…লাভ কৰিলে এজন শক্তিশালী অল-ৰাউণ্ডাৰ !  অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে শৃংখলা হেৰুৱালেও ভাৰতীয় দলে বিচাৰি পালে ভৱিষ্যতৰ এইগৰাকী তাৰকাক

বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে পাঁচখনীয়া খেলৰ টেষ্ট শৃংখলাত ভাৰত ১-৩ ব্যৱধানত পৰাস্ত হয় । ছিডনীত অনুষ্ঠিত শৃংখলাৰ অন্তিমখন টেষ্টত কেংগাৰু দলে ৬ উইকেটত জয়লাভ কৰি শৃংখলা দখল কৰে । ইয়াৰ লগে লগে ১০ বছৰৰ পাছত এই ছিৰিজত পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হ’ল টিম ইণ্ডিয়া । সমগ্ৰ এই শৃংখলাত ভাৰতীয় দলৰ খেলুৱৈৰ বেটিং ব্যৰ্থতা দেখা গ’ল আৰু শীৰ্ষ অৰ্ডাৰে ৰান সংগ্ৰহ কৰাত ব্যৰ্থ হয় । অৱশ্যে মেলবৰ্ণত শতক অৰ্জন কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰা নীতিশ ৰেড্ডীৰ ৰূপত ভাৰতীয় দলে নিশ্চিতভাৱে এজন উদীয়মান তাৰকা পালে ।

বেটিঙেৰে প্ৰভাৱ বিস্তাৰ কৰিলে নীতিশে-

এই ছিৰিজত টেষ্টত অভিষেক ঘটা অলৰাউণ্ডাৰ নীতিশ কুমাৰ ৰেড্ডীয়ে পাঁচোখন মেচতে দলৰ মূল একাদশৰ অংশ আছিল । তেওঁ ভাৰতীয় দলটোৰ বেটিং আৰু বলিং দুয়োটা দিশতে এক নতুন আশাৰ সঞ্চাৰ কৰিছে । আটাইতকৈ বিশেষ আছিল মেলবৰ্ণত অনুষ্ঠিত চতুৰ্থখন টেষ্টত খেলা ১১৪ ৰানৰ উজ্জ্বল ইনিংছ, যিয়ে তেওঁক অষ্ট্ৰেলিয়া ভ্ৰমণত স্বীকৃতি প্ৰদান কৰে । তেওঁৰ টেষ্ট কেৰিয়াৰৰ কথা কবলৈ গ’লে , ৰেড্ডীয়ে ৫খন মেচৰ ৯ টা ইনিংছত ২৯৮ ৰান সংগ্ৰহ কৰাৰ লগতে ৫টা উইকেটো দখল কৰে ।

২১ বছৰীয়া ৰেড্ডীৰ এই প্ৰদৰ্শনে হয়তো ভাৰতৰ এজন শক্তিশালী অল-ৰাউণ্ডাৰৰ সন্ধানৰ অন্ত পেলাইছে । এই দীঘলীয়া ফৰ্মেটত হাৰ্দিক পাণ্ডিয়াক এসময়ত এই ভূমিকাৰ বাবে নিখুঁত বুলি গণ্য কৰা হৈছিল যদিও তেওঁৰ ফিটনেছ আৰু তিনিওটা ফৰ্মেটৰ চাপৰ বাবে তেওঁ টেষ্ট দলৰ অংশ নহয় । এনে পৰিস্থিতিত ভাৰতৰ বাবে নিতীশ ৰেড্ডী মিডল অৰ্ডাৰত উন্নত বিকল্প হিচাপে আত্মপ্ৰকাশ কৰিছে, যিয়ে টেষ্টত খেলপথাৰত থকাৰ ক্ষমতাই নহয়, বলিঙৰ ক্ষেত্ৰতো দলৰ বাবে সহায়ক বুলি প্ৰমাণিত হ’ব পাৰে ।

যি সময়ত ভাৰতীয় দলৰ টপ অৰ্ডাৰ বিফল হৈছে, সেই সময়ত মিডল অৰ্ডাৰত নীতিশ ৰেড্ডীৰ এই ইনিংছ স্মৰণীয় হৈ থাকিব । তেওঁৰ শতকৰ বাবেই ভাৰতে মেলবৰ্ণত ফ’ল’ অন এৰাই চলিবলৈ সক্ষম হৈছিল যদিও এই মেচত দলটোৱে পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হয় । ২১ বছৰীয়া ৰেড্ডী অষ্ট্ৰেলিয়াৰ মাটিত শতক অৰ্জন কৰা তৃতীয়জন কনিষ্ঠ ভাৰতীয় । ইয়াৰ উপৰিও পেচ বলাৰ হৰ্ষিত ৰানাও এই শৃংখলাৰ জৰিয়তে ভাৰতীয় দলত অভিষেক ঘটায় যদিও তেওঁ মাত্ৰ দুখন মেচ খেলাৰ সুযোগ লাভ কৰে । এডিলেইড আৰু পাৰ্থত তেওঁ ৪টা উইকেট দখল কৰে ।

ভাৰতীয় বলাৰৰ তাণ্ডৱ; ১৮১ ৰাণত অল আউট অষ্ট্ৰেলিয়া

ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ অন্তিম খন টেষ্ট ৩ জানুৱাৰীত ছিডনীত আৰম্ভ হৈছে। আজি খেলখনৰ দ্বিতীয় দিন। এই খেলখনত, ভাৰতীয় দলটোৱে প্ৰথম ইনিংছত ১৮৫ ৰাণ সংগ্ৰহ কৰে।

ইয়াৰ প্ৰত্যুত্তৰত অষ্ট্ৰেলিয়াৰ প্ৰথম ইনিংছও ১৮১ ৰাণলৈ হ্ৰাস পাইছিল। ভাৰতে প্ৰথম ইনিংছৰ ভিত্তিত মাত্ৰ ৪ ৰাণৰ সামান্য অগ্ৰগতি লাভ কৰিছে। এতিয়া ভাৰতীয় দলটোৱে তেওঁলোকৰ দ্বিতীয় ইনিংছত বেটিং কৰিব। 

ভাৰতে পাৰ্থত প্ৰথম টেষ্টখন ২৯৫ ৰাণত জিকিছিল। অষ্ট্ৰেলিয়াই এডিলেড টেষ্টত ১০ উইকেটত জয়লাভ কৰিছিল।ইয়াৰ পিছত, ব্ৰিছবেন টেষ্ট খন ড্ৰ হৈছিল।মেলবৰ্ণত, অষ্ট্ৰেলিয়া ১৮৪ ৰাণত বিজয়ী হৈছিল।      

ভাৰতৰ নৱবৰ্ষৰ ‘টেষ্ট’… ছিডনীত হতাশাজনক পৰিসংখ্যা, ভংগ হ’বনে ৪৭ বছৰীয়া লজ্জাজনক অভিলেখ ?

