ঢেকীয়াজুলিত শোকাৱহ পথ দুৰ্ঘটনা; ট্ৰাক আৰু এম্বুলেন্সৰ মুখামুখি সংঘৰ্ষত ৬ জনৰ মৃত্যু

এক শোকাৱহ পথ দুৰ্ঘটনাই জোকাৰি গৈছে সমগ্ৰ ঢেকীয়াজুলি। ৰোগী কঢ়িয়াই অনা এখন এম্বুলেন্স আৰু ট্ৰাকৰ মুখামুখি সংঘৰ্ষৰ ফলত ৬ গৰাকীকৈ লোকৰ মৃত্যু হৈছে।

ঢেকীয়াজুলিৰ বৰতলাত নিশা এক শোকৱহ পথ দুৰ্ঘটনা সংঘটিত হৈছে। এখন ট্ৰাক আৰু এম্বুলেন্সৰ মাজত মুখামুখি সংঘৰ্ষ হয়। দুৰ্ঘটনাটোৰ ফলত ৮ গৰাকী লোক থিতাতে নিহত হোৱাৰ লগতে দুগৰাকীৰ অৱস্থা অতি সংকটজনক বুলি জানিব পৰা গৈছে।

এম্বুলেন্সখনে ঢেকিয়াজুলিৰ টিউলিপ চাহ বাগিচাৰ পৰা ৰোগী কঢ়িয়াই আনিছিল।এম্বুলেন্সখনত ৰোগীসহ ৰোগীৰ আত্মীয় আছিল। দুৰ্ঘটনাত নিহত লোকসকলক হৰি মাদগী, কুনাল কৰ্মকাৰ বিজয় হানচা, বিশ্বাস নাথ, সন্ধ্যাচৰী নাথ আৰু সঞ্জীতা নাথ।

পথ দুৰ্ঘটনাটো  সন্ধিয়া প্ৰায় ৬ বজাত সংঘটিত হয়। ইয়াৰে সঞ্জীতা নাথ, বিশ্বাস নাথ আৰু সন্ধ্যাচৰী নাথ একেটা পৰিয়ালৰে লোক। পৰিয়ালৰ লোকে জনোৱা মতে – এম্বুলেন্স খনৰ চালক আছিল বিজয় হানচা । চালক বিজয় হানচাৰ লগতে বাকী ৫ গৰাকী নিহত হোৱা বুলি শ্বহীদ মনবৰ নাথ চিকিৎসালয়ৰ তৰফৰ পৰা জানিবলৈ দিয়া হৈছে।

লগতে পঢ়ক: মাজনিশা প্ৰচণ্ড গুলীবৰ্ষণ, ৰাজ্যজুৰি চাঞ্চল্য

শোকাৱহ; শিক্ষকৰ প্ৰহাৰত সপ্তম শ্ৰেণীৰ ছাত্ৰৰ মৃত্যুৰ অভিযোগ

ঢেকিয়াজুলিত এক শোকাৱহ ঘটনা সংঘটিত হৈছে। শিক্ষকৰ প্ৰহাৰত প্ৰাণ গ’ল সপ্তম শ্ৰেণীৰ ছাত্ৰৰ ।শিক্ষক উত্তম বক্সি মহন্তৰ প্ৰহাৰত মৃত্যু হোৱাৰ অভিযোগ সপ্তম শ্ৰেনীত অধ্যয়নৰত ছাত্ৰ অমন মাহাতুৰ।

ঢেকিয়াজুলিৰ চিৰাজুলিৰ নিউ হৰাইজন স্কুলত সংঘটিত হৈছে এই ঘটনাটো।জানিব পৰা মতে এক সপ্তাহ পূৰ্বে শিক্ষক উত্তম বক্সি মহন্তই পাঠদানৰ সময়তে অমানুষিকভাৱে প্ৰহাৰ কৰিছিল অমন মাহাতুক।

দুদিন পিছত ছাত্ৰ গৰাকীৰ স্বাস্থৰ অৱনমতি হোৱাত পৰিয়ালৰ লোকে TMCH ত ভৰ্তি কৰাইছিল অমনক। কিন্তু চিকিৎসাধীন অৱস্থাতে বৃহস্পতিবাৰে বিয়লি মৃত্যু হয় ছাত্ৰগৰাকীৰ।

অতি দৰিদ্ৰ পৰিয়ালটোৰ পিতৃ-মাতৃৰ একমাত্ৰ সন্তান আছিল অমন মাহাতু।ছাত্ৰ গৰাকীৰ মৃত্যুৰ পিছত অঞ্চলযুৰী তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

ঘটনাক কেন্দ্ৰকৰি শিক্ষক উত্তম বক্সি মহন্তৰ বিৰুদ্ধে এজাহাৰ দাখিল মৃত ছাত্ৰ গৰাকীৰ পৰিয়ালৰ।জানিব পৰা মতে শিক্ষক উত্তম বক্সি মহন্ত বৰ্তমান আৰক্ষীৰ জিম্মাত আছে।পষ্ট মৰ্টেম তথা আৰক্ষীৰ তদন্তৰ পাছতহে প্ৰকৃত ঘটনা পোহৰলৈ আহিব।

শোকাৱহ;বাহনৰ ভিতৰতে জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যু এজনৰ

ঢেকিয়াজুলিৰ ভোটপাৰাত এক শোকাৱহ ঘটনা সংঘটিত হয়। ৰাজপথতে দাউদাউকৈ জ্বলি উঠিল এখন চাৰিচকীয়া অল্ট’ বাহন।জানিব পৰা মতে বাহনখনৰ ভিতৰত আছিল এটা চিলিণ্ডাৰ।

বাহনখনে য়েতিয়া দলং খনৰ ৰেলিঙত খুন্দা মাৰিছিল তেতিয়া বিস্ফোৰণ হৈছিল চিলিণ্ডাৰটো। ফলত চাৰিচকীয়া বাহনত অহা চালকজন গাড়ীখনৰ ভিতৰতে আৱদ্ধ হৈ পৰে আৰু জীৱন্তে অগ্নিদগ্ধ হৈ কৰুণভাৱে মৃত্যুবৰণ কৰে ।

গাড়ীৰ ভিতৰত জীৱন্তে অগ্নিদগ্ধ হোৱা যুৱকজনৰ নাম হ’ল হ’ল ঢেকিয়াজুলিৰ বালিজানৰ চন্দন ছেত্ৰী৷অল্ট’ গাড়ীখনৰ নম্বৰ হ’ল AS12 AE 1868 ৷

ইং নৱবৰ্ষৰ আৰম্ভণিতে সংঘটিত হোৱা হৃদয় বিদাৰক ঘটনাই শোকাকুল পৰিৱেশৰ সৃষ্টি কৰিছে ঢেকিয়াজুলি অঞ্চলত ।