আই পি এলৰ এখন মেচত আজি দিল্লী কেপিটেলে ছানৰাইজাৰ্ছ হায়দৰাবাদক ৭ উইকেটত পৰাস্ত কৰিছে । চলিত ছিজনত হায়দৰাবাদৰ এয়া একেৰাহে দ্বিতীয়টো পৰাজয় । এই মেচখনত এছ আৰ এইচে প্ৰথমে বেটিং কৰি ১৬৩ ৰান সংগ্ৰহ কৰে । ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে দিল্লীয়ে ১৬ অভাৰতে বিজয় লক্ষ্যত উপনীত হয় । দিল্লী কেপিটেলছে একেৰাহে দ্বিতীয়টো জয় লাভ কৰিছে, য’ত ফাফ ডু প্লেছিছে অৰ্ধশতক অৰ্জন কৰিছে । ডু প্লেছিছৰ পঞ্চাশ ৰান আৰু অনিকেত বাৰ্মাৰ ৭৪ ৰানৰ সহায়ত দিল্লীয়ে মেচখনত বিজয় সাব্যস্ত কৰে ।
সহজেই লক্ষ্যত উপনীত হয় দিল্লী-
দিল্লী কেপিটেলছে ১৬৪ ৰানৰ লক্ষ্য লাভ কৰে । ইয়াৰ উত্তৰত জেক ফ্ৰেজাৰ মেকগাৰ্ক আৰু ফাফ ডু প্লেছিছে দিল্লীৰ হৈ বিস্ফোৰক আৰম্ভণি কৰে । মেকগাৰ্ক আৰু ডু প্লেছিছৰ মাজত ৮১ ৰানৰ অপেনিং অংশীদাৰিত্ব আছিল । মেকগাৰ্কে ৩৮ ৰান সংগ্ৰহ কৰাৰ বিপৰীতে ডু প্লেছিছে ২৭টা বলত ৫০ ৰানৰ ধুমুহাময় ইনিংছ খেলি দিল্লীৰ জয়ৰ ভেটি স্থাপন কৰে । এই ইনিংছত তেওঁ ৩টা চাৰি আৰু ৩টা ছয় কোবাই ।
দিল্লীৰ হৈ অভিষেক পোৰেলো জিলিকি উঠে, তেওঁ শেষত ছয় কোবাই দিল্লী কেপিটেলছৰ জয় নিশ্চিত কৰে । পোৰেলে ১৮টা বলত ৩৪ ৰানৰ অপৰাজিত ইনিংছ খেলে । একে সময়তে ট্ৰিষ্টান ষ্টাবছেও ১৪টা বলত ২১ ৰান সংগ্ৰহ কৰি অপৰাজিত হৈ থাকে । আজি আই পি এল ২০২৫ত প্ৰথমখন মেচ খেলা কে এল ৰাহুলে ডাঙৰ ইনিংছ খেলাত ব্যৰ্থ হয় আৰু তেওঁ ৫ টা বলত ১৫ ৰান সংগ্ৰহ কৰি আউট হয় । ৫টা বলৰ চুটি ইনিংছত ৰাহুলে ২টা চাৰি আৰু এটা ছয় কোবাই ।
মিচেল ষ্টাৰ্কৰ পাঁচ উিকেট-
দিল্লী কেপিটেলছৰ জয়ৰ ভেটি স্থাপন কৰে মিচেল ষ্টাৰ্কে । তেওঁ ট্ৰেভিছ হেড, ঈশান কিষাণ আৰু নীতিশ কুমাৰ ৰেড্ডীকে ধৰি ৫ জন ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বেটছমেনক আউট কৰে । ষ্টাৰ্কৰ উপৰিও দিল্লীৰ হৈ কুলদীপ যাদৱেও ৩টা উইকেট দখল কৰে । উল্লেখ্য যে ৫টা উইকেট দখল কৰি ষ্টাৰ্কে পাৰ্পল কেপৰ দৌৰত প্ৰথম স্থান লাভ কৰিছে ।