৰা আৰু ব্যৱহাৰ কৰিব নোৱাৰিব এইটো ফিচাৰ

গুগলক মোক্ষম আঘাট; কোম্পানীটোৰ ওপৰত একচেটিয়া অধিকাৰ কৰাৰ অভিযোগ, আদালতৰ পৰা নাপালে সকাহ

গুগলে পুনৰবাৰ ডাঙৰ বিপৰ্যয়ৰ সন্মুখীন হ’বলগীয়া হৈছে।টেক কোম্পানীটোৱে এড-টেক বজাৰত আধিপত্য বিস্তাৰ কৰিবলৈ একচেটিয়া অধিকাৰ ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে।

আমেৰিকাৰ ৱাশ্বিংটন ক’ৰ্টৰ ন্যায়াধীশে গুগলৰ বিৰুদ্ধে উত্থাপিত অভিযোগ শুদ্ধ বুলি মানি লৈছে। টেক কোম্পানীটোৰ বিৰুদ্ধে ফেডাৰেল চৰকাৰকে ধৰি আমেৰিকাৰ ৰাষ্ট্ৰই এণ্টি ট্ৰাষ্ট নিয়ম উলংঘা কৰাৰ অভিযোগত গোচৰ দাখিল কৰিছে।

আলফাবেট কোম্পানীটোৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছে যে ডিজিটেল বিজ্ঞাপনৰ তিনিটা খণ্ড- প্ৰকাশক বিজ্ঞাপন চাৰ্ভাৰ, বিজ্ঞাপন দাতাৰ সঁজুলি আৰু বিজ্ঞাপনৰ বিনিময়ত একচেটিয়া অধিকাৰ সৃষ্টিৰ কাম কৰিছে। 
গুগলৰ বিৰুদ্ধে দুটা ফেডাৰেল গোচৰৰ ভিতৰত এইটো এটা, যিটোৱে অৱশেষত কোম্পানীটোক বিভাজিত কৰিব পাৰে আৰু ইয়াৰ প্ৰভাৱ ৰোধ কৰিব পাৰে।

এইটো ডাঙৰ টেকক নিয়ন্ত্ৰণ কৰাৰ বহল চৰকাৰী প্ৰচেষ্টাৰ অংশ হয়। জিলা আদালতৰ ন্যায়াধীশ লিঅ’নি ব্ৰিংকেমাই গুগলৰ বিৰুদ্ধে উত্থাপিত অভিযোগ সন্দৰ্ভত কয়- বাদীসকলৰ অভিযোগ যে বেছিভাগ ৱেবছাইটেই গুগল এডছত চফট্ ৱেৰ প্ৰডাক্টৰ তিকড়ীৰ ব্যৱহাৰ কৰে, ইয়াৰ দ্বাৰা প্ৰকাশকসকলৰ বাবে গুগলৰ বিজ্ঞাপন প্ৰযুক্তি এৰাই চলাৰ কোনো স্থান নাথাকে।

বিচাৰকগৰাকীয়ে আৰু কয় যে মুক্ত ৱেব প্ৰদৰ্শন বিজ্ঞাপনৰ বাবে প্ৰকাশকৰ বিজ্ঞাপন চাৰ্ভাৰ আৰু বিজ্ঞাপন বিনিময় বজাৰত একচেটিয়া ক্ষমতা লাভ আৰু নিজকে জীয়াই ৰাখিবলৈ গুগলে ইচ্ছাকৃতভাৱে প্ৰতিযোগিতা বিৰোধী কাৰ্য্যৰ ধাৰাবাহিকতাত লিপ্ত হৈছে।

গুগলে গ্ৰাহকৰ ওপৰত প্ৰতিযোগিতা বিৰোধী নীতি জাপি দি আৰু বাঞ্ছনীয় পণ্যৰ বৈশিষ্ট্যসমূহ আঁতৰাই ইয়াৰ একচেটিয়া ক্ষমতাক আৰু অধিক কঠিন কৰি তুলিলে।

