বলীউড অভিনেতা ছেইফ আলী খান দ্ৰুতগতিত সুস্থ হৈ আছে। তেওঁৰ ভগ্নী সোহা আলী খানে এইটো খবৰ দিছে। চুৰিৰ আঘাতবোৰ লাহে লাহে আৰোগ্য হৈ আছে। ছেইফৰ স্বাস্থ্য আগৰ তুলনাত বহুত ভাল হৈছে।
সোহাই দেওবাৰে এটা বিবৃতিত এই কথা কৈছিল।সোহাই কৈছিল যে, “ছেইফৰ চুৰিৰ আঘাত লাহে লাহে সুস্থ হৈ আছে। ভাই দ্ৰুতগতিত আৰোগ্য হৈ আছে।
সোহাই কৈছিল”আমি অত্যন্ত সুখী যে ছেইফ দ্ৰুতগতিত সুস্থ হৈ আছে।আমি ভাগ্যৱান আৰু কৃতজ্ঞ যে পৰিস্থিতি বেছি বেয়া হোৱা নাই।মোৰ ভাতৃৰ বাবে প্ৰাৰ্থনা কৰা আপোনালোক সকলোকে ধন্যবাদ”।
উল্লেখ্য যে ছেইফ আলী খানক ১৬ জানুৱাৰীত আক্ৰমণ কৰা হৈছিল। এজন বাংলাদেশী অনুপ্ৰৱেশকাৰীয়ে ঘৰত প্ৰৱেশ কৰি ছেইফক চুৰিৰে আক্ৰমণ কৰিছিল।ঘটনাত ছেইফৰ মেৰুদণ্ডত চুৰিখনৰ এটা টুকুৰাও লাগি আছিল।পিছত ৬ ঘণ্টাৰ অস্ত্ৰোপচাৰৰ পিছত, চিকিৎসকে আঁতৰাই দিছিল।
ছেইফৰ ঘৰ মুম্বাইৰ বান্দ্ৰাত অৱস্থিত, যি এতিয়া চেলিব্ৰেটীসকলৰ মতে এক সুৰক্ষিত স্থান নহয়।বহু তাৰকাই ছেইফৰ বাসগৃহৰ সুৰক্ষা সম্পৰ্কে প্ৰশ্ন উত্থাপন কৰিছে।
ছেইফক আক্ৰমণ কৰাৰ ধৰণ দেখি সকলোৱে এতিয়া ভয় খাইছে। চিকিৎসকসকলে চৈফক ২০ দিনৰ বাবে বিশ্ৰাম ল’বলৈ পৰামৰ্শ দিছে। চিকিৎসকে কৈছে যে তেওঁ শ্বুটিং পুনৰ আৰম্ভ কৰিব পাৰে, কিন্তু প্ৰথমে তেওঁ যথেষ্ট বিশ্ৰাম ল’ব লাগিব।