নতুন বছৰৰ লগে লগে ভাৰতীয় ক্ৰিকেট দলে এতিয়া নিজৰ নতুন অভিযানৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে । ৰোহিত শৰ্মাৰ অধিনায়কত্বত ভাৰতীয় দলটোৱে ২০২৫ চন ছিডনী টেষ্টৰ জৰিয়তে আৰম্ভণি কৰিব । এই মেচখন ৩ জানুৱাৰীৰ পৰা অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে অনুষ্ঠিত হ’ব ।

প্ৰকৃততে ভাৰতীয় দলটো বৰ্তমান অষ্ট্ৰেলিয়া ভ্ৰমণত আছে, য’ত বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ অধীনত দুয়োটা দলৰ মাজত ৫খনীয়া মেচৰ টেষ্ট শৃংখলা অনুষ্ঠিত হৈ আছে । বৰ্তমান আয়োজক দলটোৱে শৃংখলাত ২-১ ব্যৱধানত আগবাঢ়ি আছে । এতিয়া ৩ জানুৱাৰীৰ পৰা ছিডনী ক্ৰিকেট খেলপথাৰত অনুষ্ঠিত হ’ব শেষ আৰু নিৰ্ণায়ক টেষ্ট ।

ছিডনীৰ একমাত্ৰ টেষ্টত ভাৰতে কেতিয়া জয়লাভ কৰিছিল ?

আগন্তুক টেষ্টৰ পূৰ্বে জানি থওক যে এই খেলপথাৰত ভাৰতীয় দলৰ অভিলেখ অতি ভয়ংকৰ । এই খেলপথাৰত এতিয়ালৈকে মাত্ৰ এখন টেষ্ট মেচতহে জয়ী হৈছে ভাৰত, সেইখনো ৪৭ বছৰৰ পূৰ্বে । অৰ্থাৎ এইবাৰ ছিডনীত যদি ৰোহিত ব্ৰিগেডে জয়লাভ কৰে তেন্তে ৪৭ বছৰৰ লজ্জাজনক অভিলেখ ভংগ হ’ব ।

ভাৰতীয় দলটোৱে এই পৰ্যন্ত ছিডনী খেলপথাৰত মুঠ ১৩খন টেষ্ট খেলিছে । ইয়াৰে মাত্ৰ ১খনত জয়ী হোৱাৰ বিপৰীতে ৫খনত পৰাস্ত হৈছে ভাৰত । অৰ্থাৎ ৭ খন টেষ্ট ড্ৰ’ত সমাপ্ত হৈছে । ১৯৭৮ চনৰ জানুৱাৰী মাহত ছিডনীত অনুষ্ঠিত একমাত্ৰ টেষ্ট মেচত টিম ইণ্ডিয়াই জয়লাভ কৰিছিল । এই টেষ্টত বিষেন সিং বেদীৰ অধিনায়কত্বত ভাৰতীয় দলটোৱে কেংগাৰু দলক এক ইনিংছ আৰু ২ ৰাণত পৰাস্ত কৰে । এই সময়ত টেষ্ট ছয় দিন পৰ্যন্ত চলিছিল আৰু মাজত জিৰণিৰ দিন আছিল ।

ছিডনীত ভাৰতীয় টেষ্ট দলৰ অভিলেখ-

মুঠ টেষ্ট : ১৩

জয়ী : ১

পৰাস্ত: ৫

ড্ৰ’: ৭

নৱবৰ্ষৰ টেষ্ট হিচাপে ছিডনীত ১১খন খেল অনুষ্ঠিত হৈছিল-

উল্লেখ্য যে ভাৰতীয় দলটোৱে ছিডনীৰ এই খেলপথাৰত ১৩খন খেলৰ ভিতৰত ১১খন মেচ নৱবৰ্ষৰ টেষ্ট হিচাপে খেলিছে । এখন টেষ্ট ২৬ জানুৱাৰীৰ পৰা আৰু আনখন ১২ ডিচেম্বৰৰ পৰা অনুষ্ঠিত হৈছিল । ভাৰতীয় দলটোৱে ১৯৪৭ চনৰ ১২ ডিচেম্বৰত ছিডনীত প্ৰথম টেষ্ট খেলিছিল । ১৯৬৮ চনৰ ২৬ জানুৱাৰীত দ্বিতীয়খন খেলিছিল । ইয়াৰ পিছত ইয়াত খেলা সকলো মেচ কেৱল নৱবৰ্ষৰ টেষ্ট হৈ আহিছে ।

চলিত শৃংখলাত মাত্ৰ এখন টেষ্ট জিকিছে ভাৰতে-

বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ অধীনত চলি থকা বৰ্তমান ৫ খনীয়া মেচৰ টেষ্ট শৃংখলাত ভাৰতীয় দলৰ প্ৰদৰ্শন অতি দুৰ্বল । এই পৰ্যন্ত দলটোৱে মাত্ৰ এখন টেষ্টত জয়লাভ কৰিছে । এই জয় শৃংখলাৰ প্ৰথম টেষ্ট অৰ্থাৎ পাৰ্থ টেষ্টত লাভ কৰিছিল । ইয়াৰ পিছত পৰৱৰ্তী ৩ খন মেচৰ ভিতৰত ২ খনত পৰাস্ত হয় । এতিয়া যদি তেওঁলোক ছিডনী টেষ্টতো পৰাস্ত হয়, তেন্তে ছিৰিজত পৰাস্ত হোৱাৰ লগতে আই চি চি বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ (ডব্লিউ টি চি) ফাইনেলৰ পৰাও বাহিৰ হ’ব ।

