আকাশৰ তৰাৰ মাজত ভ্ৰমণ কৰাৰ সপোন কেতিয়াবা দেখিছেনে ? মহাকাশৰ গভীৰতাত ওপঙি থকা অৱস্থাত আপুনি দূৰৰ পৰা পৃথিৱীখন চাব বিচাৰেনে ? আগতে এইটো সম্ভৱ আছিল কেৱল বিজ্ঞানী আৰু প্ৰশিক্ষিত মহাকাশচাৰীৰ বাবে, কিন্তু এতিয়া সাধাৰণ মানুহেও মহাকাশলৈ যোৱাৰ সপোন পূৰণ কৰিব পাৰিব । স্পেচএক্স, ব্লু অৰিজিন, ভাৰ্জিন গেলেক্টিক আদি ব্যক্তিগত মহাকাশ কোম্পানীয়ে মহাকাশ পৰ্যটনক বাস্তৱত পৰিণত কৰিছে ।
এতিয়া যিকোনো ব্যক্তিয়ে কিছুমান বিশেষ চৰ্ত পূৰণ কৰি মহাকাশলৈ এক ৰোমাঞ্চকৰ যাত্ৰা কৰিব পাৰে । কিন্তু ইয়াৰ বাবে আবেদন প্ৰক্ৰিয়া, স্বাস্থ্যৰ মাপকাঠী, প্ৰশিক্ষণ আৰু বৃহৎ খৰচৰ দৰে কেইবাটাও প্ৰয়োজনীয়তা পূৰণ কৰিব লাগিব । গতিকে যদি আপুনিও মহাকাশলৈ যোৱাৰ সপোন দেখে, তেন্তে জানি লওক কেনেকৈ আবেদন কৰিব লাগে, বাছনি প্ৰক্ৰিয়া কি আৰু ইয়াৰ বাবে কিমান খৰচ হ’ব !
সাধাৰণ মানুহৰ বাবে মহাকাশৰ পথ-
পূৰ্বে কেৱল নাছা বা ইছৰোৰ দৰে চৰকাৰী সংস্থাইহে নিজৰ মহাকাশচাৰীক মহাকাশলৈ প্ৰেৰণ কৰিছিল । কিন্তু এতিয়া স্পেচএক্স, ব্লু অৰিজিন আৰু ভাৰ্জিন গেলেক্টিকৰ দৰে ব্যক্তিগত কোম্পানীয়ে সাধাৰণ মানুহৰ বাবেও এই সুযোগ মুকলি কৰিছে । এই কোম্পানীসমূহে মহাকাশ পৰ্যটনৰ প্ৰচাৰ কৰিছে, যাৰ অধীনত যিকোনো ব্যক্তিয়ে কিছুমান চৰ্ত পূৰণ কৰি মহাকাশলৈ যাত্ৰা কৰিব পাৰে ।
কেনেকৈ আবেদন কৰিব জানক-
মহাকাশলৈ যাবলৈ এই কোম্পানীসমূহৰ অফিচিয়েল ৱেবছাইট চাব লাগিব । প্ৰতিটো কোম্পানীৰ পন্থা অলপ বেলেগ বেলেগ । সম্পূৰ্ণ তথ্য জানক :
স্পেচএক্স : ইলন মাস্কৰ কোম্পানী স্পেচএক্সে “ইন্সপিৰেচন৪” (২০২১) আৰু “প’লাৰিছ ডন” (২০২৪)ৰ দৰে বিশেষ মিছনৰ জৰিয়তে সাধাৰণ জনতাক সুযোগ প্ৰদান কৰে । তেওঁলোকৰ ৱেবছাইট (spacex.com)ত প্ৰত্যক্ষ আবেদনৰ কোনো বিকল্প নাই । তেওঁলোকৰ অংশীদাৰ কাৰ্যসূচী, চেৰিটি অভিযান বা পৃষ্ঠপোষকতাৰ জৰিয়তে আপুনি নিৰ্বাচিত হ’ব পাৰে । ইয়াৰ বাবে তেওঁলোকৰ চাইটত আপডেটসমূহ পৰীক্ষা কৰি থাকিব পাৰে ।
ভাৰ্জিন গেলেক্টিক : এই কোম্পানীয়ে পোনপটীয়াকৈ টিকট বিক্ৰী কৰে । তেওঁলোকৰ ৱেবছাইট (virgigalactic.com) চাওক আৰু পঞ্জীয়ন কৰক । এই টিকটৰ মূল্য প্ৰায় ৩.৭ কোটি টকা (৪ লাখ ৫০ হাজাৰ ডলাৰ)।
