ঢেকিয়াজুলিৰ ভোটপাৰাত এক শোকাৱহ ঘটনা সংঘটিত হয়। ৰাজপথতে দাউদাউকৈ জ্বলি উঠিল এখন চাৰিচকীয়া অল্ট’ বাহন।জানিব পৰা মতে বাহনখনৰ ভিতৰত আছিল এটা চিলিণ্ডাৰ।
বাহনখনে য়েতিয়া দলং খনৰ ৰেলিঙত খুন্দা মাৰিছিল তেতিয়া বিস্ফোৰণ হৈছিল চিলিণ্ডাৰটো। ফলত চাৰিচকীয়া বাহনত অহা চালকজন গাড়ীখনৰ ভিতৰতে আৱদ্ধ হৈ পৰে আৰু জীৱন্তে অগ্নিদগ্ধ হৈ কৰুণভাৱে মৃত্যুবৰণ কৰে ।
গাড়ীৰ ভিতৰত জীৱন্তে অগ্নিদগ্ধ হোৱা যুৱকজনৰ নাম হ’ল হ’ল ঢেকিয়াজুলিৰ বালিজানৰ চন্দন ছেত্ৰী৷অল্ট’ গাড়ীখনৰ নম্বৰ হ’ল AS12 AE 1868 ৷
ইং নৱবৰ্ষৰ আৰম্ভণিতে সংঘটিত হোৱা হৃদয় বিদাৰক ঘটনাই শোকাকুল পৰিৱেশৰ সৃষ্টি কৰিছে ঢেকিয়াজুলি অঞ্চলত ।