অহা ১০ নৱেম্বৰত অৱসৰ ল’ব বৰ্তমানৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড়ে । ইয়াৰ পূৰ্বে তেওঁ পৰৱৰ্তী মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তিৰ বাবে উচ্চতম ন্যায়ালয়ৰ আটাইতকৈ জ্যেষ্ঠ ন্যায়াধীশ, ন্যায়াধীশ সঞ্জীৱ খান্নাৰ নাম তেওঁৰ উত্তৰাধিকাৰী হিচাপে পৰামৰ্শ দিছিল ।

যোৱা শুকুৰবাৰে চৰকাৰে মুখ্য ন্যায়াধীশলৈ পত্ৰ লিখি কাৰ্যবিধিৰ স্মাৰক অনুসৰি পৰামৰ্শ প্ৰেৰণ কৰিবলৈ অনুৰোধ জনাইছিল । বৰ্তমানৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ে অহা ১০ নৱেম্বৰত অৱসৰ ল’ব, কিন্তু তেওঁৰ শেষ কৰ্মদিন হ’ব ৮ নৱেম্বৰ (শুকুৰবাৰ)। ২০২২ চনৰ ১০ নৱেম্বৰত তেওঁ দায়িত্ব গ্ৰহণ কৰিছিল ।
অহা বছৰৰ মে’ মাহলৈকে দেশৰ সৰ্বোচ্চ ন্যায়পালিকাৰ মুখ্য ন্যায়াধীশ হিচাপে নেতৃত্ব দিব ন্যায়াধীশ সঞ্জীৱ খান্নাই । ন্যায়াধীশ খান্নাৰ মুখ্য ন্যায়াধীশ হিচাপে কাৰ্যকাল মাত্ৰ ৬ মাহৰ বাবে । ২০২৫ চনৰ ১৩ মে’ত অৱসৰ ল’ব ন্যায়াধীশ সঞ্জীৱ খান্নাই ।
১৯৬০ চনৰ ১৪ মে’ত জন্মগ্ৰহণ কৰিছিল ন্যায়াধীশ সঞ্জীৱ খান্নাই । ১৯৮৩ চনত দিল্লী বাৰ কাউন্সিলত অধিবক্তা হিচাপে মনোনীত হৈছিল তেওঁ । ২০০৪ চনত দিল্লীৰ ৰাষ্ট্ৰীয় ৰাজধানী ভূখণ্ডৰ ষ্টেণ্ডিং কাউন্সেল (চিভিল) হিচাপে নিযুক্তি লাভ কৰে তেওঁ । ইয়াৰ উপৰিও তেওঁ দিল্লী উচ্চ ন্যায়ালয়ত অতিৰিক্ত ৰাজহুৱা অভিযুক্ত আৰু এমিকাছ কিউৰী হিচাপে বহু অপৰাধমূলক গোচৰত হাজিৰ হৈ যুক্তি আগবঢ়াইছিল । ২০০৫ চনত দিল্লী উচ্চ ন্যায়ালয়ৰ অতিৰিক্ত ন্যায়াধীশ হিচাপে পদোন্নতি লাভ কৰাৰ পিছত ২০০৬ চনত তেওঁক স্থায়ী ন্যায়াধীশ হিচাপে নিযুক্তি দিয়া হয় ।