ব্লু অৰিজিন : জেফ বেজোছৰ কোম্পানীয়ে “নিউ শ্বেপাৰ্ড” কাৰ্যসূচীৰ অধীনত আসন প্ৰদান কৰে । আপুনি নিলামত অংশগ্ৰহণ কৰিব পাৰে বা তেওঁলোকৰ চাইটত (blueorigin.com) পঞ্জীয়ন কৰি পোনপটীয়াকৈ বুক কৰিব পাৰে । ইয়াৰ মূল্য ১.৬ৰ পৰা ৪ কোটি টকা (২ লাখ-৫ লাখ ডলাৰ) হ’ব পাৰে । পঞ্জীয়নৰ সময়ত আপুনি আপোনাৰ নাম, বয়স, স্বাস্থ্যৰ তথ্য আৰু কিছুমান মৌলিক তথ্য দিব লাগিব ।
বাছনি প্ৰক্ৰিয়া কি জানি লওক-
মহাকাশলৈ যাবলৈ হ’লে কঠোৰ নিৰ্বাচন প্ৰক্ৰিয়াৰ মাজেৰে যাব লাগিব যেনে :
স্বাস্থ্য পৰীক্ষা : আপোনাৰ শৰীৰে যাতে মহাকাশৰ পৰিৱেশ সহ্য কৰিব পাৰে তাৰ বাবে চিকিৎসা পৰীক্ষা কৰা হয় । হাড়, হৃদযন্ত্ৰ, ফিটনেছ, উচ্চতা, ওজন আৰু মানসিক স্বাস্থ্যৰ পৰীক্ষা কৰা হয় ।
প্ৰশিক্ষণঃ নিৰ্বাচনৰ পিছত কেইদিনমানৰ বাবে প্ৰশিক্ষণ দিয়া হয় । ইয়াত শূন্য মাধ্যাকৰ্ষণ অনুকৰণ, মহাকাশ চুট পিন্ধা আৰু জৰুৰীকালীন পৰিস্থিতিৰ সৈতে মোকাবিলা কৰা শিকোৱা হয় । ভাৰ্জিন গেলেক্টিক আৰু ব্লু অৰিজিনৰ বাবে সাধাৰণতে ২-৫ দিন লাগে, আনহাতে স্পেচএক্সৰ দীঘলীয়া মিছনত সপ্তাহৰ প্ৰশিক্ষণৰ প্ৰয়োজন হ’ব পাৰে ।
টকাৰ ব্যৱস্থা : মহাকাশ ভ্ৰমণ অতি ব্যয়বহুল । ভাৰ্জিন গেলেক্টিকৰ টিকটৰ মূল্য ৩.৭ কোটি, ব্লু অৰিজিনৰ – ১.৬-৪ কোটি টকা আৰু স্পেচএক্সৰ মহাকাশ অভিযানৰ বাবে ১০ কোটিতকৈও অধিক খৰচ হ’ব পাৰে ।
লটাৰী বা নিলাম : কিছুমান মিছনত লটাৰী বা নিলামৰ জৰিয়তে আসন লাভ কৰা হয় । ব্লু অৰিজিনে নিলাম চলায়, স্পেচএক্সে ইয়াৰ পূৰ্বেও লটাৰী ব্যৱহাৰ কৰিছে আৰু ভাৰ্জিন গেলেক্টিকৰ প্ৰত্যক্ষ বুকিং আছে ।
ভাৰতৰ পৰাও সম্ভৱ নেকি-
ভাৰতত মহাকাশ পৰ্যটন এতিয়াও আৰম্ভ হোৱা নাই । ইছৰোৱে “গগণযান” মিছনত কাম কৰি আছে যদিও সেয়া সাধাৰণ মানুহৰ বাবে নহয় । বৰ্তমান ভাৰতীয়সকলে কেৱল বিদেশী কোম্পানীৰ জৰিয়তেহে আৱেদন কৰিব লাগিব । ভাৰতীয় মূলৰ সুনীতা উইলিয়ামছ এগৰাকী প্ৰেৰণা, যদিও তেওঁ নাছাৰ এগৰাকী পেছাদাৰী মহাকাশচাৰী, পৰ্যটক নহয় ।
কিমান সময় লাগে জানি লওক-
নিৰ্বাচনৰ পিছত প্ৰশিক্ষণ আৰু প্ৰস্তুতিৰ বাবে কেইসপ্তাহমানৰ পৰা মাহলৈকে সময় লাগিব পাৰে । ভ্ৰমণৰ সময়সীমা মিছনৰ ওপৰত নিৰ্ভৰ কৰে :
ছাবঅৰ্বিটাল ভ্ৰমণ (ভাৰ্জিন গেলেক্টিক/ব্লু অৰিজিন): ১০-১৫ মিনিট ।
অৰ্বিটাল মিছন (SpaceX): ৩–৫ দিন ।