লেবাননৰ ৰাজধানী বেৰুতৰ এটা আৱাসিক ভৱনত পুনৰ বিমান আক্ৰমণ ইজৰাইলৰ। এই বিমান আক্ৰমণত কমেও ২০ জন লোক নিহত হোৱাৰ লগতে ৬৬ জন আহত হৈছে।
লেবাননৰ স্বাস্থ্য মন্ত্ৰালয়ে এই তথ্য প্ৰদান কৰিছে। মন্ত্ৰালয়ে দিয়া তথ্য অনুসৰি বিমান আক্ৰমণটোত বাস্তা ফাভকাৰ এটা আঠ মহলীয়া অট্টালিকাক লক্ষ্য কৰি লৈছিল।
আক্ৰমণটোত অট্টালিকাটো ধ্বংস হোৱাৰ লগতে ওচৰৰ অট্টালিকাবোৰো ক্ষতিগ্ৰস্ত হয়। অসামৰিক সুৰক্ষা দলে এতিয়াও ভুক্তভোগীসকলৰ সন্ধানত উদ্ধাৰ অভিযান চলাই আছে।এই বিমান আক্ৰমণৰ লক্ষ্য আছিল এজন জ্যেষ্ঠ হিজবুল্লাহ বিষয়া।
এক বিবৃতিত হিজবুল্লাহৰ আমিন শ্বেৰীয়ে কৈছিল: “বেইৰুটৰ লক্ষ্য কৰি লোৱা ভৱনটো কোনো দলীয় ব্যক্তি উপস্থিত নাছিল”। এইপৰ্যন্ত ৩৫০০ৰো অধিক লোকৰ মৃত্যু। ধ্বংসস্তূপত পৰিণত কেইবাটাও অট্টালিকা। বিমান আক্ৰমণত ধ্বংস হৈছে কেইবাখনো বাহন।