‘বড়ে মিয়া ছোটে মিয়া’ আৰু ‘ইণ্ডিয়ান ২’ৰ পৰা আৰম্ভ কৰি বহু বিগ বাজেটৰ ছবিয়ে ২০২৪ চনত বক্স অফিচত ২০০ কোটি টকা উপাৰ্জন কৰিবলৈ ব্যৰ্থ হৈছে যদিও এজন তাৰকাই তেওঁৰ আগন্তুক ছবিৰ বাবে ৩০০ কোটি টকা পাৰিশ্ৰমিক হিচাবে লৈছে আৰু হৈ পৰিছে ভাৰতৰ সৰ্বাধিক মাননি পোৱা অভিনেতা ।
এই ছুপাৰষ্টাৰজন আন কোনো নহয়, তেওঁ হৈছে ষ্টাইলিছ ষ্টাৰ আল্লু অৰ্জুন । দেশৰ সৰ্বাধিক পাৰিশ্ৰমিক পোৱা অভিনেতা হিচাপে পৰিগণিত হৈছে আল্লু ।
ট্ৰেক টলিউডৰ শেহতীয়া প্ৰতিবেদন অনুসৰি আল্লু অৰ্জুনে তেওঁৰ আটাইতকৈ প্ৰত্যাশিত পুষ্পাৰ ছিকুৱেল ‘পুষ্পা ২: দ্য ৰুল’ৰ বাবে ৩০০ কোটি টকা লৈছে । ইয়াৰ লগে লগে থালাপতি বিজয়ক অতিক্ৰমি এতিয়া ভাৰতৰ সৰ্বাধিক উপাৰ্জনকাৰী অভিনেতা হিচাপে পৰিগণিত হৈছে আল্লু অৰ্জুন । খবৰ অনুসৰি বিজয়ক থালাপাথী ৬৯ৰ বাবে ২৭৫ কোটি টকা মাচুল দিয়া হৈছে ।
তেলেগু চিনেমাৰ ছুপাৰষ্টাৰ, আল্লু অৰ্জুন কেৱল এজন অভিনেতা নহয় এজন প্ৰযোজক আৰু উদ্যোগীও । তেওঁ বহু ব্যৱসায়ত বিনিয়োগ কৰিছে । টাইমছ অৱ ইণ্ডিয়াৰ প্ৰতিবেদন আৰু ৰাজহুৱাভাৱে উপলব্ধ তথ্য অনুসৰি আল্লু অৰ্জুন তেলেগু উদ্যোগৰ অন্যতম সৰ্বাধিক দৰমহা পোৱা অভিনেতা ।
আল্লু অৰ্জুনৰ আনুমানিক সম্পত্তি ৪৬০ কোটি টকা আৰু তেওঁ এক আড়ম্বৰপূৰ্ণ জীৱন কটায় । আল্লুৰ ব্যক্তিগত জেট, বিলাসী বাংলো, বহুতো সম্পত্তি আৰু বিলাসী গাড়ীৰ সংগ্ৰহ আছে ।
অভিনয়ৰ উপৰিও আল্লুৱে নিজৰ প্ৰডাকচন হাউচ, ৰেষ্টুৰেণ্ট ছিৰিজ, মাল্টিপ্লেক্স আৰু আন বহু বিনিয়োগৰ পৰা বিপুল উপাৰ্জন কৰে ।
বৰ্তমান আল্লু অৰ্জুনৰ বহু প্ৰত্যাশিত পুষ্পা ২ মুক্তি পাবলৈ ওলাইছে । ৫ ডিচেম্বৰত মুক্তি পাব এই ছবিখনে । ‘পুষ্পা ২: দ্য ৰুল’ ছবিখনত ৰশ্মিকা মান্দনা আৰু ফাহাদ ফাচিলে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে । দুয়োজনকে শ্ৰীভাল্লী আৰু ভানোৱাৰ সিং শ্বেখাৱটৰ চৰিত্ৰত পুনৰ অভিনয় কৰা দেখা যাব । একচন ড্ৰামা ছবিখনত সামান্থা ৰুথ প্ৰভুৰ ঠাইত নতুন আইটেম গাৰ্ল হিচাপে অভিনয় কৰিছে শ্ৰীলীলাই ।