ভূমিকম্প প্ৰভাৱিত ম্যানমাৰক সহায় কৰিবলৈ আগবাঢ়ি আহিছে ভাৰত । সাহায্য আৰু উদ্ধাৰ অভিযানৰ বাবে ভাৰতে ম্যানমাৰলৈ প্ৰেৰণ কৰিছে ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনীৰ ৮০ জনীয়া এটা দল । ইয়াৰ ভিতৰত স্নিফাৰ কুকুৰো অন্তৰ্ভুক্ত আছে । শনিবাৰে এই সন্দৰ্ভত তথ্য দি বিষয়াসকলে কয় যে ‘অপাৰেচন ব্ৰহ্ম’ৰ অধীনত এই পদক্ষেপ গ্ৰহণ কৰা হৈছে । ইয়াৰ পূৰ্বে ভাৰতে ২০১৫ চনৰ নেপালৰ ভূমিকম্প আৰু ২০২৩ চনৰ তুৰস্কৰ ভূমিকম্পকে ধৰি দুবাৰকৈ বিদেশত এন ডি আৰ এফ মোতায়েন কৰিছে ।
আজি সন্ধিয়াৰ ভিতৰত ম্যানমাৰত উপস্থিত হ’ব উদ্ধাৰকাৰী দল-
ম্যানমাৰত সাহায্য প্ৰদানৰ বাবে ভূমিকম্পৰ পৰা উদ্ধাৰকাৰী সঁজুলি যেনে শক্তিশালী কংক্ৰিট কাটাৰ, ড্ৰিল মেচিন, হাতুৰী আদিৰে এন ডি আৰ এফৰ জোৱানক নিয়োগ কৰা হৈছে । সংবাদ সংস্থাৰ উদ্ধৃতিৰে এজন বিষয়াৰ উদ্ধৃতিৰে কোৱা হৈছে যে, ‘গাজিয়াবাদৰ হিন্দনৰ পৰা বায়ু সেনাৰ দুখন বিমানেৰে ৮০ জনীয়া এন ডি আৰ এফৰ এটা দল ম্যানমাৰলৈ প্ৰেৰণ কৰা হৈছে । শনিবাৰে সন্ধিয়াৰ ভিতৰত দলটো ম্যানমাৰত উপস্থিত হোৱাৰ সম্ভাৱনা আছে ।
জানিব পৰা মতে গাজিয়াবাদস্থিত ৮ নং এন ডি আৰ এফ বেটেলিয়নৰ কমাণ্ডেণ্ট পি কে তিৱাৰীয়ে আৰ্বান চাৰ্চ এণ্ড ৰেচকিউ (ইউ এছ এ আৰ) দলটোৰ নেতৃত্ব দিব । তেওঁ কয় যে এন ডি আৰ এফৰ দলটোৱে ম্যানমাৰত ভাঙি পৰা গাঁথনিৰ অনুসন্ধান আৰু উদ্ধাৰ অভিযান আন্তঃৰাষ্ট্ৰীয় অনুসন্ধান আৰু উদ্ধাৰ উপদেষ্টা গোট (INSARAG)ৰ নীতি অনুসৰি চলাব । ইয়াৰ বাবে তেওঁলোকে লগত উদ্ধাৰকাৰী কুকুৰো লৈ গৈছে ।
ইয়াৰ পূৰ্বে ভাৰতে ১৫ টন সাহায্য সামগ্ৰী প্ৰেৰণ কৰিছিল-
ইয়াৰ পূৰ্বে শনিবাৰে ভাৰতে ভাৰতীয় বায়ুসেনাৰ চি ১৩০ জে সামৰিক পৰিবহণ বিমানেৰে প্ৰায় ১৫ টন সাহায্য সামগ্ৰী ম্যানমাৰৰ ইয়াংগন চহৰলৈ প্ৰেৰণ কৰিছিল । ইয়াৰ পূৰ্বে শুকুৰবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই ভয়াৱহ ভূমিকম্পক লৈ উদ্বেগ প্ৰকাশ কৰে । তেওঁ কয় যে ম্যানমাৰ আৰু থাইলেণ্ডক সম্ভৱপৰ সকলো সাহায্য আগবঢ়াবলৈ ভাৰত সাজু ।
ম্যানমাৰ-থাইলেণ্ডত ভূমিকম্পৰ ব্যাপক ধ্বংসলীলা-
উল্লেখ্য যে শুকুৰবাৰে ম্যানমাৰ আৰু থাইলেণ্ডত হোৱা ভূমিকম্পই ব্যাপক ধ্বংসলীলাৰ সৃষ্টি কৰে । প্ৰবল ভূমিকম্পৰ ফলত অট্টালিকা, দলং আৰু অন্যান্য গঠন ধ্বংস হয় । কেৱল ম্যানমাৰত কমেও ১০০২ জন লোকৰ মৃত্যু হোৱাৰ খবৰ পোৱা গৈছে, আৰু শ শ লোক সন্ধানহীন হৈছে । একে সময়তে এই ভূমিকম্পত এতিয়ালৈকে ১৫০০ৰো অধিক লোক আহত হৈছে ।