অৱশ্যে জিলা আদালতৰ এই আদেশৰ বিৰুদ্ধে গুগলে এতিয়াও আমেৰিকাৰ উচ্চতম ন্যায়ালয়ত আবেদন কৰিব পাৰে।

ভুলটো গুগলত চাৰ্চ নকৰিব এইসমূহ বিষয়; অন্যথা যাব লগা হ’ব পাৰে জেললৈ

বৰ্তমান সময়ত ইন্টাৰনেট আমাৰ জীৱনত অপৰিহাৰ্য হৈ পৰিছে । যিকোনো কামৰ বাবে সকলো মানুহেই গুগলৰ সহায় লয়। কিন্তু আপুনি জানেনে যে গুগলত কিছুমান বস্তু বিচাৰিলে আপোনাৰ বাবে অসুবিধাৰ সৃষ্টি হ’ব পাৰে?

হয় , কিছুমান বিষয় আছে যিবোৰ আপুনি গুগলত বাৰে বাৰে বা ভুলতে চাৰ্চ কৰিলে আপুনি সোমাব পাৰে আইনী সমস্যাত।

আপোনাৰ তথ্যৰ বাবে আমি আপোনাক কওঁ যে আপোনাৰ প্ৰতিটো কাৰ্য্যকলাপ গুগলত অনুসৰণ কৰা হয়। আপোনাৰ সন্ধানৰ ইতিহাস, অৱস্থান, ব্ৰাউজিং আৰ্হি—সকলো ৰেকৰ্ড কৰা হয়।

বিশেষকৈ যেতিয়া কোনোবাই সন্দেহজনক কামত লিপ্ত হোৱা দেখা যায় তেতিয়া নিৰাপত্তা সংস্থাসমূহে সময়ে সময়ে এই তথ্য বিশ্লেষণ কৰে।

যদি কোনো ব্যক্তিয়ে গুগলত বোমা বা অস্ত্ৰ নিৰ্মাণ সম্পৰ্কে তথ্য বিচাৰিছে তেন্তে ইয়াক এটা ডাঙৰ অপৰাধ বুলি গণ্য কৰা হয়।

একেদৰে যদি আপুনি ড্ৰাগছৰ অনলাইন উপলব্ধতা, ডাৰ্ক ৱেবৰ প্ৰৱেশ, শিশুৰ সৈতে জড়িত আপত্তিজনক বিষয়বস্তু বা যিকোনো ধৰণৰ সন্ত্ৰাসবাদী কাৰ্যকলাপৰ সৈতে জড়িত তথ্য বিচাৰে, তেন্তে আপুনি পোনপটীয়াকৈ জেললৈ লগা হ’ব পাৰে।

বহু সময়ত মানুহে কেৱল কৌতুহল বা মজাৰ বাবেই এনেবোৰ বস্তু বিচাৰি উলিয়ায় কিন্তু নিৰাপত্তা সংস্থাই ইয়াক গুৰুত্বসহকাৰে লয়।

চাইবাৰ ক্ৰাইম চেলে এনে গোচৰ নিৰীক্ষণ কৰে আৰু প্ৰয়োজন হ’লে আৰক্ষীয়ে আপোনাৰ ঘৰতো উপস্থিত হ’ব পাৰে।

ভাৰতত আই টি এক্ট ২০০০ আৰু অন্যান্য চাইবাৰ আইনৰ অধীনত এনে অপৰাধৰ বাবে কঠোৰ শাস্তি প্ৰদানৰ ব্যৱস্থা আছে। কিছুমান ক্ষেত্ৰত কোনো সতৰ্কবাণী অবিহনে গ্ৰেপ্তাৰ হ’ব পাৰে।

গুগল বা যিকোনো চাৰ্চ ইঞ্জিন বুদ্ধিমানৰূপে ব্যৱহাৰ কৰিব লাগে। সেইবাবেই সদায় কোৱা হয় যে গুগলত ভুল বস্তু বিচাৰিলে ব্যয়বহুল বুলি প্ৰমাণিত হ’ব পাৰে।

