ৰাতি সঠিক টোপনি নাহিলে গোটেই দিনটো টোপনি টোপনি ভাৱ আহি থাকে । কিন্তু, যদি ৰাতি ভাল টোপনি যোৱাৰ পিছতো দিনটো টোপনি আহি থকা যেন লাগে, তেন্তে ইয়াৰ কাৰণ আন কিবা হ’ব পাৰে । মানুহৰ বহুতো সৰু সৰু অভ্যাস আছে যাৰ বাবে সকলো সময়তে টোপনি টোপনি ভাব আহিব পাৰে । সমগ্ৰ দিনটো টোপনি আহি থকাটো এটা ডাঙৰ সমস্যা হৈ পৰে যেতিয়া এজন ব্যক্তি কাৰ্যালয়ত থাকে আৰু কিছুমান গুৰুত্বপূৰ্ণ কাম শেষ কৰিবলগীয়া হয় ।
এই সমস্যাৰ বাবে কাম সঠিকভাৱে কৰিব নোৱাৰা বা সময়মতে সম্পূৰ্ণ নকৰাৰ বাবে অফিচত বছৰ সন্মুখত থকা ভাবমূৰ্তি নষ্ট হোৱাই নহয় নিজৰ ওপৰত খং উঠে । এনে পৰিস্থিতিত সকলো সময়তে টোপনিৰ সৃষ্টি কৰা সেই বেয়া অভ্যাসবোৰ কি কি আৰু সেইবোৰৰ পৰা কেনেকৈ মুক্তি পাব পাৰি ইয়াত জানি লওক ।
প্ৰতিটো সৰু সৰু কথাত মানসিক চাপত ভুগি থকা-
বহুতৰে প্ৰতিটো সৰু-ডাঙৰ কথাত মানসিক চাপত পৰাৰ অভ্যাস থাকে । মানসিক চাপৰ বাবে এজন ব্যক্তিয়ে সকলো সময়তে উদ্বিগ্নতাত থাকে । এনে পৰিস্থিতিত মানুহে যিমানেই সোনকালে শুবলৈ নাযাওক কিয় তেওঁ ঘণ্টাৰ পিছত ঘণ্টা শুব নোৱাৰে আৰু বহু সময়ত, মাজনিশা তেওঁৰ টোপনি ব্যাহত হৈ পৰে । এনে পৰিস্থিতিত মানসিক চাপ দূৰ কৰি টোপনিৰ সমস্যা সমাধান কৰিব পাৰি ।
খাদ্যাভ্যাস-
বহু সময়ত মানুহৰ খাদ্য খোৱাৰ পিছত টোপনি অহা যেন লাগে । ব্ৰেকফাষ্ট হওক বা দুপৰীয়াৰ আহাৰ, এবাৰ টোপনি আহিবলৈ আৰম্ভ কৰিলে আহিয়েই থাকে । এনে পৰিস্থিতিত আপুনি কি খাইছে আৰু কি নাখাইছে সেইবোৰৰ প্ৰতি গুৰুত্ব দিয়াটো জৰুৰী । একে সময়তে বেছিকৈ খোৱা, চৰ্বি আৰু কাৰ্বহাইড্ৰেট বেছি থকা খাদ্য খোৱা, ভুল সময়ত খোৱাটোৱে টোপনিৰ সমস্যাৰ সৃষ্টি কৰে ।
ধূমপান কৰা-
ধূমপান কৰিলেও দিনটো টোপনি ভাব আহে । ধূমপানৰ ফলতো ৰাতি শুবলৈ অসুবিধা হয়, যাৰ ফলত ব্যক্তিজনে গোটেই দিনটো টোপনি অনুভৱ কৰে । এনে পৰিস্থিতিত ধূমপানৰ অভ্যাস ত্যাগ কৰিলে লাভজনক হ’ব পাৰে । ইয়াৰ বাহিৰেও ব্যায়াম কৰিলে ৰাতি ভালদৰে টোপনি অহাত সহায় কৰে ।
ঔষধ খোৱা-
বহুতো ঔষধ আছে যিবোৰ সেৱন কৰিলে টোপনি অহা যেন লাগে । ইয়াৰ উপৰিও যদি কোনো কাৰণ নোহোৱাকৈ ঔষধ সেৱন কৰা হয় বা প্ৰতিটো সৰু সৰু সমস্যাৰ বাবে ঔষধ সেৱন কৰা হয়, তেন্তে ইয়াৰ ফলতো সকলো সময়তে টোপনি অনুভৱ হয় ।
পানীৰ অভাৱ-
শৰীৰত পানীৰ অভাৱ অৰ্থাৎ ডিহাইড্ৰেচনৰ বাবে এজনে সকলো সময়তে টোপনি অনুভৱ কৰে । কাৰণ পানীৰ অভাৱত তেজৰ সোঁত লেহেমীয়া হয়, যাৰ বাবে পৰ্যাপ্ত পৰিমাণৰ অক্সিজেন আৰু পুষ্টিকৰ পদাৰ্থ শৰীৰলৈ নাযায় । ডিহাইড্ৰেচনৰ বাবে শৰীৰৰ ইলেক্ট্ৰলাইটৰ ভাৰসাম্যও অৱনতি ঘটে । ইয়াৰ কাৰণে মানুহ অধিক ভাগৰুৱা হয়, টোপনি অহা যেন লাগে, চকু দুটা মুদ খাই যোৱা যেন লাগে, মূৰৰ বিষ হয়, দুৰ্বল অনুভৱ হয়, মুখ শুকান হয় আৰু মূৰত ঘূৰণি অনুভৱ হয় ।