পৃথিৱীত এনে কোনো লোক নাই যিয়ে জীৱনত সফল হ’ব নিবিচাৰে । প্ৰত্যেকৰে সফলতাৰ সংজ্ঞা বেলেগ বেলেগ হ’ব পাৰে, কিন্তু যি কামেই নকৰক কিয়, সকলোৱেই সফল হ’ব বিচাৰে । কিন্তু, সফলতা লাভ কৰাটো ইমান সহজ নহয় । সফলতা লাভ কৰিবলৈ হ’লে অহৰহ চেষ্টা কৰি থাকিব লাগিব । সফল হ’বলৈ হ’লে দৈনন্দিন জীৱনতো বহু পৰিৱৰ্তন কৰিব লাগিব । ভাল অভ্যাস গ্ৰহণ কৰি বেয়া অভ্যাস ত্যাগ কৰাৰ প্ৰয়াস কৰিব লাগিব ।
ইয়াত ৰাতিপুৱাৰ এনে কিছুমান বেয়া অভ্যাসৰ কথা কোৱা হৈছে যিবোৰ সফলতাৰ ক্ষেত্ৰত হেঙাৰ হ’ব পাৰে । এনে পৰিস্থিতিত সময়মতে এই অভ্যাসবোৰ পৰিহাৰ কৰাৰ প্ৰয়াস কৰিব লাগে । আপোনাৰ সফলতাৰ বাটতো কিছুমান অভ্যাস হেঙাৰ হৈ থিয় দিছে নেকি জানক ।
এই ৫টা বেয়া অভ্যাস সফলতাৰ ক্ষেত্ৰত বাধা হৈ পৰেঃ
সময়ৰ প্ৰতি গুৰুত্ব নিদিয়া-
পুৱাৰ এলাৰ্মত বাৰে বাৰে স্নুজ বুটাম টিপি কেতিয়াও সময়মতে উঠিব নোৱাৰাটো এনেকুৱা এটা অভ্যাস যে এজন ব্যক্তিয়ে অফিচলৈ বা যিকোনো গুৰুত্বপূৰ্ণ কামত দেৰি কৰে । সকলোতে পলমকৈ অহা ব্যক্তিজনে বহু সময়ত বহু সোণালী সুযোগ হেৰুৱাই পেলায় । সেইবাবেই জীৱনত সফল হ’বলৈ সময়ৰ যত্ন লোৱাটো অতি প্ৰয়োজনীয় ।
চিন্তা নকৰাকৈ যিকোনো বস্তু খোৱা-
ব্ৰেকফাষ্ট দিনটোৰ আটাইতকৈ গুৰুত্বপূৰ্ণ আহাৰ । যদি আপুনি ব্ৰেকফাষ্টত গুৰুত্ব নিদিয়ে বা কেৱল ব্ৰেকফাষ্টত বাকী থকা, বাদী বা তেলীয়া যিকোনো বস্তু খায়, তেন্তে গোটেই দিনটো আপুনি অসুস্থ অনুভৱ কৰিব পাৰে । বিশেষকৈ যদি পেটটো ভালে নাথাকে তেন্তে ব্যক্তিজনে নিজৰ কামত মনোনিৱেশ কৰিব নোৱাৰে ।
পৰিকল্পনা অবিহনে দিনটো আৰম্ভ কৰা-
প্ৰায়ে সফল লোকৰ মাজত দেখা যায় যে তেওঁলোকে নিজৰ আগন্তুক দিনটো এদিন আগতেই পৰিকল্পনা কৰে । ইয়াৰ বিপৰীতে অসফল মানুহৰ মাজত দেখা যায় যে তেওঁলোকে নাজানে যে তেওঁলোকৰ দিনটো কেনেকৈ পাৰ হ’ব । এই লোকসকলে কেতিয়া খাদ্য প্ৰস্তুত কৰি খাব লাগে নাজানে, কামৰ বিষয়েও নাজানে, কি পিন্ধিব আৰু ক’লৈ যাব লাগে সেই কথাও মনত নাথাকে । এনে পৰিস্থিতিত সেই ব্যক্তিজনক সময়ক মূল্য নিদিয়া মানুহ বুলি গণ্য কৰা হয় ।
পুৱা বহু সময় ফোন ব্যৱহাৰ কৰা-
ৰাতিপুৱা সাৰ পোৱাৰ লগে লগে যদি আপুনি ফোনত ব্যস্ত হৈ পৰে আৰু ফোন ব্যৱহাৰ কৰাৰ বাহিৰে আন একো কাম নকৰে তেন্তে সেয়া কেৱল সময়ৰ অপচয়ই নহয়, ই মানুহক অসাৰ কামত আবদ্ধ কৰি ৰাখে । ফোনত ব্যস্ত থকাৰ পৰিৱৰ্তে উৎপাদনশীল কাম এটা কৰাটো অধিক লাভজনক ।
নেতিবাচক চিন্তাত আবদ্ধ হৈ পৰা-
জীৱনত এনে এটা সময় আহে যেতিয়া এজন ব্যক্তিৰ বাবে ইতিবাচক হৈ থকাটো কঠিন হৈ পৰে । কিন্তু, যদি প্ৰতিদিনে নেতিবাচক চিন্তাবোৰ মনলৈ আহে আৰু প্ৰতিটো দিনেই নেতিবাচক চিন্তাৰে আৰম্ভ কৰা হয় তেন্তে ই সফলতাৰ বাধা হৈ পৰিব পাৰে । ব্যক্তিজন নেতিবাচক চিন্তাত জড়িত হৈ থাকে আৰু তেওঁৰ শক্তিও কম হৈ পৰে ।