অস্কাৰ ২০২৫ : শ্ৰেষ্ঠ ছবি আনোৰা, কোনে কোনে লাভ কৰিলে শ্ৰেষ্ঠ অভিনেতা-অভিনেত্ৰীৰ বঁটা

৯৭ সংখ্যক একাডেমী বঁটা অৰ্থাৎ অস্কাৰ ২০২৫ৰ আৰম্ভণি অতি ধুমধামেৰে হয় । এইবাৰ একাডেমী বঁটাৰ আয়োজন কৰে কনন অ’ব্ৰাইনে । প্ৰথমবাৰৰ বাবে তেওঁ অস্কাৰ আয়োজনৰ দায়িত্ব লয় । এই অনুষ্ঠানত দেখা গ’ল হলিউডৰ তাৰকাসকলৰ গ্লেমাৰ । এই অনুষ্ঠানত জিলিকি উঠে আনোৰা, এই ছবিখনে ৫টা বঁটা লাভ কৰে । এড্ৰিয়ান ব্ৰডী শ্ৰেষ্ঠ অভিনেতা আৰু মাইকি মেডিচনে শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা লাভ কৰে ।

‘অনোৰা’ই লাভ কৰে ৫টা বঁটা-

অস্কাৰ বঁটাত অনোৰাই ৫টা বঁটা লাভ কৰে । ইয়াৰ নায়িকা মাইকি মেডিচন শ্ৰেষ্ঠ অভিনেত্ৰী হিচাপে পৰিগণিত হয় । এই ছবিখনে শ্ৰেষ্ঠ সম্পাদনা, শ্ৰেষ্ঠ পৰিচালক, শ্ৰেষ্ঠ ছবি, শ্ৰেষ্ঠ মৌলিক চিত্ৰনাট্যৰ বঁটা লাভ কৰে । এই সফলতাত ছবিখনৰ পৰিচালক শ্বেন বেকাৰ অত্যন্ত সুখী ।

শ্বীন বেকাৰে ৰচনা কৰিলে ইতিহাস-

অস্কাৰ ২০২৫ত সকলোকে কঠোৰ প্ৰতিযোগিতা দিছিল আনোৰা ছবিখনে । ইয়াৰ পৰিচালক শ্বীন বেকাৰে অভিলেখ ভংগ কৰিছে । একেখন ছবিৰ বাবে একেটা বছৰতে চাৰিটাকৈ অস্কাৰ বঁটা লাভ কৰা প্ৰথমজন পৰিচালক হিচাপে পৰিগণিত হয় তেওঁ । তেওঁ শ্ৰেষ্ঠ ছবি, পৰিচালক, মৌলিক চিত্ৰনাট্য, সম্পাদনাৰ বঁটা লাভ কৰে ।

অস্কাৰৰ দৌৰৰ পৰা বাহিৰ ‘অনুজা’-

শ্ৰেষ্ঠ লাইভ একচন চুটি ছবি শাখাত বঁটা লাভৰ পৰা বঞ্চিত হয় ‘অনুজা’। এই ছবিখনৰ নিৰ্মাতা আছিল এডাম গ্ৰেভছ । প্ৰিয়ংকা চোপ্ৰা আৰু গুনীত মংগা সহ-প্ৰযোজক হিচাপে চিনেমাখনৰ সৈতে জড়িত । অনুজা এটা কাৰখানাত কাম কৰা ৯ বছৰীয়া এগৰাকী ছোৱালীৰ কাহিনী । অনুজাৰ চৰিত্ৰত অভিনয় কৰিছে সাজদা পাঠনে । প্ৰকৃততে তেওঁ আছিল শিশু শ্ৰমিক । তেওঁক উদ্ধাৰ কৰে ‘ছালাম বালক ট্ৰাষ্ট’ নামৰ বেচৰকাৰী সংস্থাটোৱে । সাজদাক পঢ়া-শুনা আৰু লিখাৰ সুযোগ দিয়ে সংস্থাটোৱে ।

শ্ৰেষ্ঠ সহ-অভিনেতা – কাইৰেন কলকিন (এ ৰিয়েল পেইন)

