হামাছৰ নতুন মুৰব্বী হিচাপে নিযুক্ত হ’ল খালিদ মাশ্বাল।য়াহিয়্যা ছিনৱাৰৰ মৃত্যুৰ পিছতে হামাসৰ পৰৱৰ্তী মুৰব্বী কোন হ’ব সেই বিষয়ে বহুতৰ নাম পোহৰলৈ আহিছিল । কিন্তু এই সকলোবোৰৰ ভিতৰত আটাইতকৈ শক্তিশালী প্ৰতিদ্বন্দী খালিদ মাশ্বালক নিযুক্তি। ইজৰাইলৰ সৈতে সংঘৰ্ষৰ মাজতে মাশ্বালক দিয়া হয় দায়িত্ব। হামাছক শক্তিশালী কৰাত গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল মাশ্বালে। মাশ্বালে ১৯৯৬ চনৰ পৰা ২০১৭ চনলৈ হামাচৰ ৰাজনৈতিক মুৰব্বী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। খালিদে পূৰ্বতে ২১ বছৰ ধৰি হামাসক নেতৃত্ব দিছিল।য়াহিয়্যা ছিনৱাৰৰ বিপৰীতে, খালিদ মাশ্বাল হৈছে কৌশলগতভাৱে দক্ষ ব্যক্তি।১৯৫৬ চনৰ ২৮ মে’ ত ৱেষ্টবেংকত জন্ম হৈছিল মাশ্বাল।সৰুৰে পৰা খালিদ মাশ্বাল বিদ্ৰোহী আন্দোলনৰ সৈতে জড়িত হৈছিল । ১৫ বছৰ বয়সত, তেওঁ ‘মুছলিম ব্ৰাদাৰহুড’ত যোগদান কৰিছিল। ২০০৪ চনৰ পৰা ২০১২ চনলৈ তেওঁ চিৰিয়াৰ ৰাজধানী দামাস্কাচৰ পৰা এই গোটটো পৰিচালনা কৰিছিল। মাশালে প্ৰথমবাৰৰ বাবে ২০১২ চনত হামাস নিয়ন্ত্ৰিত গাজা ভ্ৰমণ কৰিছিল । ইজৰাইলৰ চোৰাংচোৱা তথ্য অনুসৰি, তেওঁ কেইবা দশক ধৰি ইজৰাইলৰ মষ্ট ৱাণ্টেড সন্ত্ৰাসবাদীৰ তালিকাৰ শীৰ্ষত আছিল।