আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত চলি থকা যুদ্ধৰ বিষয়ে এটা ডাঙৰ কথা কৈছে।
ট্ৰাম্পে কৈছিল যে তেওঁ আশা কৰিছিল যে ৰাছিয়াই ইউক্ৰেইনৰ সৈতে ৩০ দিনৰ যুদ্ধবিৰতিৰ বাবে সন্মত হ’ব। ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোডিমিৰ জেলেনস্কিয়েও ইয়াক এক ইতিবাচক পদক্ষেপ হিচাপে বৰ্ণনা কৰিছে।
জেলেনস্কিয়ে কৈছিল যে মস্কোৱে এইটো কেনেদৰে মানি ল’ৱ সেইটো আমেৰিকা যুক্তৰাষ্ট্ৰৰ ওপৰত নিৰ্ভৰ কৰে।
আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ইউক্ৰেইনৰ জ্যেষ্ঠ বিষয়াসকলে মঙলবাৰে চৌদি আৰৱৰ জেদ্দাত আলোচনা কৰে। আলোচনাৰ সময়ত ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত তিনি বছৰৰো অধিক সময় ধৰি চলি থকা যুদ্ধৰ সমাপ্তিৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছিল।
য’ত ৩০দিনৰ যুদ্ধবিৰতি গ্ৰহণ কৰাৰ সংকেত দিয়া হৈছিল। জেদ্দাত ঘোষণাৰ কিছু সময়ৰ পিছতে ট্ৰাম্পে কয়, “কিছু সময় আগতে ইউক্ৰেনে যুদ্ধবিৰতিৰ বাবে সন্মতি প্ৰকাশ কৰিছিল।
এতিয়া আমি ৰাছিয়াৰ কাষ চাপিবলৈ গৈ আছো আৰু আশা কৰোঁ যে ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনেও ইয়াত সন্মত হ’ব।”
ট্ৰাম্পে এটা ভিডিঅ’ত কয় যে, “যদি আমি ৰাছিয়াক সৈমান কৰিব পাৰোঁ, তেন্তে সেয়া আশ্চৰ্যজনক হ’ব।”যদি আমি তেনে কৰিবলৈ অক্ষম হওঁ, আমি এই ক্ষেত্ৰত প্ৰচেষ্টা অব্যাহত ৰাখিম কিয়নো যুদ্ধত মানুহ নিহত হৈছে।
ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কিয়ে কৈছিল যে “আমেৰিকাৰ পক্ষই তেওঁৰ দেশৰ যুক্তি বুজি পায় আৰু তেওঁলোকৰ প্ৰস্তাৱবোৰ বিবেচনা কৰে।
তেওঁ লগতে কয় যে তেওঁ “দুয়োখন দেশৰ দলৰ মাজত সৃষ্টিশীল আলোচনাৰ বাবে ৰাষ্ট্ৰপতি ট্ৰাম্পৰ ওচৰত কৃতজ্ঞ।”