৫ ডিচেম্বৰ এটা অতি বিশেষ দিন হ’বলৈ গৈ আছে । এই দিনটোতে আল্লু অৰ্জুন অভিনীত ‘পুষ্পা ২’ মুক্তিৰ বাবে সাজু হৈছে । ছবিখনৰ আগতীয়া বুকিঙো মুক্তিৰ ৫ দিন পূৰ্বে খোলা হৈছে । অনুৰাগীসকলৰ মাজত এই ছবিখনক লৈ ইমান উন্মাদনা আছে যে ইয়াক পূৰ্বে আন কোনো চলচ্চিত্ৰৰ বাবে কোনোৱে দেখা পোৱা নাছিল ।
এডভান্স বুকিঙে অতিক্ৰম কৰিলে ১০০ কোটি টকা-
আল্লু অৰ্জুনৰ ছবিখন ৫টা ভাষাত মুক্তি লাভ কৰিব । অৱশ্যে ছবিখনৰ থ্ৰীডি সংস্কৰণ ৫ ডিচেম্বৰত মুক্তি নাপায় । ইয়াৰ পিছতো ‘পুষ্পা ২’এ কেৱল এডভান্স বুকিংৰ পৰাই ১০০ কোটি টকা উপাৰ্জন কৰিছে, যিটো এক ডাঙৰ অভিলেখ। অভিনেতা আল্লু অৰ্জুনে অনুৰাগীসকলক আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰিছে ।
ছচিয়েল মিডিয়াত এটা পোষ্ট শ্বেয়াৰ কৰিছে আল্লু অৰ্জুনে । য’ত তেওঁ কৈছে যে এতিয়ালৈকে বিশ্বজুৰি ‘পুষ্পা ২’ৰ এডভান্স বুকিং ১০০ কোটি টকা হৈছে আৰু এই সংখ্যা ধাৰাবাহিকভাৱে বৃদ্ধি পাইছে । মুক্তিৰ পূৰ্বে অভিলেখ ভংগ কৰা এইখন আটাইতকৈ ডাঙৰ ছবি ।
মিড উইক ৰিলিজিং ছবি-
উল্লেখ্য যে আল্লু অৰ্জুনৰ এই ছবিখন সপ্তাহৰ মাজভাগত মুক্তি পাব । ‘পুষ্পা ২’ৰ উন্মাদনা অনুৰাগীৰ মাজত ইমানেই দেখা গৈছে যে ছবিগৃহবোৰ প্ৰায় প্ৰি-বুকিং হৈ আছে । যিকোনো শ্ব’ৰ টিকট পোৱাটো কঠিন যেন অনুভৱ হৈছে ।
অন্ধ্ৰ প্ৰদেশ চৰকাৰে ‘পুষ্পা ২’ৰ টিকটৰ মূল্য বৃদ্ধিৰ অনুমতি প্ৰদান কৰিছে । ‘পুষ্পা ২’ৰ টিকটৰ মূল্য বৃদ্ধিৰ অনুমতি দিয়াৰ বাবে অন্ধ্ৰ প্ৰদেশ চৰকাৰক ধন্যবাদ জনায় আল্লু অৰ্জুনে । ৪ ডিচেম্বৰৰ পৰা নিশা ৯:৩০ বজাৰ পৰা আৰম্ভ হ’ব । এই প্ৰিমিয়াৰ শ্ব’সমূহৰ বাবে একক পৰ্দা আৰু মাল্টিপ্লেক্স দুয়োটাতে চিনেমাৰ টিকটৰ মূল্য ৯৪৪ টকা (জি এছ টিকে ধৰি) নিৰ্ধাৰণ কৰা হৈছে ।
তেলেংগানাত আল্লু অৰ্জুনৰ ছবিখনৰ প্ৰিমিয়াৰ শ্ব’ (বুধবাৰ)ৰ টিকটৰ মূল্য ১২০০ টকা আৰু একক পৰ্দাৰ বাবে ৩৫৪ টকা আৰু মাল্টিপ্লেক্সৰ মূল্য ৫৩১ টকালৈ বৃদ্ধি কৰাৰ অনুমতি দিয়া হৈছে ।