“লোক নিৰ্মাণ বিভাগে প্ৰথমৰ পৰাই কোনো গছ কটাৰ সিদ্ধান্ত লোৱাই নাছিল ।“ দীঘলীপুখুৰী পাৰৰ গছ কটা সন্দৰ্ভত চলি থকা বিতৰ্ক সন্দৰ্ভত এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । গছ কটাৰ পৰিৱৰ্তে উৰণ সেতুৰ নক্সা কিছু সালসলনি কৰাৰ সিদ্ধান্তৰ বিষয়ে অৱগত কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে । মঙলবাৰে নিশা উৰণ সেতুৰ নিৰ্মাণৰ বুজ ল’বলৈ উপস্থিত হৈ এই মন্তব্য কৰে তেওঁ ।
নতুন পৰিকল্পনা অনুসৰি এতিয়া সন্দিকৈ কলেজৰ ফালে নাযায় উৰণ সেতু । ইয়াৰ পৰিৱৰ্তে উৰণ সেতুৰ এটা দিশ লেম্ব ৰোডৰ ফালে নিৰ্মাণ কৰা হ’ব বুলি জনায় মুখ্যমন্ত্ৰীগৰাকীয়ে ।
তেওঁ কয় “যি সকল ব্যক্তিয়ে অযথা বিতৰ্ক কৰিছে যে, দীঘলী পুখুৰীৰ পাৰৰ গছ লোক নিৰ্মাণ বিভাগে কাটিব বিচাৰিছে, সেয়া তথ্যৰ ওপৰত প্ৰথমৰ পৰাই আধাৰিত নাছিল । এই কথা গুৱাহাটী উচ্চ ন্যায়ালয়কো জনোৱা হৈছে । এটা নিৰ্দিষ্ট চক্ৰই এই বিষয়টোক লৈ এটা অযথা বিতৰ্ক কৰিব বিচাৰি আছিল ।“ আনহাতে মুখ্যমন্ত্ৰীগৰাকীয়ে লক্ষ্মীনাথ বেজবৰুৱাৰ প্ৰতিমূৰ্তি স্থানান্তৰ কৰা বিতৰ্ক সন্দৰ্ভতো প্ৰতিক্ৰিয়া ব্যক্ত কৰে । তেওঁ লক্ষ্মীনাথ বেজবৰুৱাৰ প্ৰতিমূৰ্তিও স্থানান্তৰ কৰা নহয় বুলি মন্তব্য কৰে ।