বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে পাঁচখনীয়া খেলৰ টেষ্ট শৃংখলাত ভাৰত ১-৩ ব্যৱধানত পৰাস্ত হয় । ছিডনীত অনুষ্ঠিত শৃংখলাৰ অন্তিমখন টেষ্টত কেংগাৰু দলে ৬ উইকেটত জয়লাভ কৰি শৃংখলা দখল কৰে । ইয়াৰ লগে লগে ১০ বছৰৰ পাছত এই ছিৰিজত পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হ’ল টিম ইণ্ডিয়া । সমগ্ৰ এই শৃংখলাত ভাৰতীয় দলৰ খেলুৱৈৰ বেটিং ব্যৰ্থতা দেখা গ’ল আৰু শীৰ্ষ অৰ্ডাৰে ৰান সংগ্ৰহ কৰাত ব্যৰ্থ হয় । অৱশ্যে মেলবৰ্ণত শতক অৰ্জন কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰা নীতিশ ৰেড্ডীৰ ৰূপত ভাৰতীয় দলে নিশ্চিতভাৱে এজন উদীয়মান তাৰকা পালে ।
বেটিঙেৰে প্ৰভাৱ বিস্তাৰ কৰিলে নীতিশে-
এই ছিৰিজত টেষ্টত অভিষেক ঘটা অলৰাউণ্ডাৰ নীতিশ কুমাৰ ৰেড্ডীয়ে পাঁচোখন মেচতে দলৰ মূল একাদশৰ অংশ আছিল । তেওঁ ভাৰতীয় দলটোৰ বেটিং আৰু বলিং দুয়োটা দিশতে এক নতুন আশাৰ সঞ্চাৰ কৰিছে । আটাইতকৈ বিশেষ আছিল মেলবৰ্ণত অনুষ্ঠিত চতুৰ্থখন টেষ্টত খেলা ১১৪ ৰানৰ উজ্জ্বল ইনিংছ, যিয়ে তেওঁক অষ্ট্ৰেলিয়া ভ্ৰমণত স্বীকৃতি প্ৰদান কৰে । তেওঁৰ টেষ্ট কেৰিয়াৰৰ কথা কবলৈ গ’লে , ৰেড্ডীয়ে ৫খন মেচৰ ৯ টা ইনিংছত ২৯৮ ৰান সংগ্ৰহ কৰাৰ লগতে ৫টা উইকেটো দখল কৰে ।
২১ বছৰীয়া ৰেড্ডীৰ এই প্ৰদৰ্শনে হয়তো ভাৰতৰ এজন শক্তিশালী অল-ৰাউণ্ডাৰৰ সন্ধানৰ অন্ত পেলাইছে । এই দীঘলীয়া ফৰ্মেটত হাৰ্দিক পাণ্ডিয়াক এসময়ত এই ভূমিকাৰ বাবে নিখুঁত বুলি গণ্য কৰা হৈছিল যদিও তেওঁৰ ফিটনেছ আৰু তিনিওটা ফৰ্মেটৰ চাপৰ বাবে তেওঁ টেষ্ট দলৰ অংশ নহয় । এনে পৰিস্থিতিত ভাৰতৰ বাবে নিতীশ ৰেড্ডী মিডল অৰ্ডাৰত উন্নত বিকল্প হিচাপে আত্মপ্ৰকাশ কৰিছে, যিয়ে টেষ্টত খেলপথাৰত থকাৰ ক্ষমতাই নহয়, বলিঙৰ ক্ষেত্ৰতো দলৰ বাবে সহায়ক বুলি প্ৰমাণিত হ’ব পাৰে ।
যি সময়ত ভাৰতীয় দলৰ টপ অৰ্ডাৰ বিফল হৈছে, সেই সময়ত মিডল অৰ্ডাৰত নীতিশ ৰেড্ডীৰ এই ইনিংছ স্মৰণীয় হৈ থাকিব । তেওঁৰ শতকৰ বাবেই ভাৰতে মেলবৰ্ণত ফ’ল’ অন এৰাই চলিবলৈ সক্ষম হৈছিল যদিও এই মেচত দলটোৱে পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হয় । ২১ বছৰীয়া ৰেড্ডী অষ্ট্ৰেলিয়াৰ মাটিত শতক অৰ্জন কৰা তৃতীয়জন কনিষ্ঠ ভাৰতীয় । ইয়াৰ উপৰিও পেচ বলাৰ হৰ্ষিত ৰানাও এই শৃংখলাৰ জৰিয়তে ভাৰতীয় দলত অভিষেক ঘটায় যদিও তেওঁ মাত্ৰ দুখন মেচ খেলাৰ সুযোগ লাভ কৰে । এডিলেইড আৰু পাৰ্থত তেওঁ ৪টা উইকেট দখল কৰে ।