ভাৰতৰ আইচিচি চেম্পিয়নছ ট্ৰফীৰ বিজয়ৰ পিছত বিশেষ ধৰণে উদযাপন গুগলৰ ; জনালে সন্মান

ভাৰতে আইচিচি চেম্পিয়নছ ট্ৰফী ২০২৫ জিকি ইতিহাস সৃষ্টি কৰিছে।৯ মাৰ্চত ডুবাই আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত অনুষ্ঠিত চেম্পিয়নছ ট্ৰফীৰ ফাইনেলত নিউজিলেণ্ডৰ দলটোক ৪ উইকেটত পৰাস্ত কৰাৰ পিছত ভাৰতে ১২ বছৰৰ পিছত পুনৰ এবাৰ চেম্পিয়নছ ট্ৰফী দখল কৰিছে।

ভাৰতৰ ট্ৰফী জয়ৰ সৈতে, দেশ আৰু বিদেশত বাস কৰা ভাৰতীয় ক্ৰিকেট অনুৰাগীসকলে অতি আনন্দৰে উদযাপন কৰিছিল। গুগলে ভাৰতীয় ক্ৰিকেট দলৰ এই বিজয়ক ইয়াৰ অনন্য শৈলীত উদযাপন কৰিছিল।

টেক জায়ান্ট গুগলে বিশেষ অনুষ্ঠান উদযাপন কৰিবলৈ ডুডল সৃষ্টি কৰে। ইয়াৰ উপৰিও, বিশ্বৰ সৰ্ববৃহৎ চাৰ্চ ইঞ্জিনেও এনিমেচনৰ জৰিয়তে বিশেষভাৱে উদযাপন কৰে।

গুগলে আইচিচি চেম্পিয়নছ ট্ৰফী জিকাৰ পিছত সন্ধানত এটা নতুন এনিমেচন যোগ কৰিছে। গুগল অনুসন্ধানত আইচিচি চেম্পিয়নছ ট্ৰফী বা ভাৰত বনাম নিউজিলেণ্ড টাইপ কৰাৰ পিছত, পৰ্দাত ৰঙীন আতচবাজী দেখা যায়। ইয়াৰ উপৰিও, ভাৰতৰ এক এনিমেটেড পতাকা ওলায়, য’ত ‘ভাৰত চেম্পিয়ন’ লিখা আছে।

সত্য নাদেলাই ভাৰতীয় দলটোক অভিনন্দন জনাইছিল।মাইক্ৰছফ্টৰ মুখ্য কাৰ্যবাহী বিষয়া সত্য নাদেলাইও ভাৰতৰ আইচিচি চেম্পিয়নছ ট্ৰফী ২০২৫ ৰ বিজয়ৰ বাবে অভিনন্দন জ্ঞাপন কৰিছে।

ভাৰতীয় মূলৰ নাদেলাই ভাৰতীয় ক্ৰিকেট দলৰ বিজয় উদযাপন কৰি এক্সৰ ওপৰত এটা বিশেষ পোষ্ট লিখিছিল।তেওঁৰ পোষ্টত নাদেলাই লিখিছিল, ‘আইচিচি চেম্পিয়নছ ট্ৰফীৰ ফাইনেলত নিউজিলেণ্ডৰ বিৰুদ্ধে এই অবিশ্বাস্য বিজয়ৰ বাবে টীম ইণ্ডিয়াক অভিনন্দন।

দলটোৰ অধিনায়ক ৰোহিত শৰ্মা আৰু কিংবদন্তি বেটছমেন বিৰাট কোহলীক তেওঁলোকৰ অতুলনীয় প্ৰদৰ্শনৰ বাবে প্ৰশংসা।’

২০২৪ চনত গুগলত সৰ্বাধিক চাৰ্চ কৰা হ’ল এই বিষয়…বিনেশ হৈছে সৰ্বাধিক চাৰ্চ কৰা চেলিব্ৰিটি

