শুক্ৰবাৰে সন্ধিয়া প্ৰায় ৬ বজাত উত্তৰ প্ৰদেশৰ সিদ্ধাৰ্থনগৰ জিলাত এটা ডাঙৰ পথ দুৰ্ঘটনা সংঘটিত হয়। এই দুৰ্ঘটনাত প্ৰায় ২২ জন লোক আহত হোৱাৰ লগতে ৩ গৰাকী লোকৰ মৃত্যু হয়। জানিব পৰা মতে প্ৰায় ৫৩ জন ভক্তৰে ভৰ্তি এখন বাছতবলৰামপুৰৰ দেৱীপতন মন্দিৰৰ পৰা মুণ্ডন কাৰ্যসূচী সমাপন কৰিসিদ্ধাৰ্থনগৰলৈ উভতিছিল তেওঁলোক। সেই সময়চোৱাতে এজন চাইকেল আৰোহীক বচাবলৈ গৈ নিয়ন্ত্ৰণ হেৰুৱাই বাছখন এটা খাৱৈত বাগৰি পৰে। তাৰ পিছতেই এক হুৱাদুৱা পৰিৱেশৰ সৃষ্টি হয়। স্থানীয় ৰাইজৰ সহযোগত আৰক্ষীয়ে ততাতৈয়াকৈ বাছখনৰ পৰা লোক সকলক উদ্ধাৰ কৰে। আহতসকলত হাস্পতালত ভৰ্তি কৰোৱা হয় যদিও ৩ জনৰ মৃত্যু হোৱাৰ লগতে আন দুজনৰ অৱস্থা অতি সংকটজনক বুলি জানিব পৰা গৈছে।