টেষ্ট ছিৰিজত ভাৰত বনাম অষ্ট্ৰেলিয়াৰ অভিলেখ-

মুঠ টেষ্ট ছিৰিজ: ২৮

ভাৰতৰ জয়লাভ: ১১

অষ্ট্ৰেলিয়াৰ জয়লাভ: ১২

ড্ৰ’: ৫

শীৰ্ষ ক্ৰমৰ বেটিং ব্যৰ্থতা, আন বলাৰৰ সমৰ্থনৰ অভাৱ…ভাৰতৰ পৰাজয়ৰ ৫টা কাৰণ

অষ্ট্ৰেলিয়া ভ্ৰমণত দ্বিতীয়বাৰৰ বাবে পৰাজয়ৰ সন্মুখীন হোৱা ভাৰতীয় দলৰ বিশ্ব টেষ্ট চেম্পিয়নশ্বিপ (ডব্লিউ টি চি)ৰ ফাইনেলত প্ৰৱেশৰ সম্ভাৱনাত আঘাত হানিছে । মেলবৰ্ণত চতুৰ্থখন টেষ্টত পৰাস্ত হোৱাৰ পিছত পাঁচখনীয়া খেলৰ বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীত ভাৰত ১-২ ব্যৱধানত পিছ পৰি আছে । যদিহে দলটো শৃংখলাত পৰাস্ত হ’ব নিবিচাৰে তেন্তে যিকোনো মূল্যৰ বিনিময়ত ৩ জানুৱাৰীৰ পৰা ছিডনীত অনুষ্ঠিত হ’বলগীয়া পঞ্চমখন খেলত জয়ী হ’ব লাগিব ।

জয়ৰ বাবে ৩৪০ ৰানৰ লক্ষ্য অনুসৰণ কৰি ভাৰতে দ্বিতীয় ইনিংছত ১৫৫ ৰানতে আটাইকেইটা উইকেট হেৰুৱাই । আজি ভাৰতীয় দলটোৱে লক্ষ্য লাভ কৰিছিল যদিও দলটোৱে তিনিটা অধিবেশনো খেলাত ব্যৰ্থ হয় আৰু আটাইকেইটা উইকেট হেৰুৱাই পৰাজয় স্বীকাৰ কৰে । এয়া ১৩ বছৰৰ পাছত মেলবৰ্ণত অনুষ্ঠিত টেষ্টত টিম ইণ্ডিয়াৰ পৰাজয় । ইয়াৰ পূৰ্বে ২০১১ চনত ভাৰতীয় দলটোৱে পৰাজয়ৰ সন্মুখীন হৈছিল । মেলবৰ্ণ ক্ৰিকেট খেলপথাৰ (এম চি জি) ভাৰতৰ বাবে এক অভেদ্য দুৰ্গ হৈ আছিল যদিও ৰোহিত শৰ্মাৰ নেতৃত্বাধীন দলটোৱে এই ধাৰা ভংগ কৰে ।

কিছুদিনৰ পৰা টেষ্টত ভাৰতৰ প্ৰদৰ্শন অত্যন্ত হতাশাজনক আৰু ইয়াৰ বহু কাৰণ আছে । অষ্ট্ৰেলিয়া ভ্ৰমণতো একেধৰণৰ প্ৰদৰ্শনেই দেখা গৈছে । বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীত ভাৰতে সংগ্ৰাম কৰিবলগীয়া হোৱাৰ কাৰণবোৰ কি কি জানো আহক…

দল হিচাপে খেলাত ব্যৰ্থ-

চলিত শৃংখলাত দল হিচাপে খেলাত ব্যৰ্থ হয় ভাৰতীয় দল । এতিয়ালৈকে চাৰিখন টেষ্ট মেচত প্ৰতিখন টেষ্টত মাত্ৰ এজন বা দুজন খেলুৱৈয়েহে ভাল প্ৰদৰ্শন কৰিছে । পাৰ্থত যশস্বী জয়ছোৱাল, কে এল ৰাহুল আৰু বিৰাট কোহলীয়ে ভাল প্ৰদৰ্শন কৰাৰ বিপৰীতে দ্বিতীয় টেষ্টত নীতিশ ৰেড্ডীয়ে কঠিন ইনিংছ খেলাৰ বিপৰীতে আন সকলো বেটছমেনে শোচনীয় প্ৰদৰ্শন আগবঢ়াই । ব্রিছবেনত খেলা তৃতীয়খন টেষ্টত কে এল ৰাহুল আৰু ৰবীন্দ্র জাডেজাই ভাৰতীয় ইনিংছ চম্ভালিছিল ৷ একে সময়তে মেলবৰ্ণত যশস্বী, নীতিশ আৰু ৱাশ্বিংটন সুন্দৰে প্ৰথম ইনিংছত ভাল প্ৰদৰ্শন কৰাৰ বিপৰীতে দ্বিতীয় ইনিংছত যশস্বী উজলি উঠে ।

আন বলাৰৰ পৰা সমৰ্থন নাপালে বুমৰাহ-

ভাৰতীয় দলৰ তাৰকা বেগী বলাৰ যশপ্ৰীত বুমৰাহ ভাৰতীয় দলৰ একমাত্ৰ খেলুৱৈ যিয়ে শৃংখলাৰ চাৰিওখন মেচতে প্ৰভাৱ বিস্তাৰ কৰে । শেহতীয়াকৈ ২০০ টা টেষ্ট উইকেট সম্পূৰ্ণ কৰা বুমৰাহৰ ফৰ্ম উৎকৃষ্ট । অৱশ্যে আটাইখেইখন টেষ্টতে বুমৰাহে দলৰ আন বলাৰসকলৰ পৰা প্ৰয়োজনীয় সমৰ্থন লাভ কৰাত ব্যৰ্থ হয় । মেলবৰ্ণ টেষ্টত মহম্মদ ছিৰাজে কিছু উন্নত প্ৰদৰ্শন আগবঢ়াইছিল যদিও ছিৰিজত ভাৰতীয় আন বলাৰৰ প্ৰদৰ্শন বুমৰাহৰ স্তৰত দেখিবলৈ পোৱা নগ’ল ।

ৰোহিত আৰু বিৰাটে বেটৰ পৰা অহা নাই ৰান-

দলটোৰ অভিজ্ঞ দুগৰাকী খেলুৱৈ অধিনায়ক ৰোহিত শৰ্মা আৰু বিৰাট কোহলীৰ পৰা যথেষ্ট আশা আছিল যদিও দুয়োৰে বেটৰ পৰা ৰান অহা নাই । কোহলীয়ে এটা শতকৰে শৃংখলা আৰম্ভ কৰিছিল আৰু তেওঁৰ ফৰ্ম অব্যাহত থাকিব যেন লাগিছিল । অষ্ট্ৰেলিয়াত কোহলীৰ অভিলেখ ভাল যদিও পাৰ্থ টেষ্টৰ পাছত তেওঁ ডাঙৰ ইনিংছ খেলিব পৰা নাই । একে সময়তে এইবাৰ অধিনায়ক ৰোহিতৰ ফৰ্ম বেয়া হোৱাৰ বাবে এতিয়ালৈকে সমগ্ৰ ছিৰিজত তেওঁক সংগ্ৰাম কৰা দেখা গৈছে । ৰোহিত আৰু কোহলীৰ সমৰ্থনৰ অভাৱো ভাৰতৰ দুৰ্বল প্ৰদৰ্শনৰ কাৰণ হৈ পৰিছে ।