শ্ৰেষ্ঠ সহযোগী অভিনেতাৰ বঁটা লাভৰ দৌৰত কাইৰেন কলকিনে এডৱাৰ্ড নৰ্টন, ইউৰা বৰিছভ, গাই পিয়ৰ্চ আৰু জেৰেমি ষ্ট্ৰংক পৰাস্ত কৰে । বঁটা লাভ কৰাৰ পিছত তেওঁ সকলোকে ধন্যবাদ জনায় । পৰিয়ালক প্ৰশংসা কৰি তেওঁ তেওঁলোকৰ সহায়ৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰে ।

শ্ৰেষ্ঠ সহ-অভিনেত্ৰী – জয়ী চল্ডানা (এমিলিয়া পেৰেজ )-

বঁটা লাভ কৰাৰ পিছত জ’ই আৱেগিক হৈ পৰে । মঞ্চলৈ আহি তেওঁ ছবিখনৰ অভিনেতা-অভিনেত্ৰী, ক্ৰু আৰু পৰিয়ালক ধন্যবাদ জনায় ।

বিজয়ীৰ তালিকা…
শ্ৰেষ্ঠ চলচ্চিত্ৰ – আনোৰা
শ্ৰেষ্ঠ অভিনেতা – এড্ৰিয়ান ব্ৰডী (দ্য ব্ৰুট্ৰুটিষ্ট)
শ্ৰেষ্ঠ অভিনেত্ৰী – মাইকী মেডিচন (আনোৰা)
শ্ৰেষ্ঠ পৰিচালক – শ্বীন বেকাৰ (আনোৰা)
শ্ৰেষ্ঠ মেকআপ আৰু হেয়াৰষ্টাইলিং – দ্য চাবছটেন্স
শ্ৰেষ্ঠ অভিযোজিত চিত্ৰনাট্য – কনক্লেভ
শ্ৰেষ্ঠ মূল চিত্ৰনাট্য – আনোৰা
শ্ৰেষ্ঠ এনিমেটেড চলচ্চিত্ৰ – ফ্লু

গ্ৰেপ্তাৰ হ’ব নেকি চনু সুদ ? অভিনেতাজনৰ বিৰুদ্ধে জাৰি কৰা হৈছে গ্ৰেপ্তাৰ পৰোয়ানা

বলীউডৰ অভিনেতা চনু সুদক তেওঁৰ উদাৰতাৰ বাবে সদায় স্বীকৃতি দিয়া হয়। তেওঁক প্ৰায়ে প্ৰয়োজনীয় লোকসকলক সহায় কৰা দেখা যায়।কিন্তু তেওঁৰ সৈতে সম্পৰ্কিত এটা বাতৰিয়ে সকলোকে হতবাক কৰি তুলিছে।

জানিব পৰা মতে লুধিয়ানাৰ এখন আদালতে বৃহস্পতিবাৰে তেওঁৰ বিৰুদ্ধে জালিয়াতিৰ গোচৰত সাক্ষ্য দিবলৈ অস্বীকাৰ কৰাৰ বাবে গ্ৰেপ্তাৰ পৰোয়ানা জাৰি কৰিছে। এই গোচৰটো লুধিয়ানাৰ অধিবক্তা ৰাজেশ খান্নাৰ দ্বাৰা দাখিল কৰা হৈছিল।

দৰাচলতে ৰাজেশ খান্নাই মোহিত শুক্লাৰ ওপৰত ১০ লাখ টকা প্ৰতাৰণা কৰাৰ অভিযোগ উত্থাপন কৰিছিল। খান্নাই দাবী কৰিছিল যে শুক্লাই তেওঁক ভুৱা ‘ৰিজিকা’ মুদ্ৰাত বিনিয়োগ কৰিবলৈ প্ৰলোভিত কৰিছিল আৰু চনু সুদে এই বিষয়ত সাক্ষ্য দিয়াৰ কথা আছিল।

