ইম্ফল পশ্চিম আৰু ইম্ফল ইষ্টত জাৰি কৰা সান্ধ্য আইনৰ মাজতে মণিপুৰ চৰকাৰ, সচিবালয়ৰ উচ্চ আৰু কাৰিকৰী শিক্ষা বিভাগে এই জিলাসমূহৰ ৰাজ্যিক বিশ্ববিদ্যালয়কে ধৰি শিক্ষানুষ্ঠান, মহাবিদ্যালয়সমূহ মঙলবাৰলৈ বন্ধ কৰাৰ ঘোষণা কৰিছে । মণিপুৰ চৰকাৰৰ গৃহ বিভাগৰ লগত আলোচনা কৰি এই সিদ্ধান্ত লোৱা হৈছে ।
আজি আৰু কাইলৈৰ বাবে বন্ধ বিদ্যালয়-মহাবিদ্যালয়-
সচিবালয়ৰ উচ্চ আৰু কাৰিকৰী শিক্ষা বিভাগৰ নিৰ্দেশত কোৱা হৈছে যে, বহু জিলাত জিলা দণ্ডাধীশে জাৰি কৰা সান্ধ্য আইনৰ পৰিপ্ৰেক্ষিতত আৰু ছাত্ৰ-ছাত্ৰী আৰু শিক্ষকৰ সুৰক্ষাৰ কথা মনত ৰাখি মণিপুৰ চৰকাৰৰ উচ্চ আৰু কাৰিকৰী শিক্ষা বিভাগক নিৰ্দেশ দিয়া হৈছে যে, ৰাজ্যিক বিশ্ববিদ্যালয়কে ধৰি শিক্ষা বিভাগৰ অধীনস্থ সকলো চৰকাৰী শিক্ষানুষ্ঠান/চৰকাৰী সাহায্যপ্ৰাপ্ত মহাবিদ্যালয় ১৮ নৱেম্বৰৰ পৰা ১৯ নৱেম্বৰলৈ দুদিন ধৰি বন্ধ থাকিব ।
শেহতীয়াকৈ সংঘটিত হিংসাৰ তদন্তৰ দায়িত্ব NIA ৰ-
শেহতীয়াকৈ মণিপুৰত চলিত মাহৰ প্ৰথম দুসপ্তাহত সংঘটিত হোৱা হিংসাত্মক পৰিস্থিতিৰ সৈতে জড়িত তিনিটা বৃহৎ গোচৰৰ তদন্তৰ দায়িত্ব লৈছে ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থাই । শেহতীয়াকৈ গৃহ পৰিক্ৰমা মন্ত্ৰালয়ে জাৰি কৰা এক নিৰ্দেশনাৰ পিছত সংস্থাটোৱে এই গোচৰসমূহ গ্ৰহণ কৰে কাৰণ এই তিনিটা গোচৰৰ সৈতে জড়িত হিংসাত্মক কাৰ্যকলাপৰ ঘটনাসমূহ পাহাৰীয়া ৰাজ্যখনত তীব্ৰতৰ হৈ পৰিছে, যাৰ ফলত মৃত্যু হোৱাৰ লগতে যথেষ্ট সামাজিক বিঘিনি ঘটিছিল ।
ইম্ফল পশ্চিম আৰু ইম্ফল পূবত জাৰি কাৰ্ফিউ-
ইয়াৰ পূৰ্বে দেওবাৰে মণিপুৰত অব্যাহত থকা হিংসাত্মক পৰিস্থিতি পুনৰ বৃদ্ধি পাই, যাৰ বাবে মণিপুৰ আৰক্ষীয়ে ইম্ফল পশ্চিম আৰু ইম্ফল পূৱ দুয়োখন জিলাতে সান্ধ্য আইন জাৰি কৰে । ছটা মৃতদেহ উদ্ধাৰৰ পিছত জাৰি কৰা হয় কাৰ্ফিউ । ক্ৰমবৰ্ধমান হিংসাত্মক পৰিস্থিতিৰ বাবে ৰাজ্য চৰকাৰে সাতখন জিলাত ইণ্টাৰনেট সেৱাও বন্ধ কৰি দিছে । বিশেষকৈ মুখ্যমন্ত্ৰী বীৰেন সিঙৰ বাসগৃহ আৰু ৰাজভৱনৰ আশে-পাশে নিৰাপত্তা কটকটীয়া কৰা হৈছে, ক্ষতিগ্ৰস্ত অঞ্চলত সীমিত যান-বাহনৰ চলাচল দেখা গৈছে ।