পেণ্টৰ মেচ সজাগতাৰ অভাৱ, একেৰাহে বেয়া শ্বট খেলি আউট-

বিগত অষ্ট্ৰেলিয়া ভ্ৰমণত নায়ক হৈ পৰা ভাৰতীয় উইকেটকীপাৰ বেটছমেন ঋষভ পণ্টে এইবাৰ ভাল প্ৰদৰ্শন কৰিবলৈ সক্ষম হোৱা নাই । পণ্টক মেচ সজাগতাৰ অভাৱ আৰু প্ৰয়োজন অনুসৰি শ্বট নিৰ্বাচন কৰিবলৈ অক্ষম দৰে দেখা গৈছে । পণ্টৰ দুৰ্বল শ্বটক লৈ প্ৰশ্ন উত্থাপন কৰিছিল কিংবদন্তি ভাৰতীয় বেটছমেন সুনীল গাভাস্কাৰে আৰু প্ৰথম ইনিংছত আউট হোৱাৰ ধৰণত তেওঁ অতিশয় বিচলিত হৈছিল ।

ৰোহিতৰ কৌশলত ত্ৰুটি-

অধিনায়ক ৰোহিতৰ কৌশল তথা ৰণনীতিৰ অভাৱ দেখা গৈছে । মেঘময় পৰিস্থিতিত টছত জয়ী হোৱাৰ পিছত প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত লোৱাই হওক বা দুজন স্পীনাৰ খেলাইও তেওঁলোকক কম বলিং কৰোৱাই হওক, এই ভ্ৰমণত ৰোহিতৰ অধিনায়কত্বক লৈ প্ৰশ্ন উত্থাপন হৈছে । চতুৰ্থ টেষ্টত ভাৰতে ৰবীন্দ্ৰ জাডেজা আৰু ৱাশ্বিংটন সুন্দৰৰ ৰূপত দুজন স্পীনাৰক দলত স্থান দিছিল যদিও তেওঁলোকক বেছি বল কৰিবলৈ দিয়া নাছিল ।

বৰষুণৰ মাজতে মেলবৰ্ণত নিতীশ ৰেড্ডীৰ ধুমুহা…ক্ৰিকেট বিশ্বত আলোড়ন

নীতিশ কুমাৰ ৰেড্ডীৰ বাবে, বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফী ২০২৪-২৫ সপোনতকৈ কম নাছিল । এই শৃংখলাৰ জৰিয়তে, তেওঁ টেষ্ট অভিষেক কৰিছিল আৰু সকলোকে শক্তিশালী ইনিংছৰে আচৰিত কৰিছিল । মেলবৰ্ণত অনুষ্ঠিত হোৱা শৃংখলাৰ চতুৰ্থখন টেষ্টত তেওঁ আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰৰ প্ৰথমটো শতক অৰ্জন কৰে । ৰেড্ডীৰ বেটে বলাৰক তীব্ৰভাৱে প্ৰহাৰ কৰিছে, যাৰ বাবে তেওঁ শৃংখলাটোত ছয় আঘাত কৰাৰ ক্ষেত্ৰত শীৰ্ষত আছে । আনকি অষ্ট্ৰেলিয়া ট্ৰেভিছ হেড, যিয়ে এই শৃংখলাত বিস্ফোৰক বেটিং কৰিছে, তেওঁৱো এই ক্ষেত্ৰত নীতিশৰ পিছত আছে ।

মেলবৰ্ণ ক্ৰিকেট খেলপথাৰত আজি শতকীয় ইনিংছ খেলি ইতিহাস সৃষ্টি কৰে নীতিশ কুমাৰ ৰেড্ডীয়ে । টেষ্ট ক্ৰিকেটত অষ্টম স্থানত বা অষ্টম স্থানৰ তলত বেটিং কৰি শতক অৰ্জন কৰা টিম ইণ্ডিয়াৰ পঞ্চমজন বেটছমেন হিচাপে পৰিগণিত হয় তেওঁ । ২১ বছৰীয়া অলৰাউণ্ডাৰগৰাকীৰ পূৰ্বে এই বিশেষ কৃতিত্ব অৰ্জন কৰিছিল ৰবিচন্দ্ৰন অশ্বিন, এম এছ ধোনী, হৰভজন সিং আৰু কপিল দেৱে । অষ্টম স্থান বা তাৰ তলত বেটিং কৰি অশ্বিনে চাৰিটা শতক অৰ্জন কৰাৰ বিপৰীতে ধোনী, হৰভজন আৰু কপিল দেৱে ক্ৰমে দুটাকৈ শতক অৰ্জন কৰিছে ।

আঠ নম্বৰ বা তাতকৈ তলত বেটিং কৰি ভাৰতৰ হৈ সৰ্বাধিক শতক অৰ্জন কৰা খেলুৱৈ-

৪ টা শতক – ৰবিচন্দ্ৰন অশ্বিন

২ টা শতক – এম এছ ধোনী

২ টা শতক – হৰভজন সিং

২ টা শতক – কপিল দেৱ

১৭২ বলত শতক সম্পূৰ্ণ কৰিলে নীতিশ কুমাৰ ৰেড্ডীয়ে-

মেলবৰ্ণ ক্ৰিকেট খেলপথাৰত শক্তিশালী বেটিঙেৰে নীতিশ কুমাৰ ৰেড্ডীয়ে ১৭৬ বলত ৫৯.৬৬ ষ্ট্ৰাইক ৰেটত কেৰিয়াৰৰ প্ৰথমটো শতক সম্পূৰ্ণ কৰে । আজিৰ দিনটোৰ খেল সমাপ্ত হোৱালৈ তেওঁ ১০৫ ৰান সংগ্ৰহ কৰি অপৰাজিত হৈ আছে । এই সময়ছোৱাত তেওঁৰ বেটৰ পৰা ১০টা চাৰি আৰু এটা ছয় দেখা গৈছিল ।

ভাৰতৰ হৈ আঠ বা তাতকৈ নিম্ন ক্ৰমত বেটিং কৰি অষ্ট্ৰেলিয়াত সৰ্বাধিক স্ক’ৰ কৰা ভাৰতীয়-

কেৱল এয়াই নহয়, অষ্ট্রেলিয়াত আঠ বা তাতকৈ নিম্ন ক্ৰমত বেটিং কৰি সৰ্বোচ্চ ইনিংছ খেলা ভাৰতৰ প্ৰথমজন বেটছমেন হিচাপে পৰিগণিত হৈছে নীতিশ কুমাৰ ৰেড্ডী । তেওঁৰ পূৰ্বে এই বিশেষ কৃতিত্ব অনিল কুম্বলেৰ নামত লিপিবদ্ধ আছে । যিয়ে ২০০৮ চনত এডিলেইডত উজ্জ্বল বেটিং কৰিছিল আৰু ৮৭ ৰান সংগ্ৰহ কৰিছিল ।