কিন্তু আদালতৰ দ্বাৰা কেইবাটাও চমন প্ৰেৰণ কৰা স্বত্বেও, অভিনেতাজনে কোনো সঁহাৰি দিয়া নাছিল, যাৰ ফলত ন্যায়াধীশ ৰমনপ্ৰীত কৌৰে তেওঁৰ বিৰুদ্ধে গ্ৰেপ্তাৰ পৰোয়ানা জাৰি কৰিবলৈ বাধ্য হৈছিল।

লুধিয়ানাৰ ন্যায়িক দণ্ডাধীশ আদালতে মুম্বাইৰ আন্ধেৰী পশ্চিমত অৱস্থিত ওশিৱাৰা আৰক্ষী থানালৈ ৱাৰেণ্ট প্ৰেৰণ কৰিছে।

ৱাৰেণ্টেত নিৰ্দেশ দিছে যে চনু সুদক গ্ৰেপ্তাৰ কৰা হ’ব আৰু আদালতত উপস্থাপন কৰা হ’ব। আদালতৰ আদেশত স্পষ্টকৈ কোৱা হৈছে, চনু সুদলৈ চমন প্ৰেৰণ কৰা হৈছিল, কিন্তু তেওঁ ইয়াক উপেক্ষা কৰিছিল আৰু ইচ্ছাকৃতভাৱে আদালতত হাজিৰ হোৱা নাছিল।

সেয়েহে, চনু সুদক গ্ৰেপ্তাৰ কৰিবলৈ আৰু আদালতত উপস্থাপন কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। আদালতে আৰক্ষীক ১০ ফেব্ৰুৱাৰী, ২০২৫ ৰ ভিতৰত এই ৱাৰেণ্ট কাৰ্যকৰী হোৱাটো নিশ্চিত কৰিবলৈ বা কিয় কাৰ্যকৰী কৰা হোৱা নাছিল তাৰ স্পষ্ট কাৰণ প্ৰদান কৰিবলৈ নিৰ্দেশ দিছে। অৱশ্যে, এই বিষয়টো সন্দৰ্ভত চনু সুদৰ পৰা এতিয়ালৈকে কোনো আনুষ্ঠানিক বিবৃতি দিয়া হোৱা নাই।

হৃদৰোগত আক্ৰান্ত অভিনেতা টিকু তালছানিয়া ! সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি

টেলিভিছন আৰু বলীউডৰ অভিনেতা টিকু তালছানিয়াৰ স্বাস্থ্য হঠাতে অৱনতি ঘটিছে।তেওঁৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে। অৱশ্যে, এই বিষয়ে এতিয়ালৈকে কোনো আনুষ্ঠানিক তথ্য প্ৰাপ্ত হোৱা নাই।

টিকু তালছানিয়াই বহুতো চলচ্চিত্ৰত কাম কৰাৰ লগতে বহু কেইখন জনপ্ৰিয় ধাৰাবাহিকটো অভিনয়  কৰিছে। শেহতীয়াকৈ, তেওঁক ৰাজকুমাৰ ৰাওৰ ছবি ‘বিকি বিদ্যা কা ৱো ৱালা ভিডিঅ’ত অভিনয় কৰিছিল।

টিকু তালছানিয়াৰ বিষয়ে এই খবৰটো যথেষ্ট আচৰিত জনক। ৭০ বছৰীয়া টিকু এই উদ্যোগটোৰ এজন জ্যেষ্ঠ অভিনেতা। এনে পৰিস্থিতিত, আশা কৰা হৈছে যে অভিনেতাজন সোনকালেই আৰোগ্য হ’ব।

অভিনেতা টিকু তালছানিয়াৰ জন্ম ১৯৫৪ চনত হৈছিল। তেওঁ ১৯৮৪ চনত জনপ্ৰিয় অনুষ্ঠান ‘ইয়ে জো হে জিন্দেগী’ৰ জৰিয়তে অভিনয়ৰ আৰম্ভণি কৰিছিল।একে সময়তে, তেওঁ ১৯৮৬ চনত ‘প্যাৰ কে দো পাল’ চলচ্চিত্ৰৰ জৰিয়তে বলীউডত আত্মপ্ৰকাশ কৰিছিল।