প্ৰতি বছৰৰ দৰেই গুগলে ২০২৪ চনত সৰ্বাধিক সন্ধান তথা চাৰ্চ কৰা বিষয়ৰ তালিকা প্ৰকাশ কৰিছে । মঙলবাৰে প্ৰকাশ পোৱা এই তালিকাত চলিত বৰ্ষৰ শীৰ্ষ ১০ টা সন্ধান কৰা বিষয়ত আই পি এল, বিশ্বকাপ আৰু সাধাৰণ নিৰ্বাচনে আধিপত্য বিস্তাৰ কৰিছে । ভাৰতীয় গ্ৰাহকে চিনেমা, ক্ৰীড়া আৰু জনপ্ৰিয় মিমৰ লগতে ভ্ৰমণ গন্তব্যস্থান আৰু নিৰ্দিষ্ট খাদ্যৰ তথ্য বিচাৰিছিল ।

চেলিব্ৰিটিৰ কথা ক’বলৈ গ’লে শীৰ্ষ ৫ ৰ ভিতৰত আটাইতকৈ জনপ্ৰিয় চাৰ্চ কৰা চেলিব্ৰিটি আছিল বিনেশ ফ’গাট, হাৰ্দিক পাণ্ডিয়া, শশাংক সিং, অভিষেক শৰ্মা আৰু লক্ষ্য সেন ।

এই বছৰৰ কিছুমান ভাইৰেল মিম অৰেঞ্জ পিল থিয়ৰী, ভেৰী ডিমুৰ, ভেৰী মাইণ্ডফুল, ব্লু গ্ৰীঞ্চ নি চাৰ্জাৰী আদি অনুসন্ধান বা চাৰ্চ কৰা হৈছিল । লগতে চাৰ্ভাইকেল কেন্সাৰ, ময়ে ময়ে আদিৰ অৰ্থও জানিবলৈ চেষ্টা কৰিছিল একাংশ ব্যৱহাৰকাৰীয়ে ।

ৰাজনীতিত সৰ্বাধিক সন্ধান কৰা বিষয় হৈছে নিৰ্বাচনৰ ফলাফল ২০২৪, ভাৰতীয় জনতা পাৰ্টি (বিজেপি) আৰু ভাৰতীয় জাতীয় কংগ্ৰেছ (আই এন চি)।

বতৰ আৰু স্বাস্থ্যক লৈও মানুহে বহু প্ৰশ্ন আৰু উদ্বেগ প্ৰকাশ কৰে । চৌপাশৰ অতি উত্তাপ আৰু AQI (বায়ুৰ গুণাগুণ সূচকাংক)ৰ দৰে বিষয়বোৰো ব্যাপকভাৱে অন্বেষণ কৰা হৈছিল ।

শীৰ্ষ ৫ খন আটাইতকৈ বেছি সন্ধান কৰা চিনেমা আছিল স্ত্ৰী ২, কল্কী ২৮৯৮ এ.ডি, 12th Fail, লাপাতা লেডিজ  আৰু হনুমান । একেদৰে শীৰ্ষ ৫খন ৱেব ছিৰিজত হীৰামণ্ডি, মিৰ্জাপুৰ, দ্য লাষ্ট অৱ আচ, বিগ বছ ১৭, পঞ্চায়ত আছে ।

গুণগুণাই গীত বিচাৰিব পৰা বিকল্প জনপ্ৰিয় হৈ পৰিল-

গুগলৰ ‘হাম টু চাৰ্চ’ ফিচাৰ ব্যৱহাৰকাৰীয়ে গীত বিচাৰিব পৰাকৈ এই বছৰ অতি জনপ্ৰিয় হৈ পৰিছে । এই বৈশিষ্ট্যৰ জৰিয়তে এজন ব্যক্তিয়ে গীতৰ কথা অবিহনে কেৱল গুণগুণাই বা সুহুৰি মাৰি গীত বিচাৰিব পাৰে ।