ভাৰতৰ হৈ আঠ বা তাতকৈ নিম্ন ক্ৰমত বেটিং কৰি সৰ্বাধিক স্ক’ৰ কৰা ভাৰতীয়-

১০৫*- নীতিশ ৰেড্ডী – মেলবৰ্ণ – ২০২৪

৮৭ – অনিল কুম্বলে – এডিলেইড – ২০০৮

৮১ – ৰবীন্দ্ৰ জাডেজা – ছিডনী ২০১৯

৬৭* – কিৰণ মৰে – মেলবৰ্ণ – ১৯৯১

৬৭ – শ্বাৰ্দুল ঠাকুৰ – ব্রিছবেন – ২০২১

মেলবৰ্ণত টিম ইণ্ডিয়াক দিলে জীৱনদান-

মেলবৰ্ণত টেষ্টত নীতিশ কুমাৰ ৰেড্ডীৰ শতক টিম ইণ্ডিয়াৰ বাবে জীৱন ৰক্ষাকাৰীতকৈ কম নাছিল । মেচখনত অষ্ট্ৰেলিয়াই প্ৰথম ইনিংছত ৪৭৪ ৰান সংগ্ৰহ কৰিছিল । ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে প্ৰথম ইনিংছত বেটিং কৰি থকাৰ সময়তে দ্বিতীয় দিনৰ শেষলৈকে টিম ইণ্ডিয়াৰ স্কৰ ১৬৪/৫ আছিছিল, তাৰ পিছত দলটো বিপৰ্যয়ৰ সন্মুখীন হয় ।

চতুৰ্থ দিনা ভাৰতীয় দলটোৱে ২২১ ৰানত সপ্তম উইকেট হেৰুৱাইছিল । ইয়াৰ পিছত নীতিশ ৰেড্ডী আৰু ৱাশ্বিংটন সুন্দৰে ৮ম উইকেটৰ বাবে ১২৭ ৰান (২৮৫ বল)ৰ অংশীদাৰিত্ব গঢ়ি তুলিছিল । এই অংশীদাৰিত্বই টিম ইণ্ডিয়াক নতুন জীৱন দিয়ে । নীতিশে শতক অৰ্জন কৰাৰ বিপৰীতে সুন্দৰে অৰ্ধশতক অৰ্জন কৰে ।

বিৰাট কোহলীয়ে ভংগ কৰিলে নিয়ম, যাৰবাবে যশস্বী জয়ছোৱাল হ’ল ৰান আউট !

টেষ্ট কেৰিয়াৰত প্ৰথমবাৰৰ বাবে ৰান আউট হ’ল যশস্বী জয়ছোৱাল। ৮২ ৰানত আউট হোৱাত যশস্বীয়ে শৃংখলাত দ্বিতীয় শতক অৰ্জন কৰা সুবিধা হেৰুৱালে। প্ৰশ্ন হয় ইয়াত কাৰ দোষ ? বিৰাট কোহলীৰ ভুলৰ বাবে জয়ছোৱাল আউট হৈছিল নেকি ?
মেলবৰ্ণৰ টেষ্টত বিৰাট কোহলি ব্যৰ্থ হ’ল, কোহলিয়ে মাত্ৰ ৩৬ ৰানহে সংগ্ৰহ কৰিবলৈ সক্ষম হয় । ডাঙৰ কথাটো হ’ল বিৰাট কোহলীৰ সৈতে সৰ্বাধিক ৮২ ৰান সংগ্ৰহ কৰা যশস্বী জয়ছৱালকো ৰান আউট হ’ল। এই ৰান আউটৰ পিছত এটা ডাঙৰ প্ৰশ্নৰ উত্থাপন হৈছে যে কাৰ দোষ আছিল? নিজৰ ভুলৰ বাবে যশস্বী জয়ছোৱালে উইকেট হেৰুৱালে নে বিৰাট কোহলীয়ে ভুল কৰিলে? ক্ৰিকেট বিশেষজ্ঞৰ অধিকাংশই বিৰাট কোহলীক নিৰ্দোষী আখ্যা দিছে আৰু তেওঁলোকৰ মতে যশস্বী জয়ছোৱালৰ দোষ আছিল আনহাতে একাংশই বিৰাট কোহলীৰ ভুল বুলি আখ্যা দিছে। কিন্তু ইয়াত এটা কথা মনত ৰাখিব লাগিব যে ইয়াত বিৰাট কোহলীয়েও এটা নিয়ম ভংগ কৰিছে যিটো পতনৰ কাৰণ হ’ব পাৰে ভাৰতীয় অ’পেনাৰ উইকেটৰ।
যশস্বী জয়ছোৱালে এটা ৰান চুৰি কৰিবলৈ চেষ্টা কৰিছিল যিটো প্ৰায় অসম্ভৱ যেন লাগিছিল যদিও ইয়াত বিৰাট কোহলীয়েও ভুল কৰিছিল। দৰাচলতে যশস্বী জয়ছৱালে যেতিয়া বিৰাট কোহলীক এটা ৰানৰ বাবে মাতিছিল, তেতিয়া কিংবদন্তি খেলুৱৈগৰাকীয়ে পিছলৈ ঘূৰি বলটো চাবলৈ আৰম্ভ কৰিছিল। যেতিয়া খেলুৱৈয়ে একাডেমীত ক্ৰিকেটৰ নিয়ম শিকে তেতিয়া তেওঁলোকক কোৱা হয় যে ফ্ৰন্ট এৰিয়াত অৰ্থাৎ মিড অফ, লং অফ, মিড উইকেট, টিল কভাৰ ষ্ট্ৰাইকাৰ বেটছমেনে কৰে আৰু নন ষ্ট্ৰাইকাৰ এণ্ডত বেটছমেনে বল মাৰে অথবা উইকেটৰ পিছফালে থকা এৰিয়াটোৰ ফালে বল যায়, সেই পাৰ্টনাৰশ্বিপৰ সময়ত বেটছমেনসকলে কল এণ্ড ৰানৰ জৰিয়তে নিজৰ পাৰ্টনাৰজনক বিশ্বাস কৰিব লাগে যদিও ইয়াতেই বিৰাট কোহলীয়ে ভুল কৰিছিল।
যশস্বী জয়ছৱালে যেতিয়া মিড অফ এৰিয়াত বল ঠেলি ৰান ল’বলৈ চেষ্টা কৰিছিল, তেতিয়া বিৰাটে আইন অনুসৰি নিজৰ সংগীৰ ফালে চাব লাগিছিল যদিও তেওঁ ঘূৰি ঘূৰি বলটো চাই আছিল। বিৰাট কোহলীয়ে আগলৈ চোৱা হ’লে মাত আৰু চকুৰে যশস্বী জয়ছৱালক নাকচ কৰিব পাৰিলেহেঁতেন আৰু সম্ভৱ এই খেলুৱৈজনে ৰৈ পুনৰ ক্ৰীজলৈ উভতি আহিলহেঁতেন কিন্তু বিৰাটে তেওঁক পিঠি দিলে। স্পষ্টকৈ দেখা গৈছে যে বিৰাট কোহলীৰ মনোযোগ যশস্বী জয়ছোৱালৰ ওপৰত নহয় বলটোৰ ওপৰত আছিল আৰু এই কাৰণেই এই ভুলটো সংঘটিত হৈছিল আৰু তাৰ ফলস্বৰূপে টিম ইণ্ডিয়াই ডাঙৰ আঘাত পাইছিল। যশস্বী আউট হোৱাৰ পিছত টিম ইণ্ডিয়াই বিৰাটৰ উইকেট হেৰুৱাইছিল, আকাশদ্বীপো আউট হৈছিল আৰু অলপ সময়ৰ ভিতৰতে দিনটোৰ খেলৰ শেষলৈকে ভাৰতৰ শক্তিশালী ইনিংছ অতি কৰুণ স্ক’ৰলৈ পৰিণত হৈছিল৷

