নিৰ্বাচন আয়োগৰ শেহতীয়া তথ্য অনুসৰি ভোটাৰ হিচাপে নাম পঞ্জীয়ন কৰাত প্ৰৱাসী ভাৰতীয়সকলে যথেষ্ট উৎসাহ দেখুৱাইছিল যদিও ভোটাধিকাৰ প্ৰয়োগ কৰাৰ ক্ষেত্ৰত তেওঁলোকৰ উৎসাহ যথেষ্ঠ হ্ৰাস পাইছিল । আয়োগে প্ৰকাশ কৰা তথ্য অনুসৰি প্ৰায় ১.২ লাখ প্ৰৱাসী ভাৰতীয়ই ভোটাৰ তালিকাত তেওঁলোকৰ নাম পঞ্জীয়ন কৰিছিল, কিন্তু এই বছৰৰ লোকসভা নিৰ্বাচনত খুব কম সংখ্যকেই ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ দেশলৈ আহিছিল ।
পৰিসংখ্যাই কি কয়-
তথ্য অনুসৰি ২০২৪ চনত ১,১৯,৩৭৪ জন লোকে প্ৰৱাসী ভোটাৰ হিচাপে পঞ্জীয়ন কৰিছিল, ইয়াৰে কেৰালাত সৰ্বাধিক ৮৯,৮৩৯ জন লোকে পঞ্জীয়ন কৰিছিল । কিন্তু ২০১৯ বৰ্ষত কেৰালাত প্ৰৱাসী ভোটাৰ হিচাপে ৯৯,৮৪৪ জন লোকৰ নাম পঞ্জীয়ন হৈছিল । নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি এইবাৰৰ লোকসভা নিৰ্বাচনত ভাৰতলৈ আহিছিল মাত্ৰ ২,৯৫৮ জন প্ৰৱাসী ভোটাৰ । ইয়াৰে কেৱল কেৰালাৰ পৰা আছিল ২৬৭০ জন ভোটাৰ । কৰ্ণাটক, উত্তৰ প্ৰদেশ, তামিলনাডুৰ দৰে বহু বৃহৎ ৰাজ্যত প্ৰৱাসী ভোটাৰে একেবাৰে ভোটদান কৰা নাছিল । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ গৃহ ৰাজ্য গুজৰাটত লোকসভা নিৰ্বাচনত ভোটদান কৰিবলৈ আহিছিল ৮৮৫ জন প্ৰৱাসী ভোটাৰ । মহাৰাষ্ট্ৰতো একেধৰণৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল, য’ত ৫০৯৭ জন প্ৰবাসী ভোটাৰৰ ভিতৰত মাত্ৰ ১৭ জনে ভোটদান কৰিছিল ।
বৰ্তমানৰ নিৰ্বাচনী আইন অনুসৰি প্ৰৱাসী পঞ্জীয়নভুক্ত ভোটাৰসকলে নিজৰ নিজৰ লোকসভা আৰু বিধানসভা সমষ্টিলৈ আহি ভোটদান কৰিব লাগে । নিজৰ পৰিচয়ৰ প্ৰমাণ হিচাপে তেওঁলোকৰ মূল পাছপ’ৰ্ট দেখুৱাব লাগে । তথ্য অনুসৰি অন্ধ্ৰ প্ৰদেশত পঞ্জীয়নভুক্ত প্ৰৱাসী ভোটাৰ আছিল ৭,৯২৭, কিন্তু ভোট দিবলৈ মাত্ৰ ১৯৫ জনহে উপস্থিত হৈছিল । অসমত পঞ্জীয়নভুক্ত ১৯ জন ভোটাৰৰ কোনো এজনেও ভোটদান কৰা নাছিল । বিহাৰতো একেধৰণৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল, য’ত ৮৯জন পঞ্জীয়নভুক্ত প্ৰবাসী ভাৰতীয় ভোটাৰ আছে । গোৱাতো একেধৰণৰ দৃশ্যপট দেখা গ’ল, য’ত ৮৪ জন ভোটাৰৰ কোনো এজনেও ভোটদান কৰা নাছিল ।
বৰ্তমান ডাকযোগে ভোটদানৰ কোনো সুবিধা নাই-
২০১৮ চনৰ আগষ্ট মাহত ১৬ সংখ্যক লোকসভাত প্ৰৱাসী যোগ্য ভাৰতীয়ক প্ৰক্সি ভোটিং অধিকাৰ প্ৰদানৰ বিধেয়ক গৃহীত হয় । কিন্তু এই বিধেয়কখন ৰাজ্যসভাত উত্থাপন কৰিব পৰা নগ’ল । ২০২০ চনত নিৰ্বাচন আয়োগে কেন্দ্ৰীয় আইন মন্ত্ৰালয়ক ইলেক্ট্ৰনিকলি ট্ৰেন্সমিটেড ডাক বেলট চিষ্টেমৰ প্ৰস্তাৱ দিছিল । বৰ্তমান সেৱা আগবঢ়োৱা ভোটাৰেহে ইয়াক ব্যৱহাৰ কৰিব পাৰিব । প্ৰৱাসী ভোটাৰসকলে এই সুবিধা লাভ কৰিবলৈ অনুমতি দিবলৈ নিৰ্বাচনী নিয়মত পৰিৱৰ্তনৰ প্ৰয়োজন হ’ব যদিও চৰকাৰে এই বিষয়ত এতিয়াও কোনো সিদ্ধান্ত লোৱা নাই ।
এইবোৰৰ বাবেই প্ৰৱাসী ভোটাৰৰ উৎসাহ কম-
নিৰ্বাচন আয়োগে কয় যে ডাক বেলটৰ জৰিয়তে ভোটদানৰ সুবিধা প্ৰদানৰ বাবে প্ৰবাসী ভাৰতীয়ৰ পৰা তেওঁলোকে কেইবাটাও অনুৰোধ লাভ কৰিছে । নিৰ্বাচন আয়োগে কয় যে ভ্ৰমণৰ খৰচ, বহিঃৰাষ্ট্ৰত কৰ্মসংস্থাপনৰ বাধ্যবাধকতা আৰু শিক্ষা আদি কাৰণত ভোটাৰসকলে ব্যক্তিগতভাৱে ভোটদান কৰিবলৈ ভাৰতলৈ আহিব নোৱাৰাটো প্ৰকাশ কৰিছে ।