আজি এই প্ৰতিবেদনত এনে এজন অভিনেতাৰ বিষয়ে কবলৈ লৈছো যিয়ে নিজৰ আধা বয়স পাৰ হৈ যোৱাৰ পাছত প্ৰৱেশ কৰিছিল বলিউডত আৰু কম সময়ৰ ভিতৰতে শক্তিশালী অভিনয়ৰে সুকীয়া পৰিচয় সৃষ্টি কৰিবলৈ সক্ষম হৈছিল । আমি ক’বলৈ ওলাইছো বলিউডৰ এনে এজন প্ৰবীণ অভিনেতাৰ বিষয়ে যাৰ অভিনয়ে সকলোৰে প্ৰশংসা লাভ কৰে । তেওঁ হৈছে এজন প্ৰতিভাৱান অভিনেতা বোমান ইৰাণী । উল্লেখ্য যে, বোমান ইৰাণীৰ অভিনয় কেৰিয়াৰ যথেষ্ট পলমকৈ আৰম্ভ হৈছিল যদিও ভাল চৰিত্ৰ পালে তেওঁ নিজকে প্ৰমাণ কৰিবলৈ কোনো সুৰুঙা ৰখা নাছিল । ‘মুন্না ভাই এম বি বি এছ’ৰ ডাক্তৰ ‘আস্থানা’ হওক বা ‘থ্ৰী ইডিয়টছ’ৰ ‘ভাইৰাছ’ হওক, দুয়োটা চৰিত্ৰৰে অনুৰাগীক মোহিত কৰি ৰাখিছিল তেওঁ ।
বোমান ইৰাণীয়ে শ্বাহৰুখ খানৰ ছবি ‘জোছ’ত এটা চৰিত্ৰৰে বলীউডত কেৰিয়াৰ আৰম্ভ কৰিছিল । সেই সময়ত তেওঁৰ বয়স আছিল ৪১ বছৰ । অৱশ্যে, অভিনয়লৈ অহাৰ পূৰ্বে, বোমান ইৰাণীয়েও বহুক্ষেত্ৰত হাত উজান দিছিল ।
১৯৮৭ চনৰ পৰা ৮৯ চনৰ ভিতৰত বোমান ইৰাণীয়ে পেছাদাৰী ফটোগ্ৰাফাৰ হিচাপেও কাম কৰিছিল । বোমানৰ প্ৰাৰম্ভিক জীৱন বহু সংগ্ৰামৰ মাজেৰে পাৰ হৈছিল । সৰুৰে পৰা ডিছলেক্সিয়া ৰোগত আক্ৰান্ত হৈ আছিল বোমান ইৰাণী ।
১৯৫৯ চনত মুম্বাইৰ এটা পাৰ্চী পৰিয়ালত জন্মগ্ৰহণ কৰা বোমানে শৈশৱত সঠিকভাৱে কথা ক’ব পৰা নাছিল । গুৰুত্বপূৰ্ণ কথাটো হ’ল বোমানে শৈশৱতে পিতৃক হেৰুৱাইছিল ।
শৈশৱত বোমানে কথা কওঁতে কষ্ট কৰিবলগীয়া হৈছিল । এটা অনুষ্ঠানৰ সময়ত বোমানে উল্লেখ কৰিছিল যে তেওঁ যেতিয়াই কথা কৈছিল তেতিয়াই মানুহে তেওঁক ঠাট্টা কৰিছিল ।
কথোপকথনৰ সময়ত অভিনেতাজনে কৈছিল যে মই যেতিয়াই কথা কওঁ, আগতে মানুহে মোক ঠাট্টা কৰিব বুলি ভয় অনুভৱ কৰিছিলোঁ, কিন্তু পিছত বুজিলোঁ যে আপুনি সদায় ভয় খাব নোৱাৰে । বোমানে কয় যে তেতিয়া তেওঁৰ মাতৃয়ে তেওঁক স্পীচ থেৰাপী ল’বলৈ ক’লে আৰু ইয়াৰ সহায়ত তেওঁ বহু পৰিমাণে সুস্থ হৈ উঠিল ।
বোমনে কেৰিয়াৰ হিচাপে বহু ক্ষেত্ৰত কাম কৰিছিল । পঢ়া-শুনা কৰি হোটেল মেনেজমেণ্টৰ পাঠ্যক্ৰম এটা কৰি তাৰ পিছত হোটেল তাজমহলত ওৱেটাৰ আৰু ৰুম চাৰ্ভিচ ষ্টাফ হিচাপে বহুদিন কাম কৰিছিল । ইয়াৰ পিছত বোমানে মাতৃক তেওঁৰ বেকাৰীত সহায় কৰিছিল । বোমানে যেতিয়া মাতৃৰ বেকাৰী ব্যৱসায়টো ল’লে, তেতিয়া তেওঁ তাত যথেষ্ট ভাল উপাৰ্জন কৰিবলৈ ধৰিলে । ১৪ বছৰ ধৰি তেওঁ এই কাম অবিৰতভাৱে কৰিছিল ।
অৱশ্যে বোমানৰ মন অভিনয় আৰু পৰিচালনাৰ প্ৰতি আছিল, সেয়ে তেওঁ এই কামটো এৰি দিয়ে । হন্সৰাজ সিন্ধিয়াৰ তত্বাৱধানত অভিনয়ৰ কৌশল শিকে আৰু লগতে বহু ভ্ৰাম্যমাণ কাম কৰে । থিয়েটাৰৰ সৈতে তেওঁৰ পৰিচয়ে সহায় কৰিছিল আৰু তেওঁ ৪১ বছৰ বয়সত জোছ ছবিৰ জৰিয়তে অভিনয় জীৱন আৰম্ভ কৰে । ইয়াৰ পিছত বোমনে বিভিন্ন ছবিত বহু চৰিত্ৰত অভিনয় কৰি এজন সফল অভিনেতা হিচাপে নিজৰ পৰিচয় প্ৰতিষ্ঠা কৰে ।