অভিষেককাৰী কনষ্টাছৰ উকেট দখল জাডেজাৰ…MCGত প্ৰথম সফলতা ভাৰতৰ, ১০০ অতিক্ৰম অষ্ট্ৰেলিয়াৰ স্ক’ৰ

বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ অধীনত ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত আজি (২৬ ডিচেম্বৰ) মেলবৰ্ণ ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হৈছে চতুৰ্থখন টেষ্ট । এই মেচত অষ্ট্ৰেলিয়াৰ দলটোৱে টছত জয়লাভ কৰি প্ৰথমে বেটিং কৰিছে । দুপৰীয়াৰ আহাৰ গ্ৰহণৰ সময়লৈকে অষ্ট্ৰেলিয়াৰ স্ক’ৰ ১১২/১ (২৫ অভাৰ)। উছমান খোৱাজা আৰু মাৰ্নাছ লাবুছাগনে ক্ৰীজত আছে । আউট হোৱা একমাত্ৰ বেটছমেন আছিল ছেম কনষ্টাছ ।

এই ৫ খনীয়া টেষ্ট মেচৰ শৃংখলা ১-১ ব্যৱধানত সমতাত আছে । পাৰ্থ টেষ্টত ভাৰতে ২৯৫ ৰানত জয়লাভ কৰে । ইয়াৰ পিছতে অষ্ট্ৰেলিয়াই এডিলেইড টেষ্টত ১০ উইকেটত জয়লাভ কৰাৰ বিপৰীতে ব্রিজবেন টেষ্ট ড্ৰ’ হয় ৷ ভাৰতীয় ক্ৰিকেট দলটোৱে ২০১৮ আৰু ২০২০ চনত মেলবৰ্ণত খেলা দুয়োখন টেষ্ট মেচতে জয়লাভ কৰিছে । এনে পৰিস্থিতিত দলটোৱে ইয়াত হেট্ৰিকৰ সুযোগ পাব । ২০১৮ চনত ভাৰতীয় দলটোৱে ইয়াত ১৩৭ ৰাণত জয়লাভ কৰাৰ বিপৰীতে ২০২০ চনত ৮ উইকেটত জয়লাভ কৰে ।

এতিয়ালৈকে অষ্ট্ৰেলিয়াৰ প্ৰথম ইনিংছৰ হাইলাইট-

টছত জয়ী হৈ প্ৰথমে বেটিং কৰিবলৈ অহা অষ্ট্ৰেলিয়াৰ আৰম্ভণি ভাল আছিল । ১৯ বছৰীয়া অভিষেককাৰী ছেম কনষ্টাছে যশপ্ৰীত বুমৰাহৰ বিৰুদ্ধে কিছুমান উৎকৃষ্ট শ্বট খেলিছিল । ইনিংছৰ সপ্তম অভাৰত কনষ্টাছে যশপ্ৰীত বুমৰাহৰ বিৰুদ্ধে দুটা চাৰি আৰু ছয় কোবাই । তাৰ পাছত কনষ্টাছে ১১ নং অভাৰত বুমৰাহৰ বলিঙৰ পৰা মুঠ ১৮ ৰান সংগ্ৰহ কৰে । কনষ্টাছে বিস্ফোৰক বেটিং অব্যাহত ৰাখি মাত্ৰ ৫২টা বলত পঞ্চাশ সম্পূৰ্ণ কৰে । কিন্তু ইয়াৰ পিছত কনষ্টাছ জাডেজাৰ স্পীনৰ চিকাৰ হয় আৰু ৬০ ৰানত আউট হয় ।

শুভমন গীল বাহিৰ, অষ্ট্ৰেলিয়াৰ মূল একাদশত ১৯ বছৰীয়া খেলুৱৈৰ সুযোগ-

স্পীন বলিং অলৰাউণ্ডাৰ ৱাশ্বিংটন সুন্দৰে এই মেচখনৰ বাবে ভাৰতৰ মূল একাদশত সুযোগ লাভ কৰিছে । এনে পৰিস্থিতিত শুভমন গীলক মূল একাদশৰ পৰা বাদ দিয়া হৈছে । আনহাতে ৰোহিত শৰ্মাই শীৰ্ষ ক্ৰমত বেটিং কৰিব । অষ্ট্ৰেলিয়াৰ দলটোৰ কথা ক’বলৈ গ’লে আঘাতপ্ৰাপ্ত জোছ হেজলউডৰ ঠাইত এই মেচখনলৈ ঘূৰি আহিছে স্কট ব’লেণ্ড । এম চি জি হৈছে বোলেণ্ডৰ ঘৰুৱা খেলপথাৰ । ইফালে এই মেচত নাথান মেকছুইনীৰ ঠাইত ছেম কষ্টেইনছে অ’পেনিং কৰিছে । ছেম কনষ্টাছ আৰু উছমান খোৱাজাৰ বয়সৰ পাৰ্থক্য ১৮ বছৰতকৈ অধিক ।

