ইজৰাইলে ৮ অক্টোবৰৰ পৰা লেবাননত নিৰন্তৰ আক্ৰমণ কৰি আহিছে। ইফালে, আইডিএফে উত্তৰ-পূব লেবাননৰ জৰুৰীকালীন সঁহাৰি কেন্দ্ৰত এক ভয়ংকৰ বিমান আক্ৰমণ চলাইছিল।
এই আক্ৰমণত কমেও ১৫ জন উদ্ধাৰকাৰীৰ মৃত্যু হৈছে। আনহাতে ৫০ জনৰো অধিক লোক আহত হৈছে। এইটো লেবাননৰ জৰুৰীকালীন কৰ্মচাৰীসকলক লক্ষ্য কৰি কৰা আটাইতকৈ ভয়ংকৰ আক্ৰমণবোৰৰ ভিতৰত এটা আছিল।
বালবেক চহৰৰ ওচৰৰ ডৰিছত হোৱা আক্ৰমণত লেবানন চৰকাৰৰ সৈতে জড়িত আৰু ইৰাণ পন্থী গোট হিজবুল্লাহৰ সৈতে কোনো সম্পৰ্ক নথকা অসামৰিক সুৰক্ষা সংস্থাৰ ভৱন ধ্বংস হয়।
লেবাননৰ স্থানীয় গভৰ্ণৰ বছিৰ খোদেৰে কৈছিল যে চহৰখনৰ অসামৰিক সুৰক্ষা প্ৰধান বিলাল ৰাদ ভুক্তভোগী সকলৰ ভিতৰত আছিল।
ইজৰাইলী সামৰিক বাহিনীয়ে এতিয়ালৈকে এই আক্ৰমণ সন্দৰ্ভত কোনো মন্তব্য কৰা নাই, কিন্তু লেবাননৰ স্বাস্থ্য মন্ত্ৰালয়ে ইয়াক “বৰ্বৰ” বুলি অভিহিত কৰিছে।
লেবাননৰ স্বাস্থ্য মন্ত্ৰালয়ে জনোৱা অনুসৰি ছেপ্টেম্বৰত হিজবুল্লাহৰ সৈতে সংঘৰ্ষ বৃদ্ধি পোৱাৰ পিছত সমগ্ৰ দেশতে ইজৰাইলৰ বিমান আক্ৰমণত কমেও ১৯২ জন জৰুৰীকালীন আৰু স্বাস্থ্য কৰ্মী নিহত হৈছে।