দিল্লীত মুখ্যমন্ত্ৰীৰ শপত গ্ৰহণৰ তাৰিখ ঘোষণা কৰা হৈছে । দিনৰ ১২ বজাত ৰাজধানীৰ ৰামলীলা ময়দানত শপত গ্ৰহণ কৰিব দিল্লীৰ নতুন মুখ্যমন্ত্ৰীয়ে । ইয়াৰ পূৰ্বে সোমবাৰে (১৭ ফেব্ৰুৱাৰী) বিজেপি বিধায়িনী দলৰ এখন বৈঠক অনুষ্ঠিত হ’ব, য’ত মুখ্যমন্ত্ৰী নিৰ্বাচিত হ’ব ।
দৰাচলতে বিজেপিয়ে সোমবাৰে (১৭ ফেব্ৰুৱাৰী) বিধায়িনী দলৰ এখন বৈঠক আহ্বান কৰিছে য’ত মুখ্যমন্ত্ৰীৰ নাম নিৰ্ণয় কৰা হ’ব । ইতিমধ্যে সকলো বিধায়কক এই বিষয়ে অৱগত কৰা হৈছে । এই বৈঠক দিল্লী ৰাজ্যিক কাৰ্যালয়ত অনুষ্ঠিত হ’ব । ১৯ তাৰিখে কেশৱ কুঞ্জৰ নতুন কাৰ্যালয় উদ্বোধন কৰা হ’ব । সংঘৰ কাৰ্যালয় উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰিব বিজেপিৰ নতুন মুখ্যমন্ত্ৰীয়ে ।
১০ দিনৰ পিছত হ’ব শপত গ্ৰহণ-
উল্লেখ্য যে নিৰ্বাচনৰ ফলাফল ঘোষণাৰ দহ দিনৰ পাছত দিল্লীৰ মুখ্যমন্ত্ৰীৰ শপতগ্ৰহণ অনুষ্ঠান অনুষ্ঠিত হ’ব । ৫ ফেব্ৰুৱাৰীত দিল্লীত বিধানসভা নিৰ্বাচনৰ বাবে ভোটগ্ৰহণ অনুষ্ঠিত হয়, যাৰ ফলাফল ৮ ফেব্ৰুৱাৰীত ঘোষণা কৰা হৈছিল । কিন্তু নির্বাচনৰ ফলাফল ঘোষণাৰ এসপ্তাহৰ পাছতো মুখ্যমন্ত্রীৰ নাম বিজেপিয়ে ঘোষণা কৰা নাই ৷
সোমবাৰে শেষ হ’ব উৎকণ্ঠাৰ-
সোমবাৰে (১৭ ফেব্ৰুৱাৰী) দিল্লীৰ মুখ্যমন্ত্ৰী পদক লৈ চলি থকা জল্পনা-কল্পনা তথা উৎকণ্ঠা শেষ হ’ব । সোমবাৰে বিধায়িনী দলৰ বৈঠকৰ পিছত মুখ্যমন্ত্ৰীৰ নাম ঘোষণা কৰা হ’ব আৰু আগন্তুক পাঁচ বছৰৰ বাবে দিল্লীৰ কমাণ্ড কাক দিয়া হ’ব সেয়া স্পষ্ট হ’ব ।
কোন হ’ব মুখ্যমন্ত্ৰী ?
নিৰ্বাচনৰ ফলাফলৰ পিছৰে পৰা দিল্লীৰ ৰাজনৈতিক মহলত মুখ্যমন্ত্ৰী পদৰ বাবে বহু প্ৰতিদ্বন্দ্বীৰ নাম লৈছে বিজেপিয়ে । অৱশ্যে বিজেপিৰ বহু জ্যেষ্ঠ নেতাই কয় যে মুখ্যমন্ত্ৰীগৰাকী বিজেপিৰ ৪৮জন বিধায়কৰ ভিতৰত এজন হ’ব । এতিয়া দিল্লীৰ মুখ্যমন্ত্ৰী কোন হ’ব সেয়া হ’ব লক্ষণীয় ।