২০১১ চনত কামিন্সে ১৮ বছৰ বয়সত টেষ্টত অভিষেক ঘটোৱাৰ পিছত কনষ্টাছ অষ্ট্ৰেলিয়াৰ হৈ এই ফৰ্মেটত অভিষেক ঘটোৱা আটাইতকৈ কম বয়সীয়া খেলুৱৈ । কনষ্টাছ অষ্ট্ৰেলিয়াৰ আটাইতকৈ কম বয়সীয়া অ’পেনিং বেটছমেন আৰু টেষ্টৰ ইতিহাসত উছমান খোৱাজাৰ পিছতে অ’পেনিং পাৰ্টনাৰৰ মাজত বয়সৰ পাৰ্থক্য আটাইতকৈ বেছি ।

এম চি জি টেষ্টৰ বাবে অষ্ট্ৰেলিয়াৰ মূল একাদশ : উছমান খোৱাজা, ছেম কনষ্টাছ, মাৰ্নাছ লাবুশ্বেন, ষ্টিভ স্মিথ, ট্ৰেভিছ হেড, মিচেল মাৰ্ছ, এলেক্স কেৰী (উইকেটকীপাৰ), পেট কামিন্স (অধিনায়ক), মিচেল ষ্টাৰক, নাথান লায়ন, স্কট ব’লেণ্ড ।

এম চি জি টেষ্টৰ বাবে ভাৰতৰ মূল একাদশ : যশস্বী জয়ছোৱাল, ৰোহিত শৰ্মা (অধিনায়ক), কে এল ৰাহুল, বিৰাট কোহলী, ঋষভ পন্ট (উইকেটকীপাৰ), নীতিশ কুমাৰ ৰেড্ডী, ৰবীন্দ্ৰ জাডেজা, ৱাশ্বিংটন সুন্দৰ, আকাশ দীপ, যশপ্ৰীত বুমৰাহ আৰু মহম্মদ চিৰাজ ।

অশ্বিনৰ বিদায়ে পেলাব নেকি প্ৰভাৱ ?  এয়া হ’ব পাৰে বক্সিং ডে’ টেষ্টত ভাৰতৰ মূল একাদশ…

বৰ্তমান ভাৰতীয় দলটোৱে অষ্ট্ৰেলিয়া ভ্ৰমণত বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ অধীনত ৫খনীয়া মেচৰ টেষ্ট শৃংখলা খেলি আছে । প্ৰথমখন টেষ্টত জয়ী হোৱাৰ লগতে দ্বিতীয়খন টেষ্টত পৰাস্ত হৈছে ভাৰত । আনহাতে তৃতীয় টেষ্ট অমীমাংসিতভাৱে সমাপ্ত হয় । এইদৰে শৃংখলাটো বৰ্তমান ১-১ ব্যৱধানত সমতাত আছে ।

মেলবৰ্ণ ক্ৰিকেট খেলপথাৰত অনুষ্ঠিত হ’বলগীয়া শৃংখলাৰ চতুৰ্থখন মেট বক্সিং ডে’ টেষ্ট হ’ব । এই টেষ্টখন ২৬ ডিচেম্বৰৰ পৰা অনুষ্ঠিত হ’ব । ভাৰতীয় সময় অনুসৰি পুৱা ৫ বজাৰ পৰা আৰম্ভ হ’ব এই খেলখন । আনহাতে টছ ইয়াৰ আধা ঘণ্টা পূৰ্বে হ’ব ।

অশ্বিনৰ বিদায়ে প্ৰভাৱ পেলাব নেকি ?

গাব্বা টেষ্ট ড্ৰ’ হোৱাৰ পাছত ভাৰতীয় তাৰকা স্পীনাৰ ৰবিচন্দ্ৰন অশ্বিনে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা বিদায় লয় । কিন্তু ইয়াৰ ফলত মেলবৰ্ণ টেষ্টত বিশেষ প্ৰভাৱ পৰাৰ সম্ভাৱনা নাই । কাৰণ গাব্বা টেষ্টত ভাৰতৰ মূল একাদশত কেৱল স্পীনাৰ ৰবীন্দ্ৰ জাডেজাইহে খেলিছিল ।

এনে পৰিস্থিতিত যদি অধিনায়ক ৰোহিত শৰ্মাই মেলবৰ্ণ টেষ্টৰ বাবে মূল একাদশৰ পৰিৱৰ্তন কৰে, তেন্তে তেওঁৰ দ্বিতীয় বিকল্প হ’ব স্পীন অলৰাউণ্ডাৰ ৱাশ্বিংটন সুন্দৰ । যদি কোনো পৰিৱৰ্তন নহয়, তেন্তে জাডেজাই আকৌ নিজৰ যাদু দেখুৱাবলৈ সাজু হ’ব । এই সকলোবোৰ পৰিৱৰ্তন পিটচ ৰিপৰ্ট অনুসৰি শেষ মুহূৰ্তত কৰা হ’ব ।

মেলবৰ্ণৰ পিটচ ৰিপৰ্ট-

শেহতীয়াকৈ মেলবৰ্ণৰ পৰা পিটচ ৰিপৰ্ট প্ৰকাশ পাইছে, যাৰ ফলত ভাৰতীয় বলাৰসকলৰ উত্তেজনা বৃদ্ধি পাব পাৰে । এই পিটচখন গাব্বাৰ পৰা বহুত বেলেগ হ’ব । মেলবৰ্ণৰ খেলপথাৰত এতিয়াও সেউজীয়া ঘাঁহ আছে । মেচ খেলিবলৈ এতিয়াও তিনিদিন বাকী আছে । ইফালে খেলপথাৰত থকা ঘাঁহ কটা হ’ব ।

বতৰ পৰিষ্কাৰ আৰু উজ্জ্বল ৰ’দৰ বাবে ঘাঁহ অলপ শুকান হ’ব । এনে পৰিস্থিতিত খেলপথাৰত বিশেষ বাউন্স নহ’ব । অৱশ্যে চিম আৰু চুইং দেখা যাব পাৰে । এই ক্ষেত্ৰত ভাৰতীয় দলৰ বেগী বলাৰ যশপ্ৰীত বুমৰাহ, আকাশ দীপ আৰু মহম্মদ ছিৰাজে মেলবৰ্ণৰ খেলপথাৰত সঠিক লেংথ বিচাৰিব লাগিব । ইয়াৰ পৰা আমি অনুমান কৰিব পাৰো যে যদিহে খেলপথাৰখন শেষলৈকে একেই থাকে, তেন্তে এজন স্পীনাৰেহে খেলিব পাৰিব ।

মেলবৰ্ণত ভাৰত-অষ্ট্ৰেলিয়াৰ ৰেকৰ্ড-

মুঠ টেষ্ট মেচ: ১৪

ভাৰতৰ জয়লাভ: ৪

অষ্ট্ৰেলিয়াৰ জয়লাভ: ৮

ড্ৰ’: ২

টেষ্ট ছিৰিজত ভাৰত বনাম অষ্ট্ৰেলিয়া ৰেকৰ্ড-

মুঠ টেষ্ট ছিৰিজ: ২৮

ভাৰতৰ জয়লাভ: ১১

অষ্ট্ৰেলিয়াৰ জয়লাভ: ১২

ড্ৰ’: ৫

অষ্ট্ৰেলিয়াত ভাৰতৰ টেষ্ট শৃংখলাৰ অভিলেখ-

মুঠ টেষ্ট শৃংখলা: ১৩

ভাৰতৰ জয়লাভ: ২

অষ্ট্ৰেলিয়াৰ জয়লাভ: ৮

ড্ৰ’: ৩

মেলবৰ্ণ টেষ্টত ভাৰতৰ সম্ভাৱ্য মূল একাদশ-

ভাৰতীয় দল : যশস্বী জয়ছোৱাল, কে এল ৰাহুল, শুভমন গীল, বিৰাট কোহলী, ঋষভ পন্ট (উইকেটকীপাৰ), ৰোহিত শৰ্মা (অধিনায়ক), নীতিশ কুমাৰ ৰেড্ডী, ৰবীন্দ্ৰ জাডেজা / ৱাশ্বিংটন সুন্দৰ, আকাশ দীপ, যশপ্ৰীত বুমৰাহ আৰু মহম্মদ চিৰাজ ।

১-১ ব্যৱধানত সমতাত বৰ্ডাৰ-গাভাস্কাৰ ট্ৰ্ফী, গাব্বা টেষ্ট ড্ৰ’ৰ পিছত মেল’বৰ্ণলৈ ৰাওনা টিম ইণ্ডিয়া

বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফী ২০২৪-২৫ এতিয়া এক ৰোমাঞ্চকৰ পৰ্যায়ত উপনীত হৈছে । ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত চলি থকা পাঁচখনীয়া খেলৰ টেষ্ট শৃংখলাত তিনিখন টেষ্ট খেলা হৈছে । গাব্বা টেষ্ট ড্ৰ’ হোৱাৰ পাছত এতিয়া ১-১ ব্যৱধানত সমতাত আছে এই শৃংখলা । এতিয়া এই টেষ্ট ছিৰিজত আৰু দুখন মেচ বাকী আছে । মেল’বৰ্ণ ক্ৰিকেট খেলপথাৰত অনুষ্ঠিত হ’ব চতুৰ্থখন টেষ্ট মেচ । বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলত প্ৰৱেশৰ আশা জীয়াই ৰাখিবলৈ ভাৰতে এই টেষ্ট মেচত জয়লাভ কৰাটো গুৰুত্বপূৰ্ণ । যাৰ বাবে ভাৰতীয় দলটো মেলবৰ্ণলৈ ৰাওনা হৈছে ।

ব্রিছবেনৰ পৰা মেলবৰ্ণলৈ ৰাওনা টিম ইণ্ডিয়া-

১৯ ডিচেম্বৰত টিম ইণ্ডিয়াই নিজৰ হোটেলৰ পৰা বাছেৰে বিমানবন্দৰলৈ ৰাওনা হয় । য’ৰ পৰা ভাৰতীয় দলটো মেলবৰ্ণলৈ ৰাওনা হয় । ২৬ ডিচেম্বৰৰ পৰা ৩০ ডিচেম্বৰলৈ মেল’বৰ্ণ ক্ৰিকেট খেলপথাৰত অনুষ্ঠিত হ’ব ভাৰত আৰু অষ্ট্ৰেলিয়াৰ চতুৰ্থখন টেষ্ট মেচ ।

উল্লেখ্য যে মেল’বৰ্ণ ক্ৰিকেট খেলপথাৰক ক্ৰিকেটৰ ঐতিহাসিক খেলপথাৰ হিচাপে গণ্য কৰা হয় । এই পিটছে বেগী বলাৰসকলক প্ৰাৰম্ভিক সহায় কৰে যদিও সময়ৰ লগে লগে বেটছমেনসকলৰ বাবে অনুকূল হৈ পৰে । অৱশ্যে ইয়াত স্পীনাৰসকলৰ বাবে বিশেষ একো নাই ।

বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলৰ বাবে মেলবৰ্ণ টেষ্ট গুৰুত্বপূৰ্ণ-

গব্বা টেষ্টৰ ড্ৰ’ হোৱাৰ লগে লগে ভাৰতৰ স্থান বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ পইণ্ট টেবুলত অৱনমিত হৈছে । এতিয়া ভাৰতৰ WTC ফাইনেলত প্ৰৱেশৰ সম্ভাৱনা অতি কম । ভাৰতে এতিয়া আগন্তুক দুয়োখন টেষ্ট মেচতে জয়লাভ কৰিব লাগিব, তেতিয়াহে ফাইনেলৰ দৌৰত থাকিব পাৰিব ।

দুয়োখন মেচত জয়ী হোৱাঃ বাকী দুয়োখন মেচত যদি ভাৰতে জয়লাভ কৰে তেন্তে ১৩৮ পইণ্ট আৰু ৬০.৫২% পইণ্ট শতাংশৰে ফাইনেললৈ যোগ্যতা অৰ্জন কৰিব । ইয়াৰ ফলত অষ্ট্ৰেলিয়া চূড়ান্ত দৌৰৰ পৰা বাহিৰ হ’ব ।

এখনত জয় আৰু এখন ড্র: যদি ভাৰত এখন মেচত জয়ী হয় আৰু এখন ড্ৰ’ হয় তেন্তে পইণ্ট হ’ব ৫৭.০১% আৰু মুঠ পইণ্ট হ’ব ১৩০ । এনে পৰিস্থিতিত অষ্ট্ৰেলিয়াই শ্ৰীলংকাক ২-০ ব্যৱধানত পৰাস্ত কৰিব লাগিব ।

২-২ ব্যৱধানত ছিৰিজ ড্ৰ’  হ’লেঃ ২-২ ব্যৱধানত ছিৰিজ শেষ হ’লে ভাৰতে ১২৬ পইণ্ট আৰু ৫৫.২৬% পইণ্ট লাভ কৰিব । এনে পৰিস্থিতিত অষ্ট্ৰেলিয়াই শ্ৰীলংকাৰ বিৰুদ্ধে জয়লাভ কৰি ভাৰতক অতিক্ৰম কৰিব পাৰে ।